Logo
image

আন্দোলন কমিছে, মতানৈক্য বাঢ়িছে

আমাৰ অসম, ৯ জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে সম্পূৰ্ণ আত্মসন্তুষ্টিৰে দাবী কৰিছিল– অসমত আন্দোলন নোহোৱা হ’ল৷ কেৱল আন্দোলনেই নহয়, অসম বন্ধও নোহোৱা হ’ল, পিকেটিঙো নোহোৱা হ’ল৷ অসমত এতিয়া আন্দোলন বিবৰ্জিত পৰিৱেশ বিৰাজ কৰিছে বিগত এবছৰ ধৰি৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই আত্মসন্তুষ্টিৰ আঁৰৰ কাৰণ কি? সঁচাকেয়ে অসমৰ সকলো সমস্যা শেষ হ’ল নেকি? কাৰণ আজিপৰ্যন্ত আন্দোলন নকৰাকৈ অসমে একো এটা পোৱা নাই৷ অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাস আন্দোলনৰ অলেখ ঘটনাৰে ভৰপূৰ৷ কিন্তু ইয়াৰ পাছতো অসমত বিগত এবছৰত আন্দোলন নোহোৱা হৈ পৰা বুলি মুখ্যমন্ত্ৰীয়ে বছৰৰ প্ৰথম দিনটোতে কিয় দাবী কৰিলে? নিজৰ এই দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই  কেইবাটাও শক্তিশালী যুক্তি উপস্থাপন কৰিছে৷ মুখ্যমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে আজিও এশ এবুৰি জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ সমাজ জীৱন৷ নাগৰিকত্ব সংশোধনী আইন [কা] সম্পৰ্কীয় সমস্যা এইপৰ্যন্ত সমাধান হোৱা নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ বহু নেতাই সুযোগ পালেই ‘কা’ বলৱৎৰ হুংকাৰ দি থাকে৷ অথচ এতিয়া ‘কা’ক লৈ দুই-এটাক বাদ দি অসমৰ অধিকাংশ দল-সংগঠন নিমাত-নীৰৱ৷ কিছুদিন আগলৈকে ‘কা’ক লৈ ৰাজপথ উত্তাল কৰি থকা দল-সংগঠনসমূহৰ দুই-এটাৰ মুখতহে এতিয়া শুনা যায় ‘কা’বিৰোধী আন্দোলনৰ প্ৰসংগ৷ একেখন মঞ্চত, একেখন পতাকাৰ তলত ‘কা’বিৰোধী আন্দোলন কৰা দল-সংগঠনসমূহৰ বুজনসংখ্যক এতিয়া নিজৰ লক্ষ্য আৰু উদ্দেশ্যক লৈ যেন দ্বিধাগ্ৰস্ত হৈ পৰিছে৷ বহু দল-সংগঠনৰ মাজতে সৃষ্টি হৈছে মতানৈক্য, অভ্যন্তৰতো দেখা গৈছে বিভাজনৰ কুচকাৱাজ৷ একাংশ সংগঠন ‘কা’ৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিত অটল থকাৰ বিপৰীতে একাংশই এতিয়া ‘কা’ৰ ক্ষেত্ৰত যথেষ্ট নমনীয় স্থিতি গ্ৰহণ কৰিছে৷ কেৱল নাগৰিকত্ব সংশোধনী আইনেই নহয়, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, সমষ্টি পুনৰ নিৰ্ধাৰণ, জিলা বিলুপ্তি, গাঁও কৰ্তন আৰু সংযোজন, বৃহৎ নদীবান্ধ, চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ তথা সীমা চুক্তি, বিদেশী চিনাক্তকৰণ আদিৰ দৰে বহু সমস্যাৰে দীৰ্ঘদিনে জৰ্জৰ হৈ আছে অসমৰ সমাজ জীৱন৷ কিন্তু সৰ্বসাধাৰণ ৰাইজক স্পৰ্শ কৰা এই সমস্যাসমূহৰ ক্ষেত্ৰত যেন বলিষ্ঠভাৱে থিয় দিয়াৰ শক্তি হেৰুৱাই পেলাইছে বহু দল-সংগঠনে৷ ৰহস্যজনক কাৰণত অধিকাংশ দল-সংগঠন এতিয়া শাসনাধিষ্ঠিত দল আৰু চৰকাৰমুখী হৈ পৰিছে৷ কিন্তু ইয়াৰ অন্তৰালৰ মূল কাৰণ কি? শাসনাধিষ্ঠিত দল আৰু চৰকাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আন্দোলন কৰা দল-সংগঠনসমূহৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে নেকি? নে এই ৰাজনীতিত বহু পৰিমাণে সফলো হৈছে– যাৰ ফলত অসমত আজিৰ তাৰিখত আন্দোলন কমিছে? ‘কা’ আন্দোলনেই হওক বা ৬ জনগোষ্ঠীৰ জনজাতিকৰণেই হওক বা কমতাপুৰৰ দাবীয়ে হওক– প্ৰতিবাদী দল-সংগঠনসমূহৰ বুজনসংখ্যক সম্প্ৰতি বহুধাবিভক্ত৷ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ একাংশ সংগঠনে জনজাতিকৰণৰ দাবীত পূৰ্বৰ স্থিতিত অটল থকাৰ বিপৰীতে একাংশই কমতাপুৰ গঠনৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াই জনজাতিকৰণৰ দাবীৰ পৰা প্ৰায় আঁতৰি আহিছে৷ অসমৰ ৬খন জিলা কাটি নি কমতাপুৰ ৰাজ্য গঠনৰ প্ৰতি কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ একাংশ দল-সংগঠনে সমৰ্থন দিয়াৰ বিপৰীতে একাংশই অসমৰ পৰা কোনো কাৰণতে আঁতৰি নোযোৱাৰ স্থিতিত দৃঢ় হৈ আছে৷ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এসময়ত তীব্ৰ আন্দোলন চলোৱা দল-সংগঠনসমূহৰ চকুৰ সন্মুখতে নদীবান্ধৰ নিৰ্মাণকাৰ্য পূৰ্ণ গতিত চলি আছে৷ দল-সংগঠনসমূহৰ একাংশই যদি শাসকীয় দলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আছে বিভিন্ন জাতীয় সমস্যাৰ ক্ষেত্ৰত, তেন্তে আন একাংশই মধ্যমপন্থা অৱলম্বন কৰিছে৷ শাসনাধিষ্ঠিত দল আৰু চৰকাৰৰ মিত্ৰ হৈ থাকিব নে ৰাইজৰ স্বাৰ্থত স্থিতি গ্ৰহণ কৰিব– তাক লৈ দল-সংগঠনসমূহৰ একাংশ বিমোৰত পৰিছে৷ অন্যতো বাদেই– ‘কা’ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদকজনেও কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বেই অসাংবিধানিকভাৱে মুকলিকৈ ‘কা’ৰ সমৰ্থনত মন্তব্য দিছে৷ ভাৰতীয় সংবিধানৰ দোহাই দি সাহিত্য সভাৰ দৰে জাতীয় সংগঠন এটাৰ শীৰ্ষতম বিষয়ববীয়াজনে ‘কা’ৰ সমৰ্থনত মাত মতা কাৰ্যই সমগ্ৰ পৰিৱেশ-পৰিস্থিতি ৰহস্যময় কৰি তুলিছে৷ কেৱল সাহিত্য সভাই নহয়, আন বহু দল-সংগঠনৰ মাজতো সৃষ্টি হৈছে বিভিন্ন ইচ্ছ্য়ুক লৈ মতানৈক্য-মতপাৰ্থক্য৷ বিভাজিত হৈ পৰিছে এই সংগঠনসমূহ৷ দুটা তিনিটা পৰ্যন্ত ভাগত বিভক্ত হৈ পৰিছে এনে দল-সংগঠনসমূহ৷ ইয়াৰ দ্বাৰা প্ৰধানকৈ লাভান্বিত হৈছে শাসকীয় দল আৰু চৰকাৰ৷ দল আৰু চৰকাৰৰ এই ক্ষেত্ৰত সংগোপন আৰু প্ৰত্যক্ষ তথা পৰোক্ষ অৰিহনা নথকাও নহয়৷ কেৱল যে বৰ্তমানৰ শাসকীয় দল আৰু চৰকাৰহে বিভাজনৰ ৰাজনীতিত জড়িত হৈ পৰিছে এনে নহয়, পূৰ্বৰ চৰকাৰসমূহৰ ক্ষেত্ৰতো এনে কাৰ্যৰ নজিৰ আছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত চলা আন্দোলন হঠাৎ স্তিমিত হৈ পৰাৰ আঁৰত দল-সংগঠনৰ অভ্যন্তৰত চলা মতানৈক্যই অন্যতম কাৰণ হৈ পৰিছে৷