Logo
image

‘লাভ জেহাদ’ক লৈ কোনেও ৰাজনীতি নকৰিব

আমাৰ অসম, ১০ জানুৱাৰী: লাভ জেহাদ বা লোভ কিম্বা শক্তি প্ৰয়োগৰ জৰিয়তে ধৰ্মান্তকৰণৰ বিষয়ক লৈ ৰাজনীতি নকৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যক সকীয়াই দিছে উচ্ছতম ন্যায়ালয়ে৷ ধৰ্মান্তকৰণৰ বিষয়টো অতিশয় গুৰুতৰ আৰু স্পৰ্শকাতৰ বুলি চিহ্নিত কৰিছে উচ্ছতম ন্যায়ালয়ে৷ সেয়ে ধৰ্মান্তকৰণৰ বিষয়ক লৈ ৰাজনীতি কৰা অত্যন্ত ক্ষতিকাৰক বুলি উচ্ছতম ন্যায়ালয়ে তেওঁলোকৰ পৰ্যৱেক্ষণত এই মন্তব্য কৰিছে আৰু কেন্দ্ৰ তথা ৰাজ্যক সকীয়াই দিছে৷ উল্লেখ্য, বিগত কিছুবছৰ ধৰি লাভ জেহাদ আৰু প্ৰলোভন তথা শক্তি প্ৰয়োগৰ জৰিয়তে ভাৰতত ধৰ্মান্তকৰণৰ অলেখ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ ধৰ্মান্তকৰণৰ এনেবোৰ ঘটনাক লৈ দেশৰ বহুকেইখন ৰাজ্য চৰকাৰ উদ্বিগ্ন৷ মূলতঃ লাভ জেহাদক লৈ ভাৰতত ধৰ্মান্তকৰণৰ ঘটনা সংঘটিত হৈ থকা বুলি প্ৰায়ে ৰাজনৈতিক দলসমূহে অভিযোগ কৰে আৰু একে সময়তে  এই বিষয়ক লৈ তেনে ৰাজনৈতিক দলে ৰাজনৈতিক লাভালাভৰ বাবে বিষয়টো ব্যৱহাৰো কৰে৷ উত্তৰ প্ৰদেশ, গুজৰাটকে ধৰি একাধিক ৰাজ্যত ইতিমধ্যে লাভ জেহাদৰ জৰিয়তে অথবা প্ৰলোভন আৰু শক্তি প্ৰয়োগৰ দ্বাৰা ধৰ্মান্তকৰণৰ  ঘটনা ৰোধ কৰিবৰ বাবে আইন প্ৰণয়ন কৰা হৈছে আৰু কিছুসংখ্যক ৰাজ্যই আইন প্ৰণয়ন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে৷ তথাপি ৰাজনৈতিক দলসমূহে নিৰ্বাচনী অভিযান আৰু তেনে ৰাজনৈতিক ক্ষেত্ৰত ধৰ্মান্তকৰণৰ বিষয়টো, ঘাইকৈ লাভ জেহাদৰ বিষয়টো উত্থাপন কৰি ৰাজনৈতিক লাভালাভৰ প্ৰচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷ ধৰ্মান্তকৰণৰ বিষয়টোক লৈ বহু কেইখন ৰাজ্যৰ চৰকাৰ আৰু আনকি কেন্দ্ৰীয় চৰকাৰো উদ্বিগ্ন যদিও তেওঁলোকৰ অনেকেই লাভ জেহাদ অথবা বিভিন্ন পন্থাৰ জৰিয়তে দেশত সংঘটিত ধৰ্মান্তকৰণৰ ঘটনাক লৈ নিয়মিতভাৱে ৰাজনীতি কৰি আহিছে৷ তেনে ৰাজনৈতিক দলসমূহৰ প্ৰতি আৰু চৰকাৰসমূহৰ প্ৰতি উচ্ছতম ন্যায়ালয়ৰ এই সকীয়নি অতিশয় তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ 

উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ, চি টি ৰবিকুমাৰৰ দ্বাৰা গঠিত বিচাৰপীঠে সোমবাৰে ধৰ্মান্তকৰণ সম্পৰ্কীয় এখন আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ এটৰ্নি জেনেৰেল  আৰ ভেংকটৰামানিক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল৷ সোমবাৰে উচ্ছতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে তেওঁৰ পৰা জানিবলৈ বিচাৰে ধৰ্মান্তকৰণ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি পদক্ষেপ হাতত লৈছে৷ লাভ জেহাদ, ভয় বা লোভ দেখুৱাই ধৰ্মান্তকৰণৰ যি ঘটনা সংঘটিত হৈ আছে, তেনে ঘটনা বন্ধ কৰাৰ  বাবে কেন্দ্ৰীয় চৰকাৰে যথাযথ কোনো পদক্ষেপ গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে দেশৰ এটৰ্নি জেনেৰেল আৰ ভেংকটৰামানিক উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে৷ উল্লেখ্য, অধিবক্তা অশ্বিনী উপাধ্যায়ে জনোৱা আবেদনৰ শুনানি লৈছিল উচ্ছতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে৷ সেই আবেদনত জনোৱা হৈছিল লাভ জেহাদ, লোভ আৰু ভয়ৰ দ্বাৰা দেশত চলি থকা ধৰ্মান্তকৰণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক উচ্ছতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰক৷ এই আবেদনৰ বিৰোধিতা কৰিছিল তামিলনাডু চৰকাৰৰ অধিবক্তা পি উইলচনে৷ তেওঁ আদালতত শুনানিৰ সময়ত দাবী কৰিছিল যে ৰাজনৈতিক উদ্দেশ্যতে এনে গোচৰ তৰা হৈছে৷ পিছে উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে সেই যুক্তি মানি ল’বলৈ অস্বীকাৰ কৰে৷ ইয়াৰ বিপৰীতে উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে তামিলনাডু চৰকাৰৰ অধিবক্তাক পোনপটীয়াকৈ সতৰ্ক কৰি কয়, ধৰ্মান্তকৰণৰ দৰে গুৰুতৰ বিষয়ত কোনেও ৰাজনীতি কৰা অনুচিত৷  দুজনীয়া বিচাৰপীঠে ধৰ্মান্তকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ উপৰি ৰাজ্যসমূহৰ পৰাও মতামত বিচাৰিছে৷ ইতিমধ্যে গুজৰাট চৰকাৰে তেওঁলোকৰ মতামত উচ্ছতম ন্যায়ালয়ত দাখিল কৰি কৈছে যে ভাৰতীয় সংবিধানত ধৰ্ম আচৰণৰ যি অধিকাৰ দিয়া হৈছে সেয়া কোনোভাৱেই ধৰ্মান্তকৰণৰ অধিকাৰ হ’ব নোৱাৰে৷ অৱশ্যে একে সময়তে বহুপক্ষই ধৰ্মান্তকৰণ বিৰোধী আইনৰ বিৰোধিতা কৰি কৈছে, দেশৰ সংবিধান য’ত ধৰ্মনিৰপেক্ষতা, সমঅধিকাৰ আৰু বৈষম্যহীনতাৰ অধিকাৰ দিছে তেনে ক্ষেত্ৰত ধৰ্মান্তকৰণ বিৰোধী আইন অসাংবিধানিক৷ অৱশ্যে উচ্ছতম ন্যায়ালয়ে এই বিষয়ক লৈ এতিয়াও ৰায়দান কৰিবলৈ বাকী৷