Logo
image

গ্ৰন্থমেলাত ১১ দিনত বিক্ৰী ৫ কোটি টকাৰ কিতাপ

আমাৰ অসম, ৯ জানুৱাৰী: একাদশ দিনা জনসমুদ্ৰত পৰিণত হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী৷ দেওবাৰে পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়াৰ ভাগত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ   সৃষ্টি কৰে৷ ইপিনে ‘মুকুতা’ আলোচনীৰ উদ্যোগত অনুষ্ঠিত কৰা ‘শিশুৰ দিন’ত কণ-মইনাহঁতৰ কলকলনিত মুখৰিত হৈ পৰে গ্ৰন্থমেলা৷ ‘‘শিশুৰ দিন’’ উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে৷ অসম প্ৰকাশন পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয়–‘গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো অন্ত্যন্ত আাশাব্যঞ্জক৷ শিশুৰ প্ৰতিভা বিকাশ আৰু সেই প্ৰতিভাক এখন মঞ্চ দিয়াটো আতি প্ৰয়োজনীয়৷ কাৰণ শিশু সকলেই দেশৰ ভৱিষ্যত৷ অসম প্ৰকাশন পৰিষদে এই কাম কৰি শিশুসকলক উৎসাহ যোগাইছে৷ ‘শিশুৰ দিন’ উপলক্ষে দেওবাৰে গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা৷ একেদৰে অনুষ্ঠিত কৰা হয় আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা৷ সাধু কোৱা প্ৰতিযোগিতাত ‘ক’ শাখাত অভিৰূপ আকাশ শাণ্ডিল্য, স্নেহাশ্ৰী গোস্বামীয়ে যুটীয়াভাৱে প্ৰথম, ভাস্বতী শাণ্ডিল্য, শিপা ভৰদ্বাজে যুটীয়ভাৱে দ্বিতীয়, দিশিতা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু ৰাগিনী কাশ্যপ, অক্ষীকা কাশ্যপে উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শাখাত বাব্‌লী সূত্ৰধাৰ, স্বাতী মেধিয়ে যুটীয়াভাৱে প্ৰথম, যুগান্তৰ কৈৱত্তৰ্ই দ্বিতীয়, আদ্ৰিকা বৰঠাকুৰ, জিৰাস্মৃতা নথে যুটীয়াভাৱে তৃতীয় স্থান আৰু পাল্কী বেজবৰুৱা, প্ৰশস্তি মজুমদাৰ, প্ৰিয়াস্মিতা ৰয়ে উদ্‌গনি বঁটা লাভ কৰে৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত ‘ক’ শাখাত হিমজ্যোতি কুমাৰে প্ৰথম, স্নেহশ্ৰী গোস্বামীয়ে দ্বিতীয়, জ্যোতিষ্মান দাসে তৃতীয় স্থান আৰু মৃগনাভ কলিতা, সৃষ্টি কলিতা, পুৱাঞ্চী দাসে উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শাখাত বাব্‌লী সূত্ৰধৰে প্ৰথম, জিৰাস্মৃতা নাথে দ্বিতীয়, তুষা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু মনস্তুতি বৰা, প্ৰজ্বলিতা বড়া, স্বাতী মেধিয়ে উদগনি বঁটা লাভ কৰিছে৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত ‘ক’ শাখাত পূবাঞ্চী দাসে প্ৰথম, হিমজ্যোতি কুমাৰে দ্বিতীয়, শিপা ভৰদ্বাজে তৃতীয় আৰু দ্বিশিতা ভৰদ্বাজ, অভিনন্দা কলিতাই উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শখাত ৰাঘৱী দত্তই প্ৰথম, ৰিমঝিম হাজৰিকাই দ্বিতীয়, অনুশিখা ডেকাই তৃতীয় আৰু তুষা ভট্টাচাৰ্য, নাছৰিণ আহমেদ, প্ৰজ্বলিতা বড়াই উদগনি বঁটা লাভ কৰিছে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত তৃষা দেৱীয়ে প্ৰথম, ৰিয়াংশী বেজবৰুৱাই দ্বিতীয়, জিজ্ঞাসা গৌতমে তৃতীয় স্থান আৰু দোক্‌মোকালি গোস্বামী, তুহিন তালুকদাৰ, অভিশ্ৰুতি তালুকদাৰ, অংশুমাল দেউৰী, বিপাশা মহন্তই উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শাখাত দিশাংক চক্ৰৱৰ্তীয়ে প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু অনুৰাগ শৰ্মা, ঋতুৰাজ দেৱশৰ্মা, কৃশানুজ্যোতি কাশ্যপ, এনী কাশ্যপ, উপাসনা মহন্তই উদগনি বঁটা লাভ কৰিছে৷ ‘গ’ শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, পাৰ্ল দত্তই দ্বিতীয়, শোভাংগী স্নেহা কাশ্যপে তৃতীয় স্থান আৰু দীপম পাটোৱাৰী, বংকিম পাঠক, লিজা ৰহমানে উদ্‌গনি বঁটা লাভ কৰে৷ প্ৰতিযোগিতাৰ ফলাফল অনুসৰি কাইলৈ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷  উল্লেখ্য, বিদ্বৎ সমাজ, সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ লগতে ইয়াত অংশগ্ৰহণ কৰা আন আন প্ৰকাশন গোষ্ঠী সমূহে৷ দেওবাৰে একাদশ দিনালৈ ৫কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই৷ তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ৷ অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে৷ গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ্ৰন্থমেলাত দেওবাৰে সন্ধিয়া উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ গ্ৰন্থমেলাত জনসমুদ্ৰ দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয়—-‘‘অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থ আন্দোলন তৰাম্বিত কৰি অসমত এক সুন্দৰ বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিছে৷ অসম চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা গুৱাহাটীৰ লগতে বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ইয়াৰ ফলত বিদ্যায়তনিক ক্ষেত্ৰখন সমৃদ্ধ হ’ব, ভাষা-সাহিত্যৰ বাবেও এই পদক্ষেপ আশাব্যঞ্জক৷ মানুহে দলে দলে আহি গ্ৰন্থ ক্ৰয় কৰাটো অত্যন্ত উৎসাহজনক৷ বিশেষকৈ তৰুণ প্ৰজন্মই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সমাজ-জীৱনৰ বাবে শুভবাৰ্ত্তা৷ ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ পঢ়াৰ অভ্যাস গঢ় লৈ উঠিব৷  তেওঁ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ‘নৱকান্ত বৰুৱা ৰচনাৱলী’ আৰু ‘আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী’ ক্ৰয় কৰে৷ সমন্বয় প্ৰকাশন আৰু শিশু সাহিত্য ন্যাসে গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে সোণোৱালক৷ 

‘জোনাক’ৰ বিশেষ সংখ্যা আৰু নৱবৰ্ষৰ কেলেণ্ডাৰ উন্মোচন 

চানমাৰিত চলি থকা অসম গ্ৰন্থমেলাৰ ‘ক’লাজ বিপণীত মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ জানুৱাৰী বিশেষ সংখ্যটো আৰু কেলেণ্ডাৰখনৰ উন্মোচন কৰা হয়þ৷ উল্লেখ্য, ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ সদস্যৰ লেখাক লৈ প্ৰকাশ হোৱা এই সংখ্যটো উন্মোচন কৰে জনসমাদৃত কবি, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক, লেখক প্ৰণৱ কুমাৰ বৰ্মনে৷ কবি, লেখক, জোনাক আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত  উত্তৰ পুৰুষৰ মঞ্চৰ সম্পাদক হৰেকৃষ্ণ হালৈয়ে অতিথি সম্পাদকৰ দায়িত্ব লৈ সম্পাদনা কৰা,  জোনাকৰ ৰঙীণ কেলেণ্ডাৰখনৰ শুভ উন্মোচন কৰে কবি, সাহিত্যিক, ঔপন্যাসিক, গীতিকাৰ ড॰ আকাশীতৰাই৷ উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট লেখক, শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসে অতিথিৰূপে মনৰ কথা ব্যক্ত কৰা অনুষ্ঠানত জোনাকৰ সহকাৰী সম্পাদক নৱ ডেকা, ক’লাজৰ স্বত্বাধিকাৰী গগন বৰ্মন, উপুমৰ উপদেষ্টা ববিতা বৈশ্য লহকৰ, জ্যোতিপ্ৰিয়া লহকৰ, ফুকন ৰাজবংশী, ৰূপাঞ্জলী ডেকা, কম্পীমণি ডেকা, অসীম প্ৰকাশ শৰ্মা, অহিৰণ অন্তৰীপ হালৈ, কৌস্তভ ডেকা, নীৰজনীল ডেকা উপস্থিত থাকে৷ অনাতাঁৰ শিল্পী তথা বিশিষ্টা লেখিকা শিখামণি দত্তই এটা  গীত পৰিবেশন কৰে৷

অসম গ্ৰন্থমেলাত হিন্দী ভাষাৰ গ্ৰন্থ উন্মোচন

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ মূল মঞ্চত শনিবাৰ লেখিকা অঞ্জনা জৈনৰ হিন্দীভাষাৰ প্ৰথমখন গ্ৰন্থ ‘মনমন্থন’ উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড॰ ননী গোপাল মহন্তই কয়-মানৱ জীৱনত বহুখিনি অভিজ্ঞতা থাকে৷ ভাষা কেতিয়াও প্ৰাচীৰ হ’ব নোৱাৰে৷ গ্ৰন্থখনৰ নামটো সুন্দৰ হৈছে৷ আমাৰ মনৰ মাজৰ পৰাই হলাহল বিষ ওলায়৷ লেখিকাই অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে৷ প্ৰত্যেকৰে জীৱনত বিভিন্ন মুহূৰ্ত আহে৷ মানৱ জীৱনত সৰু সৰু ঘটনা আছে এইখন গ্ৰন্থত৷ সৰু সৰু কাহিনী উপলব্ধি লিখি উলিওৱা বাবে লেখিকাক শুভেচ্ছা জনালোঁ৷’ সভাত ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ আচাৰ্য অশোক পানচাৰীয়ে লেখিকাৰ প্ৰচেষ্টাক শলাগে৷ অনাগত দিনতো এনেদৰে সাহিত্য চৰ্চা কৰি যাবলৈ কয়৷ সভাত প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ নাৰায়ণ, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক অশোক সিংহি, বিশিষ্ট লেখিকা ৰীতা সিং, ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ, জৈন আদি উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়৷ সভাখন আকাশ জৈনে আঁতধৰে৷ লেখিকাই গ্ৰন্থখনৰ আঁৰৰ কথা কয়৷ সভাত লেখক, সাংস্কৃতিককৰ্মী গোপাল জালান প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷