Logo
image

ব্ৰাজিলত ৰাষ্ট্ৰপতি অপসাৰণৰ দাবীত হিংসা

আমাৰ অসম, ১০ জানুৱাৰী: দেশৰ নৱনিৰ্বাচিত বাওঁপন্থী ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভা ৰাজধানীত নথকাৰ সুযোগ লৈ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ ব’লছনাৰোৰ কেইবাহাজাৰ সমৰ্থকে অভ্যুত্থানৰ প্ৰচেষ্টা চলাই ৰাষ্ট্ৰপতি ভৱনকে ধৰি দেশৰ গুৰুত্বপূৰ্ণ স্থানত দেওবাৰে আক্ৰমণ সংঘটিত কৰে৷ সেনাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা বাধাহীনভাৱে সমদল কৰি ৩ হাজাৰতকৈও অধিক হিংস্ৰ প্ৰতিবাদকাৰীয়ে ব্ৰাজিলৰ  ৰাষ্ট্ৰপতিৰ কাৰ্যালয়, দেশৰ কংগ্ৰেছ বা সংসদ আৰু উচ্ছতম ন্যায়ালয় দখল কৰি লণ্ডভণ্ড কৰি পেলায়৷ এতিয়াৰ পৰা ঠিক দুবছৰ পূৰ্বে যিদৰে আমেৰিকাৰ পৰাজিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হিংস্ৰ সমৰ্থকে আমেৰিকাৰ সংসদ অৰ্থাৎ কেপিটল হিলত আক্ৰমণ চলাই অভ্যুত্থানৰ প্ৰচেষ্টা চলাইছিল ঠিক সেইদৰে ব্ৰাজিলৰ বিদায়ী সোঁপন্থী ৰাষ্ট্ৰপতি ব’লছনাৰোৰ সমৰ্থকে দেওবাৰে প্ৰৱল আৰু হিংসাত্মক আক্ৰমণ সংঘটিত কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে এই দুয়োটা ঘটনাৰ মাজত বহু সাদৃশ্য আছে৷ আমেৰিকাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল পৰাজিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকৰ দ্বাৰা৷ ড’নাল্ড ট্ৰাম্প আছিল দক্ষিণপন্থী বা অতি সোঁপন্থী নেতা৷ সোঁপন্থী ট্ৰাম্পৰ পৰা ডেম’ক্ৰেট জো বাইডেনে ক্ষমতা দখল কৰাটো ট্ৰাম্প আৰু তেওঁৰ সোঁপন্থী সমৰ্থকৰ সহ্য হোৱা নাছিল৷ যোৱা ৩১ অক্টোবৰত ব্ৰাজিলৰ ৰাষ্ট˜পতি নিৰ্বাচনত পৰাজিত ৰাষ্ট˜পতি জাইৰ ব’লছনাৰোও দক্ষিণপন্থী বা অতি সোঁপন্থী নেতা৷ ইয়াৰ বিপৰীতে তেওঁক পৰাজিত কৰি ক্ষমতা দখল কৰা লুলা দা ছিলভা হৈছে বাওঁপন্থী ৰাষ্ট্ৰপতি৷ আমেৰিকাৰ পৰাজিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ পৰাজয় মানি লোৱা নাছিল আৰু অন্যায়ভাৱে তেওঁক প্ৰৱঞ্চনা কৰি পৰাস্ত কৰা বুলি অভিযোগ তুলিছিল৷ একেদৰে ব্ৰাজিলৰ পৰাজিত ৰাষ্ট্ৰপতি ব’লছনাৰোৰ সমৰ্থকেও তেওঁক অন্যায়ভাৱে আৰু প্ৰৱঞ্চনাৰ জৰিয়তে পৰাজিত কৰা বুলি বিগত দুমাহে অভিযোগ তুলি আহিছে৷ যোৱা দুমাহত সোঁপন্থী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ সমৰ্থকে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰী সম্পত্তি ধবংস কৰি আহিছে৷ যোৱা দুমাহত তেওঁলোকে দেশৰ ঠায়ে ঠায়ে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰি গাড়ী, ঘৰ, চৰকাৰী কাৰ্যালয় জ্বলাই দিছে৷ ইপিনে আমেৰিকাৰ কেপিটল আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ২০২১ চনৰ ৬ জানুৱাৰীত৷ ব্ৰাজিলৰ আক্ৰমণৰ ঘটনা সংঘটিত হ’ল ২০২৩ চনৰ ৮ জানুৱাৰীত৷

পৰাজিত ৰাষ্ট্ৰপতি ব’লছনাৰো আৰু তেওঁৰ সমৰ্থকসকলে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ দুমাহৰ পাছতো সেই ফলাফল বিশ্বাস কৰি লোৱা নাই৷  যোৱা দুমাহৰ দৰেই দেওবাৰে তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে  প্ৰথমে সেনাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কেইবাঘণ্টা ধৰি প্ৰতিবাদ কৰে আৰু সেনাবাহিনীক নতুন ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ চৰকাৰ ওফৰাই তেওঁলোকৰ হাতত দেশৰ শাসনভাৰ তুলি দিবলৈ দাবী জনায়৷ ইয়াৰ পাছতে প্ৰতিবাদীৰ সহস্ৰাধিক জনতা ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ ৰাওনা হয় আৰু অৱলীলাক্ৰমে ভাগে ভাগে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়, দেশৰ কংগ্ৰেছ আৰু উচ্ছতম ন্যায়ালয় দখল কৰি লয়৷ কেইবাহাজাৰো বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়, দেশৰ কংগ্ৰেছ আৰু উচ্ছতম ন্যায়ালয় দখল কৰি আচবাবপত্ৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰে৷ তাৰ পৰাই বিক্ষোভকাৰীয়ে তেওঁলোকৰ হাতত দেশৰ শাসন তুলি দিবলৈ প্ৰৱল দাবী জনায়৷ তদুপৰি দেশৰ সেনাবাহিনীক বিক্ষোভকাৰীয়ে লুলা দা ছিলভাৰ চৰকাৰ ভংগ কৰি তেওঁলোকৰ হাতত শাসনভাৰ অৰ্পণ কৰিবলৈ পদক্ষেপ লোৱাৰ বাবে প্ৰৱল দাবী উত্থাপন কৰে৷ দীৰ্ঘ কেইবাঘণ্টাও দেশৰ এই তিনিটা মূল স্থান দখল কৰি লোৱা বিক্ষোভকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অহোপুৰুষাৰ্থ কৰিবলগীয়াত পৰে৷ সেই সময়ত ৰাষ্ট্ৰপতি লুলা দা ছিলভা ৰাজধানী ব্ৰাছিলিয়াত নাছিল৷ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ ছাওপাওললৈ গৈছিল৷ এটা সময়ত পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে বিক্ষোভকাৰীয়ে অভ্যুত্থান সংঘটিত কৰি লুলা দা ছিলভাৰ চৰকাৰৰ পতন ঘটাব৷ অৱশ্যে ৰাষ্ট্ৰপতি লুলা দা ছিলভাই এই বিক্ষোভৰ খবৰ পাই দৌৰাদৌৰিকৈ আহি ৰাজধানীত উপস্থিত হয়৷ ৰাষ্ট্ৰপতি উপস্থিত হোৱাৰ পাছত পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ঘটে আৰু নিৰাপত্তা বাহিনী বিক্ষোভকাৰীৰ ওপৰত জপিয়াই পৰে৷ ৰাবাৰ বুলেট, কন্দুৱা গেছ প্ৰয়োগ কৰি অশেষ শক্তি প্ৰদৰ্শনৰ অন্তত নিৰাপত্তা বাহিনীয়ে বিক্ষোভকাৰীক ৰাষ্ট্ৰপতিৰ কাৰ্যালয়, দেশৰ কংগ্ৰেছ অৰ্থাৎ সংসদ আৰু উচ্ছতম ন্যায়ালয়ৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হয়৷ নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে ১,২০০ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে৷ লুলা দা ছিলভাৰ প্ৰশাসনে ক্ষমতা নিজৰ হাতত অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ’লেও সমগ্ৰ দেশজুৰি এতিয়াও এই ভয়ংকৰ বিক্ষোভৰ প্ৰতিক্ৰিয়া আৰু উত্তেজনা অব্যাহত আছে৷ সেনাবাহিনীয়ে ইতিমধ্যে লুলা দা ছিলভাৰ প্ৰতি আনুগত্য থকা  বুলি প্ৰকাশ কৰিছে৷ অথচ বিক্ষোভকাৰীৰ দলটো তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰাই বিনাবাধাই কেনেকৈ আগবাঢ়ি গৈছিল বুলি প্ৰশ্ন উত্থাপন হৈছে৷ এই বিক্ষোভৰ আঁৰত দেশৰ সেনাবাহিনী আৰু আন কাৰোবাৰ  সমৰ্থন থকা বুলিও ধাৰণা কৰা হৈছে৷ অন্যথা এনে বিশাল বিক্ষোভকাৰীৰ দলে বিনাবাধাই ৰাষ্ট্ৰপতিৰ কাৰ্যালয়, দেশৰ সংসদ আৰু উচ্ছতম ন্যায়ালয় দখল কৰি লোৱাটো সম্ভৱ নহ’লহেঁতেন৷ পৰাজিত ৰাষ্ট্ৰপতি ব’লছনাৰোৱে সম্প্ৰতি ড’নাল্ড ট্ৰাম্পৰ গৃহচহৰ ফ্লৰিডাত আশ্ৰয় লৈ আছে৷ সেয়ে এই ঘটনাত ট্ৰাম্পৰ কোনো সংযোগ আছে নেকি তাৰো সন্দেহ উদ্ৰেক হৈছে৷ সামগ্ৰিকভাৱে এই বিক্ষোভক অভ্যুত্থানৰ প্ৰয়াস বুলি লুলা দা ছিলভাৰ চৰকাৰে বিবেচনা কৰিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিলৈ তেওঁৰ সমৰ্থন ব্যক্ত কৰিছে৷