Logo
image

৩৫বিধ সামগ্ৰীৰ দাম বাঢ়িব শীঘ্ৰে

আমাৰ অসম, ১০ জানুৱাৰী:  দেশৰ আৰ্থিক সমৃদ্ধি আশা কৰাতকৈ হ্ৰাস পাইছে৷ চলিত বিত্তীয় বৰ্ষত জিডিপিৰ হাৰ ৭ শতাংশতে সীমাৱদ্ধ থাকিব বুলি কেন্দ্ৰীয় চৰকাৰ একপ্ৰকাৰ নিশ্চিত হৈছে৷ ইয়াৰ সৈতে সংগতি ৰাখি দেশৰ ৰাজহ সংগ্ৰহো প্ৰত্যাশাৰ তুলনাত হ্ৰাস পাইছে৷ এনে পৰিস্থিতিত পৰৱৰ্তী বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে কমেও ৩৫ বিধ সামগ্ৰীত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ লৈছে৷ অত্যাৱশ্যকীয় নোহোৱা কিন্তু দেশৰ জনতাই ব্যৱহাৰ কৰি থকা এনে ৩৫ বিধ  সামগ্ৰীৰ আবকাৰী শুল্ক বৃদ্ধি হোৱাৰ লগে লগে সেই সংশ্লিষ্ট সামগ্ৰীৰ মূল্য অৱধাৰিতভাৱে বৃদ্ধি পাব আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ  প্ৰত্যাশাও পূৰ্ণ হ’ব৷ অৱশ্যে স্বাভাৱিকভাৱেই সেইক্ষেত্ৰত মাধমাৰ পৰিব দেশৰ জনতাৰ ওপৰত৷ ইতিমধ্যে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ে ৩৫ বিধ সামগ্ৰীৰ তালিকা তৈয়াৰ কৰিছে৷  প্ৰয়োজনত আবকাৰী শুল্ক বৃদ্ধি কৰিবলগীয়া সামগ্ৰীৰ তালিকা দীঘল হ’ব পাৰে, অৰ্থাৎ ৩৫ বিধ সামগ্ৰীৰ তালিকাৰ সৈতে আৰু নতুন সামগ্ৰীৰ নাম সংযোজিত হ’ব পাৰে৷ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ে প্ৰত্যেক মন্ত্ৰণালয়লৈ কি কি সামগ্ৰীত আবকাৰী শুল্ক বৃদ্ধি কৰিব পাৰি তাৰ পৰামৰ্শ আৰু সামগ্ৰীৰ নাম বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে অহা ১ ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰিব৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে দ্বিতীয় কাৰ্যকালৰ এইখন হ’ব অন্তিম পূৰ্ণাংগ বাজেট৷ তাৰ পূৰ্বেই মোদী চৰকাৰে আবকাৰী শুল্ক  অদ্ধৰ্শতাধিক সামগ্ৰীত বৃদ্ধি কৰিবলৈ বদ্ধপৰিকৰ৷ সেই উদ্দেশ্য আগত লৈয়েই বাজেট দাখিল কৰিবলৈ এমাহতকৈ কম সময় বাকী থকা অৱস্থাত ৩৫ বিধ সামগ্ৰীৰ এখন তালিকা তৈয়াৰ কৰিছে৷ সেই তালিকাত থকা এবিধ গুৰুত্বপূৰ্ণ সামগ্ৰী হ’ল ভিটামিন৷ ভিটামিন অত্যাৱশ্যকীয় নহ’লেও প্ৰয়োজনীয় সামগ্ৰী৷ কোনেও ভিটামিন ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰে৷ ঠিক সেইদৰে গ্লাছ পেপাৰ, অলংকাৰ, প্লাষ্টিকৰ সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী আদিত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে ৩৫ বিধ সামগ্ৰীৰ এই তালিকা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে বিত্ত মন্ত্ৰণালয়ৰ ওচৰত দাখিল কৰিছে৷ বিত্ত মন্ত্ৰণালয়ৰ এজন শীৰ্ষ বিষয়াই প্ৰকাশ কৰা অনুসৰি কিছুসংখ্যক সামগ্ৰী বিদেশৰ পৰা আমদানি কৰাৰ ক্ষেত্ৰত নিৰুৎসাহ কৰাৰ বাবেই এনে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কিয়নো সাম্প্ৰতিক চৰকাৰৰ উদ্দেশ্য হৈছে তেনে সামগ্ৰী বিদেশৰ পৰা আমদানি কৰাৰ পৰিৱৰ্তে দেশতে উৎপাদন কৰা হওক৷ পিছে বিত্ত মন্ত্ৰণালয়ৰ এই বক্তব্য তেনেই তাত্বিক যুক্তি বুলি মন্তব্য কৰিছে অৰ্থনীতিবিদে৷ তেওঁলোকৰ মতে ৰাজভঁৰাল টনকিয়াল কৰিবলৈ দেশৰ জনতাৰ ওপৰত কৰ আৰোপ কৰাৰ বাহিৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ আন বিকল্প নাই৷ বিগত দুটা কাৰ্যকালত মোদী চৰকাৰে দেশবাসীৰ ওপৰত ইটোৰ পাছত সিটো কৰৰ বোজা জাপি দিছে৷ এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি অৰ্থনীতিবিদে মন্তব্য কৰিছে৷