Logo
image

ডিব্ৰুগড়লৈ ৫১ দিনীয়া ‘গংগা বিলাস’

আমাৰ অসম, ১০ জানুৱাৰী:   বাৰাণসীৰ পৰা উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ উলিওৱা হ’ব পৃথিৱীৰ দীৰ্ঘতম নদী ক্ৰুজ৷ ৩,২০০ কিলোমিটাৰ দৈৰ্ঘৰ উক্ত নদী ক্ৰুজৰ ফ্লেগ অফ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ উক্ত দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ পাণ্ডুত জাহাজ মেৰামতি কেন্দ্ৰ, পাণ্ডু   টাৰ্মিনেলক ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী হোৱাকৈ নিৰ্ধাৰিত পথৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি তেওঁ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলত সামূদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰিব৷– এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোমবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে অন্তৰংগ মত বিনিময় অনুষ্ঠানত মিলিত হৈ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত শুভাৰম্ভ কৰিবলগীয়া এম ভি গংগা বিলাস নামৰ বিশ্বৰ সকলোতকৈ দীঘলীয়া গংগাবিলাস শীৰ্ষক নদী ক্ৰুজ সেৱাৰ প্ৰসংগ দাঙি ধৰি সৰ্বানন্দ সোণোৱালে কয়– ‘এই দীৰ্ঘতম ক্ৰুজ সেৱাই গংগা নদীয়েদি ভাৰত-বাংলাদেশ প্ৰট’ক’ল জলপথ হৈ ব্ৰহ্মপুত্ৰয়েদি ডিব্ৰুগড়লৈ ৩২০০ কিমি. জলপথ সামৰি ল’ব৷ ইয়াৰ জৰিয়তে ভাৰতত নদী ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা হ’ব৷ এই বিলাসী ক্ৰুজখনে ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী প্ৰণালীৰ মাজেৰে আহি থাকোঁতে পঞ্চাশটা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীক সামৰি ল’ব৷ ক্ৰুজখনৰ জৰিয়তে ৫১ দিনীয়া যাত্ৰাপথত পৰ্যটকসকলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, ডাঙৰ চহৰকে ধৰি বিভিন্ন আকৰ্ষণীয় পৰ্যটনস্থলী উপভোগ কৰিব পাৰিব৷ ১৮ ফেব্ৰুৱাৰীত এই মনোৰম ক্ৰুজ সেৱাই অসমৰ ধুবুৰীত প্ৰৱেশ কৰিব আৰু ৰ মাৰ্চত ডিব্ৰুগড়ত প্ৰৱেশ কৰিব বুলি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ অসমত সোমোৱাৰ পাছত পৰ্যটকসকলে গুৱাহাটীকে ধৰি মায়ং, কাজিৰঙা, মাজুলী, ডিব্ৰুগড় আদি বিভিন্ন পৰ্যটনস্থলী উপভোগ কৰাৰ সুবিধা লাভ কৰিব৷ ইয়াৰ দ্বাৰা তেওঁলোকে গংগা আৰু ব্ৰহ্মপুত্ৰৰ চহকী ঐতিহ্য, বৈচিত্ৰ্য, সৌন্দৰ্য আৰু ইয়াক কেন্দ্ৰ কৰি গঢ় লোৱা যুগ যুগৰ সভ্যতা-সংস্কৃতিৰ বিষয়ে পোনপটীয়াকৈ বিশদভাৱে জানিব কৰিব৷ এই দীঘলীয়া যাত্ৰাত আছে ৩২ গৰাকী ছুইজাৰলেণ্ডৰ পৰ্যটক৷ তেওঁলোকে এই বিলাসী ক্ৰুজ সেৱাৰ জৰিয়তে ৰোমাঞ্চকৰ অভিজ্ঞতা বুটলিব পাৰিব আৰু ভাৰতৰ মহান ঐতিহ্য আৰু বিশালতাক প্ৰকৃতাৰ্থতে আৱিষ্কাৰ কৰিব পাৰিব৷ ভাৰতৰ কলকাতা আৰু বাৰাণসীৰ মাজত ৮খন নদী ক্ৰুজ চলি থকাৰ বিপৰীতে ৰাষ্ট্ৰীয় জলপথ ২ [ব্ৰহ্মপুত্ৰ]তো ক্ৰুজ চলাচল কৰি আছে৷ লগতে সোণোৱালে উল্লেখ কৰে– ‘বিগত বছৰত ভাৰতৰ এটি যুগান্তকাৰী সফলতা হৈছে– ভাৰতে নিজেই নিৰ্মাণ কৰি উলিয়াইছে দেশৰ প্ৰথমখন থলুৱা যুদ্ধজাহাজ [বিমানবাহক]- আই এন এছ বিক্ৰান্ত৷ আমাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত কোচিন শ্বিপয়াৰ্ড লিমিটেডে এই যুদ্ধজাহাজখন নিৰ্মাণ কৰিছে৷ এই কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ অধীনতে পাণ্ডুত এটা জাহাজ মেৰামতি কেন্দ্ৰ গঢ় লৈ উঠিব, পাণ্ডু টাৰ্মিনেলক ৰাষ্ট্ৰীয় ঘাইপথ ২৭১ সংযোগী হোৱাকৈ নিৰ্ধাৰিত পথৰ নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ ফলত অসমতে জাহাজৰ মেৰামতিৰ কাম সম্পন্ন কৰিব পৰা যাব, যাৰ দ্বাৰা কম খৰচ আৰু তুলনামূলকভাৱে কম সময়তে বিভিন্ন সামগ্ৰীৰ আমদানি-ৰপ্তানি কৰাটো সম্ভৱপৰ হৈ উঠিব৷ ইয়াৰ যোগেদি থলুৱা কৃষক আৰু উৎপাদকসকলো লাভান্বিত হ’ব৷ তদুপৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱপ্ৰজন্মৰ সামুদ্ৰিক ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে গুৱাহাটীত এটা সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব৷ প্ৰথম দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে ১৩ জানুৱাৰীত৷ ২০২৪-২৫ চনত অসমৰ আভ্যন্তৰীণ জলপথৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ১,০১৬ কোটিতকৈও অধিক পুঁজিৰ ব্যয়সাপেক্ষে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰস্তাৱিত কৰা হৈছে৷ তদুপৰি, ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ অৰ্থাৎ বৰাক নদীৰ আন্তঃগাঁথনি উজ্জীৱিতকৰণৰ বাবে ৬২২ কোটি টকাৰ পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে৷ তদুপৰি, ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি আৰু কপিলীৰ খননকাৰ্যৰ জৰিয়তে সুচল যাতায়াতৰ বাবে ২৩৩ কোটি টকাৰ পেকেজ অনুমোদিত হৈছে৷ দেশৰ জলপথৰ আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে টনকিয়াল হোৱাৰ এই সময়ত জলপথ খণ্ডত বিনিয়োগৰ বাবে বিভিন্ন পক্ষৰ আগ্ৰহ বৃদ্ধি হোৱাটো অতি উৎসাহজনক বতৰা৷’ সোণোৱালে আৰু কয়– ‘বৰ্তমান তিনিগুণ ক্ষমতা বৃদ্ধিৰ বাবে কাম চলি থকা নুমলীগড় শোধনাগাৰৰ বিবিধ সামগ্ৰীৰ অনা-নিয়াৰ বাবে অনতিপলমে ৰাষ্ট্ৰীয় জলপথ-৩১ অৰ্থাৎ ধনশিৰি নদীত ড্ৰেজিং কৰ্পঅৰেচন অৱ ইণ্ডিয়াৰ অধীনত খননকাৰ্য চলোৱা হ’ব আৰু এই নদীপথছোৱা সুচল যাতায়াতৰ বাবে উপযোগী কৰি তোলা হ’ব৷ তদুপৰি ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু প’লিমাৰ লিমিটেডৰ সুবিধা হোৱাকৈও নদীপথৰ সুচল ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷ এই পদক্ষেপবোৰৰ জৰিয়তে থলুৱা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগবোৰো উপকৃত হ’ব৷’  তদুপৰি সোণোৱালে কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক্ট ইষ্ট প’লিচীৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ ফলশ্ৰুতিতেই এতিয়া অসম তথা উত্তৰ-পূবে দেশৰ অন্যান্য ৰাজ্যসমূহৰ সৈতে সমান গতিত আগুৱাই যোৱাৰ সাহস আৰু শক্তি লাভ কৰিছে৷ প্ৰধানমন্ত্ৰী গতি শক্তি- ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ জৰিয়তে মোদীয়ে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰো যাতায়াত-যোগাযোগ ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে৷ তদুপৰি দেশৰ জলপথত থকা বিশাল শক্তি-সম্ভাৱনাক হৃদয়ংগম কৰি বলিষ্ঠ নেতৃত্ব দিয়াৰ ফলশ্ৰুতিতেই আমাৰ মন্ত্ৰালয়ে সাগৰমালা, মেৰিটাইম ইণ্ডিয়ান ভিজন ২০৩০ আদিৰ অধীনত বিভিন্ন দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিব পাৰিছোঁ৷ মোদীৰ সবল নেতৃত্বৰ বাবেই এতিয়া বন্দৰ আধুনিকীকৰণ, বন্দৰ নেতৃত্বাধীন উন্নয়ন, সেউজ বন্দৰৰ উন্নয়ন, উপকূলীয় অঞ্চলৰ বিকাশ, পৰ্যটন বৃদ্ধি ইত্যাদি বিভিন্ন দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে৷ পূৰ্বৰ চৰকাৰৰ দিনত অনাদৃত হৈ থকা দেশৰ জলপথছোৱাৰ সুযোগ-সম্ভাৱনা এতিয়া নতুনকৈ উজ্জীৱিত হ’ব ধৰিছে৷ জলপথ হৈছে দূৰত্ব আৰু ব্যয় হ্ৰাস কৰা এক জনহিতকৰ মাধ্যম৷ সেয়েহে ইয়াৰ পুনৰুজ্জীৱিতকৰণত অগ্ৰাধিকাৰ দি দেশৰ অৰ্থনৈতিক উন্নয়ন টনকিয়াল কৰাত প্ৰাধান্য দিয়া হৈছে৷ এই পদক্ষেপবোৰৰ দ্বাৰা সমান্তৰালভাৱে যুৱপ্ৰজন্মৰ বাবে বিভিন্ন কৰ্মসংস্থাপনৰ পথো মুকলি হৈছে৷ সামগ্ৰিক বিকাশ সাধনৰ এই যাত্ৰা সম্ভৱ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ৷’