Logo
image

জাগীৰোডত দুৰ্ঘটনাগ্ৰস্ত মুখ্যমন্ত্ৰীৰ মাতৃ আৰু ভাতৃ

আমাৰ অসম, ১০ জানুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ সোমবাৰে গুৱাহাটীৰ জাগীৰোডত এক পথ দুৰ্ঘটনাত পতিত হয়।খবৰ অনুসৰি, দ্ৰুতবেগী স্ক’ৰপিঅ’ গাড়ী এখনে তেওঁলোকৰ বাহনখনৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তাৰ পিছত গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে পলায়ন কৰে।

সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী আৰু ভাতৃ দিগন্ত বিশ্ব শৰ্মা দুয়োজনেই বৰ্তমান সুস্থ।কাৰ্বি আংলং জিলাৰ ডিফুলৈ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্যোগ।