Logo
image

অসুস্থ শিল্পী পংকজ শৰ্মাক সহায়ৰ প্ৰয়োজন

আমাৰ অসম, ৮ জানুৱাৰী: গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিশিষ্ট সন্তুৰ বাদক পংকজ শৰ্মা৷ সন্তুৰ বাদনেৰে ৰাজ্যৰ সাংস্কৃতিক জগতত বিশেষ অৱদান আগবঢ়োৱা শিল্পীগৰাকীয়ে এতিয়া চৰম আৰ্থিক সংকটত ভুগি আছে৷ তেওঁ মধুমেহ আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ তেওঁক ৩ জানুৱাৰীত গুৱাহাটীৰ দিছপুৰ হাস্পতালত সন্ধিয়া ৭ বজাত উচ্চৰক্তচাপ আৰু মধুমেহ ৰোগৰ বাবে ভৰ্তি কৰোৱা হয়৷ তাৰপাচত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়৷ সম্প্ৰতি তেওঁ ভেণ্টিলেচনত আছে৷  
বিশিষ্ট সন্তুৰ বাদকজনক আৰ্থিকভাৱে সহায়ৰ আগবঢ়াবলৈ পংকজ শৰ্মা, একাউণ্ট নম্বৰ-৩৯০৭৪৫৩৭৬৯৮ আৰু আই এফ এছ চি নম্বৰ এছ বি আই এন ০০০৭০০৬ ত আৰ্থিক সহায় আগবঢ়াব পাৰিব৷ উল্লেখ্য, পংকজ শৰ্মা সন্তুৰ বাদকৰ লগতে সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালকো৷ ১৯৯১ ৰ এপ্ৰিল মাহৰ পৰা বিশ্ববিশ্ৰুত সন্তুৰ বাদক পদ্মবিভূষণ পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ অধীনত গুৰু শিষ্য পৰম্পৰাৰ পদ্ধতিৰে শিষ্যত্ব গ্ৰহণ কৰি মুম্বাইত একেৰাহে ৫ বছৰ কাল তালিম লোৱাৰ অন্তত অসমলৈ আহি নিজ সাধনা অব্যাহত ৰাখে৷ ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক পৰিক্ৰমাত ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ লগতে বিশ্ববিশ্ৰুত শিল্পী যেনে ওস্তাদ গোলাম মোস্তাফা খাঁ, বাণী জয়ৰাম, অনুপ জলোটা, পণ্ডিত শিৱ কুমাৰ শৰ্মা আদিৰ লগত সংগত কৰে৷ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ সন্তুৰ বাদক, সংগীত সংৰচক, ভজন গায়ক আদি শিতানত স্বীকৃতিপ্ৰাপ্ত শিল্পীৰ উপৰিও সংগীত নাটক একাডেমী, চি চি আৰ টি, এন ই জেদ চি চি আদি সৰ্বভাৰতীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ তেওঁ এন ই এফ এছ ই ডি দ্বাৰা ‘সংগীত প্ৰভা’ বঁটা লাভ কৰে৷ ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগ, লোকপিয়ল, মহাত্মা গান্ধী এনৰেগা আদি সজাগতা শীৰ্ষ সংগীতৰ সুৰ আৰু সংগীত পৰিচালনাৰ গুৰু দায়িত্ব লাভ কৰে৷ বৰ্তমানেও চৰকাৰৰ সংশ্লীষ্ট ৱেবচাইটত এই সৃষ্টি সমূহ সময়ে সময়ে উপলব্ধ৷ 
এই অপুৰুগীয়া সন্তুৰ বাদ্য যন্ত্ৰটো যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে গুৱাহাটীত ‘শিৱ কুমাৰ শৰ্মা সন্তুৰ একাডেমী’ প্ৰতিষ্ঠা কৰে৷ এই একাডেমীত বছৰে বছৰে বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে তালিম লৈ আহিছে৷ বৰ্তমানে প্ৰায় কুৰিজন শিক্ষাৰ্থীয়ে নিয়মীয়াভাৱে তালিম গ্ৰহণ কৰি আছে৷ ইয়াৰ লগতে যুৱ প্ৰজন্মক শাস্ত্ৰীয় সংগীতৰ সৈতে ওচৰ চপাই অনাৰ বাবে সময়ে সময়ে সৰোদ, চেহনাই, চিতাৰ, তবলা, বাঁহী আদিৰ বিশিষ্ট শিল্পীৰ সৈতে যুগলবন্দী তথা সাংস্কৃতিক অনুষ্ঠান অসম ভিন ভিন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে৷  তদুপৰি বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ প্ৰযোজিত, ড॰ ববি শৰ্মা বৰুৱাৰ পৰিচালিত অসমীয়া কথাছবি ‘অদম্য’ৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে৷ অসমৰ সাংস্কৃতিক জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইজন শিল্পীৰ আশু -আৰোগ্য কামনা কৰিছে ৰাজ্যৰ শিল্পী সমাজে৷