Logo
image

শোণিতপুৰৰ বুঢ়াচাপৰিত চলিব উচ্ছেদ! : বিধায়ক পদ্ম হাজৰিকাৰ ঘোষণা

ডিজিটেল ডেস্ক, জামুগুৰিহাট: অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি তথা বনাঞ্চলসমূহ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে এইবাৰ শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিটো উচ্ছেদ চলোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। মঙলবাৰে জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত নাবাৰ্ডৰ অধীনত নিৰ্মাণ কৰি উলিওৱা এটি পথৰ উদ্বোধন কৰিবলৈ আহি এই কথা প্ৰকাশ কৰে চতিয়াৰ বিধায়কগৰাকীয়ে৷ 

আজি দিনৰ ভাগত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ লগতে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভাৰ লগত বুঢ়াচাপৰিৰ অবৈধ বেদখল অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈ লয় বিধায়ক পদ্ম হাজৰিকাই৷ প্ৰয়োজন হ'লে শীঘ্ৰে বুঢ়াচপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখ যে বটদ্ৰৱা,পাভৰ পাছত এইবাৰ বুঢ়াচাপৰিটো অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ কথা শাসকীয় দলৰ বিধায়কগৰাকীয়ে প্ৰকাশ কৰাৰ পাছত শাসনাধীষ্ঠ ৰাজ্য চৰকাৰে আগন্তুক সময়ত যে চৰকাৰী ভূমি অবৈধ বেদখল কৰি থকাসকলৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হ'ব সেই কথাকেই প্ৰতিপন্ন কৰিছে।