Logo
image

অবৈধ অস্ত্ৰ! প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ

আমাৰ অসম, ৮ জানুৱাৰী:  এখন অস্ত্ৰমুক্ত বিটিআৰৰ সপোন দেখা প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰৰ শাসনকালতো দেখা গৈছে পুনৰ অবৈধ অস্ত্ৰৰ ঝনঝননি৷ এইবাৰ খোদ জনপ্ৰতিনিধিৰ বাসগৃহৰ পৰাই উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ৷ অবৈধ অস্ত্ৰ মজুত ৰখাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিপিএফ দলৰ চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা দলটোৰ মুছলপুৰ জিলা সমিতিৰ সভাপতি হিতেশ বসুমতাৰীক৷ শনিবাৰে পুৱতি নিশা বাকসা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু উপ আৰক্ষী অধীক্ষক শেখৰজ্যোতি ৰায়ৰ নেতৃত্বত যোৱা বাকসা আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই মুছলপুৰৰ বেলগুৰিস্থ নিজ বাসগৃহৰ পৰা অবৈধ অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে বিপিএফ নেতা তথা প্ৰাক্তন বিধায়কজনক৷ অভিযান কালত আৰক্ষীয়ে প্ৰাক্তন বিধায়কজনৰ বাসগৃহৰ পৰা লুকাই থোৱা অৱস্থাত এটা একে-৪৭, এটা এম-১৬ ৰাইফলৰ লগতে ৯৬ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে বাকসা আৰক্ষীয়ে হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পুৱতি নিশা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে আহি তেওঁক কোকৰাঝাৰলৈ লৈ যায়৷ বৰ্তমান তেওঁক কোকৰাঝাৰ সদৰ থানাতেই ৰাখি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ কিন্তু কি কাৰণত ইমান বুজন পৰিমাণৰ অস্ত্ৰ বিপিএফ নেতাজনে ঘৰত মজুত কৰি ৰাখিছিল সেই লৈ এতিয়া সমগ্ৰ বিটিআৰতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ 
উল্লেখযোগ্য যে বিটিচি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ প্ৰথম দুটা কাৰ্যকালৰ কাৰ্যবাহী সদস্য হিতেশ বসুমতাৰীয়ে ২০১১ চনত বিপিএফ দলৰ পৰা চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ পৰৱৰ্তী সময়ত বসুমতাৰীয়ে ২০১৬ চনত পিচিডিআৰত যোগদান কৰে৷ ইয়াৰ পিচত তেওঁ  বিজেপিত যোগদান কৰাৰ পিচত পুনৰ বিপিএফ দললৈ উভতি যায়৷ বিগত বিধানসভা নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিছিল৷ শেহতীয়াভাৱে মুছলপুৰ জিলা বিপিএফ দলৰ সভাপতিৰ দায়িত্বত আছিল হিতেশ বসুমতাৰী৷ ইয়াৰ পূৰ্বে ২০১৭ চনত এক মাৰপিটৰ গোচৰতো বসুমতাৰীক মুছলপুৰ আৰক্ষীয়ে আটক কৰিছিল৷ ইপিনে, হিতেশ বসুমতাৰীৰ গ্ৰেপ্তাৰৰ পিছতেই শনিবাৰে দুপৰীয়া এক সভাত অংশগ্ৰহণৰ উদ্দেশ্যে বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱে মুছলপুৰলৈ আহি হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰৰ বিষয়টো সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে আৰু পৰবৰ্তী সময়ত তেওঁ বুজি লোৱাৰ পিছত এই লৈ মন্তব্য কৰিব বুলি কয়৷ অবৈধ অস্ত্ৰ যদি সঁচাকৈয়ে উদ্ধাৰ হৈছে তেনেহ’লে আইনে নিজৰ পথ ল’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কৰে বড়োৱে৷  আনহাতে, হিতেশ বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰে বিপিএফৰ মুছলপুৰ জিলা সমিতিয়ে৷ দলৰ কেন্দ্ৰীয় কৰ্ণ নিৰ্ধাৰণ সমিতিৰ সদস্য নীৰেন চৈনাৰী আৰু দলৰ মুছলপুৰ জিলা সমিতিৰ সম্পাদক সোণাৰাম দৈমাৰীয়ে সংবাদমেল আয়োজন কৰি কয় যে চাপাগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক বিটিচি প্ৰশাসনে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে৷ বিপিএফৰ বৈৰী দল ইউপিপিএল দলে শাসনত থাকি প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে৷ তেওঁৰ সৈতে অবৈধ অস্ত্ৰ থকাটো সম্পূৰ্ণ মিছা কথা৷ এই গ্ৰেপ্তাৰ কাৰ্যক মুছলপুৰ জিলা বিপিএফ দলে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ বিপিএফ দলক ৰাজনৈতিকভাবে ধবংস কৰাৰ ষড়যন্ত্ৰ কৰা বুলি দাবী কৰি যদিহে তেওঁক শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি নিদিয়ে তেন্তে বিপিএফ দলে গণতান্ত্ৰিকভাবে আন্দোলন কৰিব বুলি প্ৰকাশ কৰে৷ এই গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনাই আজি মুছলপুৰ জিলা বিপিএফ দলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে৷