Logo
image

কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : গুৰুতৰভাৱে আহত কণ্ঠশিল্পীগৰাকী

ডিজিটেল ডেস্ক : দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। নিশা শিৱসাগৰ দিখৌ দলঙত দুৰ্ঘটনাগ্ৰস্ত হয় শিল্পীগৰাকীৰ বাহন। মূৰত ১২ টাকৈ চিলাই পৰাৰ লগতে বুকু আৰু ভৰিত আঘাত পাইছে শিল্পীগৰাকীয়ে। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাতে দিখৌ দলঙৰ কাষৰ এজোপা গছত বাহনেৰে খুন্দিয়াই আহত হয় শিল্পীগৰাকী ৷আঘাতপ্ৰাপ্ত শিল্পীগৰাকীক নিশাই স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ জয়সাগৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়ৰ জৰুৰী কক্ষত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী।