Logo
image

খাকী পোছাকত লাগিল দাগ! : আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল আৰক্ষী

ডিজিটেল ডেস্ক, মেৰাপানী: পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত লাগিল দাগ। অনৈতিক কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত খোদ আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল আৰক্ষী। অৰুণাচলী সুৰা সৰবৰাহত জড়িত থকাৰ সন্দেহত গোলাঘাট আৰক্ষীৰ ৰিৰ্জাভৰ পৰা জামুগুৰি আৰক্ষীয়ে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে কনিষ্ঠবল অনন্ত বৰাক। 

উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ অৰুণাচলী সুৰা সৰবৰাহৰ কৰাৰ এক গোচৰত জামুগুৰি থানাৰ আৰক্ষীয়ে কিছুদিনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল জামুগুৰিৰ নিপু সোণোৱাল নামৰ এজন লোকক। অৰুণাচলী সুৰা সৰবৰাহকাৰী নিপু সোণোৱালৰ স্বীকাৰোক্তিৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছে ইজনৰ পাছত সিজন ব্যক্তি। কালি গোলাঘাট ৰিজাৰ্ভত কৰ্মৰত অনন্ত বৰা নামৰ কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে। 

আনহাতে কেইদিনমানৰ পূৰ্বে একে ঘটনাৰ লগত জড়িত মেৰাপানী জিতু মেছ নামৰ আন এজন ব্যৱসায়ীক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল। জামুগুৰি থানাত ৰুজু কৰা ০৮/২২ ৰ এক গোচৰৰ অধীনত ৩৭৯ আই পি চি আৰ/ ডব্লিউ ধাৰাত গ্ৰেপ্তাৰ কৰে অনন্ত বৰাক৷ গ্ৰেপ্তাৰ কৰা আৰক্ষী কনিষ্ঠবলজনৰ ঘৰ ঘিলাধাৰীৰ ছ’চিয়েলিষ্ট পথাৰত৷ উল্লেখ্য যে বহুদিন ধৰি সুৰাৰ অবৈধ ব্যবসায়ীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখি বৃহৎ অংকৰ ধনৰ লেনদেন কৰাৰ তথ্য অনন্ত বৰাৰ বিৰুদ্ধে লাভ কৰাৰ পাছতেই আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। আজি আৰক্ষী জোৱানজনৰ গোলাঘাট অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি গোলাঘাট ন্যায়িক আদালতত হাজিৰ কৰাৰ পাছত আদালতে তেওঁক পুনৰ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।