Logo
image

সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰ সমাপ্তি ঘটাই নিজম পৰিল চানমাৰি বাকৰি

ডিজিটেল সংবাদ, গুৱাহাটী : সাহিত্য-সংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বিপুল আনন্দ আৰু জ্ঞানোৎসৱৰ সফল সামৰণি ঘটাই সোমবাৰে নিজম পৰিল চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা এই গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ ভাষণ প্ৰসংগত তেওঁ কয়, “ প্ৰাইভেট-পাব্লিক পাৰ্টনাৰশ্বিপ ব্যৱস্থাৰ এক উৎকৃষ্ট নিদৰ্শন হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা এই অসম গ্ৰন্থমেলা৷ হিলদল ভাঙি মানুহ আহিছে গ্ৰন্থমেলালৈ৷ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ সেয়েহে আগন্তুক বৰ্ষত খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে ৷” 

তেওঁ লেখক-প্ৰকাশকসকলক গ্ৰন্থ সম্পাদনাত  গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই কয়, “কেৱল কাকত -আলোচনীয়ে নহয়, কিতাপো সম্পাদনা কৰা উচিত৷ উন্নত দেশত পেছাদাৰী সম্পাদকে কিতাপ সম্পাদনা কৰে৷ অসমতো এই কাম পেছাদৰীভাৱে কৰা উচিত৷ বিশ্বৰ দৰবাৰলৈ যাব লাগিলে বিশ্বজনীন দৰ্শন অৰ্জন কৰিব লাগিব৷ ইয়াৰ বাবে গ্ৰন্থ পঢ়াৰ প্ৰয়োজন আছে৷ অনুবাদ গ্ৰন্থই এই বাট মুকলি কৰি দিয়ে ৷ এনে দৃষ্টিভংগীৰে অসম প্ৰকাশন পৰিষদে আগন্তুক বৰ্ষৰ পৰা অনুবাদ সাহিত্য বঁটা প্ৰবৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াত প্ৰথম পুৰষ্কাৰত থাকিব ১ লাখ টকা আৰু দ্বিতীয় পুৰষ্কাৰত ৫০হাজাৰ টকা৷”  মন্ত্ৰী ডাঃ পেগুৱে লগতে সৃষ্টিশীল লেখাৰ কৰ্মশালা প্ৰকাশন পৰিষদৰ পৰা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰি পুনৰ কয়, “বহু কিতাপ দুই-তিনিটা পৃষ্ঠা পঢ়াৰ পাছত আৰু আগুৱাব নোৱাৰি৷ ইয়াৰ কাৰণ লেখকজনৰ লিখাৰ প্ৰশিক্ষণ নথকাটো৷ সেয়েহে প্ৰকাশন পৰিষদে পেছাদাৰী আৰু সৃষ্টিশীল লেখাৰ কৰ্মশালা অনুষ্ঠিত কৰিব৷” তেওঁ প্ৰসংক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পঢ়ে ভাৰত বঢ়ে ভাৰত” আহ্বানৰ বিষয়ে উনুকিয়াই সকলোকে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ কয় ৷

সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে গুৱাহাটীস্থিত বাংলাদেশ চৰকাৰৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে৷ তেওঁ ভাষণ প্ৰসংগত কয়, “ গ্ৰন্থ মানুহৰ উত্তম বন্ধু ৷ কিতাপ পঢ়িলে মনৰ আন্ধাৰ আতৰি যায়৷ কিতাপে এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰে৷ অসম গ্ৰন্থমেলায়ো সুন্দৰ সমাজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বহন কৰিছে৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ এয়া বৰ ভাল লগা কথা৷” আমিনে লগতে কয় যে অসমীয়া আৰু বাংলা ভাষা উভয়ে উভয়ৰ ওচৰ চপা ভাষা৷ সেয়ে দুয়োটা ভাষাই তেওঁৰ প্ৰিয়৷ সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে কয় যে অসম গ্ৰন্থমেলা অসমৰ এক পৰিচয়ত পৰিণত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই গ্ৰন্থমেলাৰ জৰিয়তে বৌদ্ধিক ক্ষেত্ৰলৈ শুভবাৰ্ত্তা কঢ়িয়াই আনিছে৷ তেওঁ পুনৰ কয়, “মানুহৰ সুখৰ আধাৰ হৈছে জ্ঞান৷ এই জ্ঞান পুথিৰ পৰা অৰ্জন কৰিব পাৰি ৷ কিতাপ নোহোৱা সমাজ এখন কল্পনা কৰিবও নোৱাৰি৷ গ্ৰন্থহীন সমাজক চৰিত্ৰহীন সমাজ বুলিব পাৰি। আজিকালি ডিজেটেল পুথিভঁৰাল হৈছে ৷ ইয়াতো পুথি নিৰ্বাচন কৰি পঢ়িব পাৰি ৷ এয়া ভাল কথা৷ সকলো গ্ৰন্থৰে নিজস্ব প্ৰভাৱ থাকে৷ কিতাপৰ দ্বাৰা প্ৰভাৱাম্বিত হৈ মানুহে জ্ঞানৰ নতুন পোহৰ বিচাৰি পায় ৷ এই পোহৰত ব্যক্তি-জীৱন আৰু সমাজ-জীৱন উজলি উঠে ৷ ভাষা যিমানে শিকিব পাৰি সিমানে ভাল৷ কাৰণ তেতিয়া বিভিন্ন ভাষাৰ পুথি পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰি ৷” একেদৰে বিশিষ্ট অতিথি, বিশিষ্ট বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে কয়, “নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিব লাগিব ৷ গ্ৰন্থমেলাই এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক আকৰ্ষণীয় ৰূপ দিছে ৷ গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি অভিভূত হৈছোঁ ৷ কিতাপৰ প্ৰকাশ বৃদ্ধি পোৱাটো আনন্দৰ বিষয় ৷ কিতাপে সদায় নতুন সপোন দেখুয়ায় ৷ এই সপোনে মানুহক আগুৱাই নিয়ে ৷” সভাত বিশিষ্ট অতিথিপৰূপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা৷ এই অনুষ্ঠানত বাংলাদেশৰ পৰা অহা প্ৰকাশকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সামৰণি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আৰু শলাগৰ শৰাই আগবঢ়ায়  প্ৰবোধ দাসে ৷

ইফালে গ্ৰন্থমেলাত ১২ দিনত ৫কোটি ৫৩ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷