Logo
image

চতুৰ্থ মণিকাঞ্চন নৃত্য মহোৎসৱত 'শকুন্তলা-দ্যা লাভ ছাগা'

'ডিজিটেল সংবাদ, গুৱাহাটী : মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৬ আৰু ৭ জানুৱাৰীত অনুষ্ঠিত হয় 'চতুৰ্থ মণিকাঞ্চন নৃত্য মহোৎসৱ'৷ ৰাজ্যৰ আগশাৰীৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কেন্দ্ৰ মণিকাঞ্চন কলা মঞ্জৰী আৰু অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ যুটীয়া উদ্যোগত দুদিনীয়াকৈ উদযাপিত এই নৃত্য মহোৎসৱত পৰিৱশন কৰা হয় 'শকুন্তলা দ্যা লাভ ছাগা' ৷ মহাকবি কালিদাসৰ কালজয়ী সৃষ্টি 'অভিজ্ঞানম শকুন্তলম'ৰ আধাৰত সংৰচিত নৃত্য-নাটিকা 'শকুন্তলা-দ্যা লাভ ছাগা'ই দুটাকৈ দৰ্শনীৰে মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত সমূহ কলাপ্ৰেমিকক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হয়৷ 

সত্ৰীয়া নৃত্যশৈলীত প্ৰদৰ্শিত নৃত্য-নাটিকাখনিৰ পৰিকল্পনা, পৰিচালনা আৰু নৃত্য সংৰচনা ওস্তাদ বিচমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ৷ পূৰৱী শইকীয়া চৌধুৰীৰ প্ৰযোজনাত মঞ্চস্থ নৃত্য-নাটিকাখনিৰ সংগীত পৰিচালনা কৰিছে ভাস্কৰজ্যোতি ওঝাই৷ সংগীত ব্যৱস্থাপনা বিষ্ণু শৰ্মাৰ৷ পোহৰ ব্যৱস্থাপনা ডিম্পল দাসৰ৷ নৃত্য-নাটিকাখনিৰ কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ৷ প্ৰায় ২৫ গৰাকী নৃত্যশিল্পীৰ অংশগ্ৰহণেৰে মঞ্চস্থ নৃত্য-নাটিকাখনত সংস্কৃতি চৌধুৰীয়ে শকুন্তলা, দীপজ্যোতি দাসে ৰজা দুস্যান্ত, দীপাংকৰ আৰান্ধৰাই দুৰ্বাসা আৰু কন্ব মুনি আৰু টিনা মেধি আৰু দীপান্বিতা তালুকদাৰে ক্ৰমে অনুসূয়া আৰু প্ৰিয়ম্বদাৰ চৰিত্ৰত অভিনয় কৰে৷ 

মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ওস্তাদ বিচমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপ্ত মুম্বাইৰ ভৰতনাট্যম নৃত্যশিল্পী পৱিত্ৰ ভট্টই ভৰতনাট্যম প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে৷ নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক নৃত্যগুৰু ৰামকৃষ্ণ তালুকদাৰ, ড° নীতা বিদ্যাৰ্থী আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° প্ৰাণজিৎ বৰাই প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে৷ অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যগুৰু অনিতা শৰ্মাই অনুষ্ঠান পৰিৱেশন কৰে৷ মহোৎসৱৰ প্ৰথমদিনাৰ কাৰ্যসূচীত বেদান্ত বিকাশ আৰু চন্দন কোঁৱৰে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ লগতে মণিকাঞ্চন কলা মঞ্জৰীৰ শিক্ষাৰ্থীসকলে 'মোক্ষ' শীৰ্ষক এক নৃত্যাভিনয়ৰ অনুষ্ঠান, মাটি আখৰা, চালি নৃত্য আৰু কথক নৃত্যও পৰিৱেশন কৰে৷ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত দীপজ্যোতি-দীপাংকৰৰ পৰিকল্পনা আৰু পৰিচালনাৰে 'নৰসিংহ-দ্যা হাফ মেন, হাফ লায়ন ইনকাৰ্নেশ্যন' শীৰ্ষক এখনি নৃত্য-নাটিকাও প্ৰদৰ্শিত হয়৷ দুয়োদিনৰ কাৰ্যসূচীৰ আঁত ধৰে তনয়া পাত্ৰই৷