Logo
image

আকৌ বৃদ্ধি পালে ডিজেলৰ দাম

ডিজিটেল ডেস্ক : আকৌ বৃদ্ধি পালে ডিজেলৰ দাম৷ হিমাচল প্ৰদেশত কংগ্ৰেছে চৰকাৰৰ গঠনৰ পিছত প্ৰতিলিটাৰ ডিজেলৰ দাম ৩ টাককৈ বৃদ্ধি পাইছে৷

উল্লেখ্য যে হিমাচল প্ৰদেশ চৰকাৰে ডিজেলৰ দামৰ ওপৰত ভেট বৃদ্ধি কৰিছে। সুখু চৰকাৰে ডিজেলৰ ওপৰত ৩ টকা ভেট বৃদ্ধি কৰিছে৷ ইয়াৰ পিছতে হিমাচলত বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৩.০২ টকাৰ পৰা ৮৬.০৫ টকালৈ বৃদ্ধি হৈছে৷

ইফালে প্ৰতিলিটাৰ পেট্ৰ'লত ০.৫৫ টাক হ্ৰাস হৈ বৰ্তমান ইয়াৰ দাম হৈছে ৯৫.০৭ টকা৷ আনহাতে ডিজেলৰ দাম বৃদ্ধিৰ পিছতে এতিয়া সমালোচনাৰ সন্মুখীন হৈছে সুখু চৰকাৰ৷