Logo
image

মই ৰাহুল গান্ধীক মাৰি পেলালো...

ডিজিটেল ডেস্ক : "মই ৰাহুল গান্ধীক মাৰি পেলালো''- এই কথা কৈছে খোদ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত এনেদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে৷ লগতে তেওঁ কয় যে তেওঁ এতিয়া নিজৰ ভাৱমূৰ্তিক লৈ চিন্তিত নহয়৷ 

দেওবাৰে হাৰিয়ানাত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীয়ে কয় যে যিজন ৰাহুল গান্ধী আপোনালোকৰ মগজুত আছে তেওঁক মই মাৰি পেলালো৷ তেওঁক এতিয়া মোৰো মনত নাই৷ তেওঁ গুচি গ'ল....৷ 'ভাৰত জোড়ো যাত্ৰা'ই তেওঁৰ প্ৰতিচ্ছবিত কেনেধৰণৰ পৰিৱৰ্তন আনিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এনেদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ ৰাহুল গান্ধীয়ে কয় যে আপোনালোকে দেখা ব্যক্তিজন ৰাহুল গান্ধী নহয়৷ আপুনি তেওঁক দেখিব পাৰে, কিন্তু বুজিব নোৱাৰে৷ হিন্দু ধৰ্মগ্ৰন্থ পঢ়িলে, ভগৱান শিৱৰ বিষয়ে অধ্যয়ন কৰিলেহে বুজিব পাৰিব৷ লগতে তেওঁ কয় যে ৰাহুল গান্ধীক বিজেপিৰ মনত আছে, মোৰ নাই৷