Logo
image

গুটখা পেকেটৰ পৰা ওলাল ৩২ লাখ টকা

ডিজিটেল ডেস্ক : গুটখা পেকেটৰ পৰা ওলাইছে লাখে লাখে টকা৷ এই ঘটনা সংঘটিত হৈছে কলকাতাত৷ দেওবাৰে শুল্ক বিভাগৰ অভিযানত গুটখা পেকেটৰ পৰা উদ্ধাৰ হয় ৪০ হাজাৰ আমেৰিকান ডলাৰ৷ 

এজন যাত্ৰীয়ে কলকাতাৰ পৰা বেংককলৈ ধনখিনি নিবলৈ চেষ্টা চলোৱাৰ সময়তে শুল্ক বিভাগৰ অভিযানত গ্ৰেপ্তাৰ হয় লোকজন৷ ভাৰতীয় হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ৩২ লাখ ৭৮ হাজাৰ। গুটখা পেকেটৰ পৰা লাখে লাখে টকা ওলোৱা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত৷

কলকাতা শুল্ক বিভাগে এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটৰ বিষয়াসকলৰ পৰা তথ্য লাভ পিছতে অভিযান চলাইছিল৷ প্ৰতিটো গুটখা পেকেটৰ ভিতৰত আছিল ১০ ডলাৰৰ দুখন নোট। ভাইৰেল ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে এটাৰ পিছত আনটো গুটখাৰ পেকেটৰ পৰা ওলাইছে কেৱল আমেৰিকান ডলাৰ৷

ইয়াৰ পূৰ্বে জয়পুৰ বিমানবন্দৰত শুল্ক বিভাগৰ অভিযানত এটা ট্ৰলী বেগৰ পৰা ৪৮.৪৬ লাখ টকাৰ সোণ জব্দ কৰে। যাত্ৰীজন এয়াৰ আৰৱৰ বিমানেৰে শ্বাৰজাহৰ পৰা জয়পুৰ বিমানবন্দৰত উপস্থিত হৈছিল।