Logo
image

এজনো শিক্ষাৰ্থীয়ে নাপালে ছুৱেটাৰ আৰু জোতা-মোজা

আমাৰ অসম, ৯ জানুৱাৰী: ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক ঠাণ্ডাৰ দিনত জোতা-মোজা, চুৱেটাৰ লগতে বৰষুণৰ বাবে ৰেইনকোট দিয়াৰ  প্ৰতিশ্ৰুতি দিছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ যোৱা বছৰৰ ১১ জুলাইত দিছপুৰৰ জনতা ভৱনত ৰাজ্যৰ সৰ্ববৃহৎ শিক্ষক সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা আলোচনা মৰ্মে শিক্ষামন্ত্ৰীয়ে এইপ্ৰতিশ্ৰুতি দিছিল৷ বিষয়টো তেওঁ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকক চোৱাচিতাৰ দায়িত্ব দিছিল আৰু বিভাগক এক প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ দিছিল৷ কিন্তু মন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি উকা কাগজতে থাকি গ’ল৷  ছমাহৰ পিছতো কাৰ্যকৰী নহ’ল সেই প্ৰতিশ্ৰুতি৷ ফলস্বৰূপে প্ৰচণ্ড শীতৰ লহৰৰ মাজতো ৰাজ্যৰ অৰঙে-দৰঙে বহু দুখীয়া টোকোনা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে পুহৰ ঠৰঙা জাৰতো খালী ভৰিৰে চুৱেটাৰ, জোতা-মোজা অবিহনে বিদ্যালয়লৈ যাবলগীয়া হৈছে৷ এনে দৃশ্য সম্প্ৰতি সুলভ হৈ পৰিছে৷ ৰাজ্য চৰকাৰে চিবিএছইৰ লগত ৰজিতা খুৱাই ছেবাৰো শৈক্ষিকবৰ্ষ মাৰ্চলৈকে পিছুৱাই দিলে যদিও চিবিএছইৰ আৰ্হিত শীতৰ বন্ধৰ ব্যৱস্থা নকৰিলে৷ একেদৰে প্ৰাথমিক শিক্ষক সন্মিলনীৰ বাৰম্বাৰ দাবীৰ পাছতো শৈক্ষিক সময় পুৱা ৮.৩০ বজাৰ পৰা দিনৰ ১০ বজালৈ পিছুৱাইয়ো নিদিলে ইয়াৰ ফল ভুগিব লগা হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে৷ যি সময়ত শিক্ষকে জোতা-মোজা জহৰ কোট পিন্ধি পাঠদান কৰে সেই সময়তে খালী ভৰি, ঠাণ্ডাত কঁপি কঁপি শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে৷