Logo
image

কাইলৈ খেল, গুৱাহাটীত অৰ্ধছুটী

আমাৰ অসম, ৯ জানুৱাৰী: তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলাত ২-ৰ ব্যৱধানত জয়ী হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট দলে মঙলবাৰে গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত অভিযান আৰম্ভ কৰিব৷ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ’বলগীয়া এই খেলখনক লৈ পূৰ্বৰ তুলনাত ক্ৰিকেটপ্ৰেমীৰ উচ্ছাস কিছু   কম পৰিলক্ষিত হৈছে যদিও মঙলবাৰৰ খেলখনত ষ্টেডিয়াম দৰ্শকেৰে ভৰি পৰিব বুলি আশাবাদী আয়োজক অসম ক্ৰিকেট সন্থা৷ উল্লেখ্য, তিনি বছৰত শ্ৰীলংকা ক্ৰিকেট দলৰ এয়া হ’ব দ্বিতীয় গুৱাহাটী ভ্ৰমণ৷ ২০২০ চনৰ জানুৱাৰীতো ভাৰতৰ বিৰুদ্ধে টুৱেণ্টী২০ খেল এখনত ভাগ ল’বলৈ গুৱাহাটীলৈ আহিছিল শ্ৰীলংকা ক্ৰিকেট দল৷ কিন্তু বৰষুণৰ বাবে ৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া খেলখন পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হৈছিল৷ এইবাৰ অৱশ্যে খেলখনত বতৰে বিঘিনি জন্মোৱাৰ আশংকা নাই বুলি নিশ্চিত কৰিছে বতৰ বিভাগে৷ মঙলবাৰৰ দিনটোত গুৱাহাটীৰ বতৰ ফৰকাল থাকিব বুুলি কোৱা হৈছে৷ শ্ৰীলংকাৰ বিৰুদ্ধে টুৱেণ্টী২০ শৃংখলাটোত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় দলক নেতৃত্ব দিছিল যদিও এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াৰ নেতৃত্বত থাকিব ৰোহিত শৰ্মা৷ খেলখনৰ বাবে ৰোহিত বিশেষ বিমানযোগে শনিবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছে৷ আনহাতে, টুৱেণ্টী২০ শৃংখলাটোত ভাৰতীয় দলত নথকা প্ৰাক্তন অধিনায়ক বিৰাট কোহলি, লোকেশ ৰাহুল, যশপ্ৰীত বুমৰা, শ্ৰেয়স আয়াৰ, কুলদীপ যাদৱ, মহম্মদ ছামি আৰু মহম্মদ ছিৰাজ দেওবাৰে গুৱাহাটীত উপস্থিত হৈছে৷ শনিবাৰে ৰাজকোটত তৃতীয় তথা অন্তিমখন টুৱেণ্টী২০ত ভাগ লৈ ভাৰত আৰু শ্ৰীলংকা দল দুটা নিশাৰ ভাগত গুৱাহাটীত উপস্থিত হয়৷  বিমান বন্দৰৰ পৰা দল দুটাক কঠোৰ নিৰপত্তা ব্যৱস্থাৰ মাজেৰে ৰেডিছন ব্লু হোটেললৈ লৈ যোৱা হয়৷ কাইলৈ দুয়োটা দলে অনুশীলন চলোৱা কথা৷ উল্লেখ্য, ২০২২ বৰ্ষৰ ২ অক্টোবৰত একেখন ষ্টেডিয়ামতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত টুৱেণ্টী২০ খেলখনৰ দুয়োটা ইনিংছ মিলাই সংগ্ৰহ হৈছিল চাৰিশতকৈ অধিক ৰান৷ তাৰ বিপৰীতে পতন হৈছিল কেৱল ছটা উইকেট৷ তালৈ চাই বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ পিটচ বেটিঙৰ সহায়ক হোৱাৰ অনুমান কৰা হৈছে৷ এই স্থানত এতিয়ালৈকে অনুষ্ঠিত হোৱা তিনিখন আন্তঃৰাষ্ট্ৰীয় খেলৰ দুখনত জয়ী হৈছে লক্ষ্য অনুসৰণ কৰা দল৷

অৰ্ধ ছুটী ঘোষণা

গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া এদিনীয়া খেলখন উপভোগৰ সুযোগ দিয়াৰ বাবে কামৰূপ জিলা প্ৰশাসনে [মহানগৰ] মঙলবাৰৰ দিনটো গুৱাহাটীত অৰ্ধ ছুটী ঘোষণা কৰিছে৷ জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠান দিনৰ ৰ বজাত বন্ধ হ’ব৷