Logo
image

১,৫০০ কোটি টকা লোকচানৰ জোৰা মাৰিবৰ বাবেই বিদ্যুতৰ মাচুল বৃদ্ধি

আমাৰ অসম, ৮ জানুৱাৰী: চলিত বিত্তীয় বৰ্ষত এপিডিচিএলৰ লোকচান হোৱা ১৫০৫.২৫ কোটি টকা ৰাজহ ঘাটি জোৰা মৰাৰ বাবে শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুতৰ মাচুল গড়ে ১ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ গুৰুতৰ অভিযোগ কৰিছে সদৌ অসম বিদ্যুৎ গ্ৰাহক সংস্থাই৷ জাননী অবিহনে গ্ৰাহকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা কাৰ্যকো আইন বিৰুদ্ধ অভিহিত কৰিছে গ্ৰাহক সংস্থাটোৱে৷ শনিবাৰে গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিদ্যুৎ গ্ৰাহক সংস্থাৰ আহ্বায়ক অজয় আচাৰ্য, উপদেষ্টা বিমল দাসে কয়– চলিত বৰ্ষ ২০২২-২৩ৰ মাজভাগৰ পৰা বিদ্যুৎ উপভোক্তাসকলৰ বিদ্যুতৰ বিল গড়ে ৩/৪ গুণ পৰ্যন্ত বৃদ্ধি পাইছে৷ কিন্তু এই অস্বাভাৱিক মাচুল বৃদ্ধিৰ কোনো যুক্তিসংগত ব্যাখ্যা আজিলৈকে চৰকাৰে ৰাইজক দিব পৰা নাই৷ 
বিগত বৰ্ষৰ ২১ মাৰ্চত অসম বিদ্যুৎ নিয়ামক আয়োগে সাধাৰণ গ্ৰাহকৰ ক্ষেত্ৰত বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচা বৃদ্ধিত অনুমোদন দিছিল, যিটো ১ এপ্ৰিল, ২০২২ৰ পৰা কাৰ্যকৰী হৈছিল৷ কিন্তু বিগত আগষ্ট-ছেপ্টেম্বৰৰ পৰা ৩/৪ গুণ বিল বৃদ্ধি পোৱাত সেয়া কোনো কাৰণতে ৫৯ পইচা বৃদ্ধিৰ লগতে সামঞ্জস্য নাই৷ লক্ষণীয় যে কোনো কোনো ঠাইত গ্ৰাহকে তেওঁৰ বৰ্ধিত বিলখন লৈ বিদ্যুৎ বিভাগত অভিযোগ কৰাৰ লগে লগে টকাৰ পৰিমাণ কিছু কমাই দিয়া হৈছে৷ গতিকে এই অস্বাভাৱিক বিল বৃদ্ধি প্ৰকৃততে জনসাধাৰণক অন্ধকাৰত ৰাখি বিদ্যুৎ বিভাগে কাৰ্যতঃ লুটপাত কৰিছে৷  এপিডিচিএলে আগন্তুক বিত্তীয় বছৰ (২০২৩-২৪)ৰ বাবে বিদ্যুতৰ মাচুল প্ৰায় ১ টকাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰিছে৷ 
এপিডিচিএলে দেখুৱাইছে যে পূৰ্বৰ ঘাটিসহ ২০২২-২৩ বিত্তীয়  বৰ্ষত মুঠ ঘাটি ১৫০৫.২৫ কোটি টকা৷ এই টকা তেওঁলোকে অহা বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২৩-২৪ত পূৰণ কৰিব বিচাৰিছে৷ তাৰ কাৰণে বিদ্যুতৰ মাচুল গড়ে এক টকা বৃদ্ধি কৰিব বিচাৰিছে৷ প্ৰতি বছৰে বিদ্যুৎ বিভাগৰ লোকচান তেওঁলোকৰ অদক্ষতা, অকৰ্মন্যতা, দুৰ্নীতি, অনুন্নত আওপুৰণি বিতৰণ নেটৱৰ্কৰ লগতে সংবহন ক্ষতিয়েই (Aggregate Tachnical & Comeercial loss) মূলতঃ দায়ী৷ এই লোকচানৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে যোৱা বিদ্যুৎ নিয়ামক আয়োগে AR&C loss ১৫ শতাংশলৈ অনুমোদন জনাইছিল৷ কিন্তু এপিডিচিএলৰ প্ৰতিবেদন মতে এই ক্ষতিৰ পৰিমাণ ১৬.৫ শতাংশৰ  তললৈ নমাব পৰা নাই৷ ফলত কেৱল এই অতিৰিক্ত ১.৫ শতাংশ AR&C lossৰ বাবে ৪৩১ মিলিয়ন ইউনিট বিদ্যুৎ, যাৰ ক্ৰয় মূল্য প্ৰায় ১৭২.৪ কোটি টকা  হ’ব৷ এই ১৭২.৪ কোটি টকা এতিয়া জনসাধাৰণেই ওলোটাই ভৰিব লাগিব৷ বিদ্যুৎ নিয়ামক আয়োগৰ নিৰ্দেশমতে আৰু বিদ্যুৎ আইন ২০০৩ অনুসৰি কোনো গ্ৰাহকে সময়মতে বিল পৰিশোধ কৰিব নোৱাৰিলে তেওঁক এটা নিৰ্দিষ্ট সময়সীমাৰ জাননী দিব লাগে৷ তাৰ পাছতো বিল পৰিশোধ নকৰিলে মাহেকত ১.৫০ টকা হিচাপে চাৰচাৰ্জ কৰিব পাৰে৷ কিন্তু কোনো অৱস্থাতেই গ্ৰাহকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিব নোৱাৰে৷ কিন্তু  বহু সাধাৰণ মানুহৰ বিল পৰিশোধ কৰাত কেইদিনমান দেৰি হ’লেই বিদ্যুৎ বিভাগে সংযোগ বিচ্ছিন্ন কৰি আহিছে নাইবা গ্ৰাহকক ভাবুকি প্ৰদান কৰিছে৷