Logo
image

ইন্দ্ৰাণী মুখাৰ্জীৰ নতুন দাবী : শ্বীনা বৰঝাৰত

আমাৰ অসম, ৮ জানুৱাৰী: ২০১২ চনৰ ২৪ এপ্ৰিলত নিজহাতে হত্যা কৰা কন্যা শ্বীনা বৰাক গুৱাহাটী বিমান বন্দৰত দেখিবলৈ পোৱা বুলি দাবী কৰিছে সম্প্ৰতি জামিনত মুক্ত হৈ থকা কন্যা হত্যাত অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীয়ে৷ যোৱা বৃহস্পতিবাৰে বিয়লি ৫-৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত শ্বীনা বৰা বা শ্বীনাৰ সৈতে সাদৃশ্য থকা অবিকল এগৰাকী যুৱতীক দেখিবলৈ পোৱা বুলি ইন্দ্ৰানী মুখাৰ্জীয়ে দাবী কৰিছে৷ কেৱল দাবীতে ক্ষান্ত নাথাকি ইন্দ্ৰানীয়ে সেই সময়ৰ গুৱাহাটী বিমান বন্দৰৰ চি চি টিভি ফুটেজ বিচাৰি আদালতত আবেদন জনাইছে৷ ইন্দ্ৰানী মুখাৰ্জীৰ অধিবক্তা ৰঞ্জিত চাংগলেই আদালতত আবেদন দাখিল কৰি কয় যে শ্বীনা বৰা হত্যাৰ গোচৰৰ তদন্ত কৰি থকা চিবিআইৰ জৰিয়তে গুৱাহাটীৰ বিমান বন্দৰৰ সেই নিৰ্দিষ্ট সময়ৰ চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিব লাগে৷ 
তদুপৰি সেইদিনাৰ গুৱাহাটীলৈ অহা যোৱা কৰা সকলো বিমানৰ যাত্ৰীৰ তালিকাও চিবিআইক সংগ্ৰহ কৰিবলৈ আদালতে নিৰ্দেশ দিব লাগে৷ আদালতে এই আবেদনৰ কোনো প্ৰত্যুত্তৰ এতিয়ালৈকে দিয়া নাই৷ হত্যাত অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ এনে দাবী এয়াই প্ৰথম নহয়৷ ২০২১ চনৰ ডিচেম্বৰত তেওঁ শ্বীনা বৰা জীয়াই থকা বুলি দাবী কৰিছিল৷ ইন্দ্ৰানীয়ে কৈছিল– শ্বীনা বৰাক কাশ্মীৰত এগৰাকী মহিলা আৰক্ষী বিষয়াই দেখিবলৈ পাইছে৷ অৱশ্যে সেই দাবী পাছত মিছাত পৰিণত হয়৷ 
উল্লেখ্য ইন্দ্ৰানী মুখাৰ্জীয়ে তেওঁৰ প্ৰথম পক্ষৰ স্বামীৰ কন্যা শ্বীনা বৰাক তেওঁ দ্বিতীয় স্বামী সঞ্জীৱ খান্না আৰু গাড়ীৰ চালক শ্যামবৰ ৰায়ৰ সহযোগত ২০১২ চনৰ ২৪ এপ্ৰিলত হত্যা কৰা বুলি মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ অৱশ্যে হত্যাৰ পাছতে স্বামী, মিডিয়া বেৰণ পিটাৰ মুখাৰ্জীৰ সৈতে ইন্দ্ৰানী মুখাৰ্জীয়ে দীৰ্ঘদিন  লণ্ডনক আশ্ৰয় লৈ আছিল৷ এসময়ৰ ষ্টাৰ টিভিৰ শীৰ্ষ কৰ্মকৰ্তা আৰু আইএনএক্স মিডিয়াৰ মালিক পিটাৰ মুখাৰ্জী ব্ৰিটিছ নাগৰিক৷ সেই সূত্ৰে দীৰ্ঘদিন লণ্ডনত থকাৰ পাছত দেশলৈ উভতি আহোতেই মুম্বাই আৰক্ষীয়ে ২০১৬ চনত ইন্দ্ৰানী মুখাৰ্জীক কন্যা শ্বীনা বৰাৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শ্বীনা বৰাই ব্লেকমেইল কৰি মাতৃৰ পৰা ধন আৰু সম্পত্তি সৰকাই আছিল৷ সেয়ে তেওঁ কন্যা শ্বীনা বৰাক হত্যাৰ সিদ্ধান্ত লৈছিল আৰু দ্বিতীয় স্বামী তথা গাড়ীচালকৰ সহযোগত কন্যাক হত্যা কৰিছিল৷ এই পৰ্যন্ত ইন্দ্ৰানী মুখাৰ্জীয়ে সেই অভিযোগ অস্বীকাৰ কৰি আহিছে৷ পিছে আৰক্ষীয়ে আৰু পাছত তদন্ত কৰা চিবিআয়ে শ্বীনা বৰাৰ দেহৰ অৱশিষ্টৰ সৈতে মাতৃ তথা পিতৃৰ ডিএনএ মিলাই ৰায়গড়ত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহ শ্বীনা বৰাৰ বুলি প্ৰমাণ লাভ কৰিছে৷ দীৰ্ঘ পাঁচবছৰ কাৰাগাৰত থকাৰ পাছত সম্প্ৰতি ইন্দ্ৰানী মুখাৰ্জী জামিনত মুকলি হৈ আছে৷