Logo
image

নিৰাপত্তাহীনতাত স্মাৰ্ট আৰক্ষী : গুৱাহাটীত কৰ্তব্যৰত আৰক্ষী বিষয়াৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি নিলে দুৰ্বৃত্তই

আমাৰ অসম, গুৱাহাটী: ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ নামত নিয়োজিত খোদ আৰক্ষীয়েই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। এনে আৰক্ষী বিষয়াই সৰ্বসাধাৰণ নাগৰিকক কি নিৰাপত্তা দিব বুলি বিভিন্ন মহলত সৰৱ চৰ্চা চলিছে। গুৱাহাটী মহানগৰীত বিগত কিছুদিন ধৰি চিলনী চোৰৰ উপদ্ৰৱ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। মহানগৰীৰ ফটাশিলৰ চাইকেল ফেক্টৰীত এইবাৰ আৰক্ষী বিষয়াৰ হাতৰ পৰাই বাইকত অহা দুর্বৃত্তৰ দলে মোবাইল ফোন থপিয়াই নিয়াত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

প্রাপ্ত খবৰ অনুসৰি মহানগৰীৰ ফটাশিল আমবাৰী থানাৰ অন্তৰ্গত চাইকেল ফেক্টৰীত দেওবাৰে নাকা তালাচী চকী স্থাপন কৰি আৰক্ষীয়ে যান-বাহনসমূহৰ ওপৰত তালাচী অভিযান চলাই আছিল। তালাচী অভিযান চলাই থকাৰ সময়তে ফটাশিল থানাৰ আৰক্ষী বিষয়া হিমত সিং সৰকাৰৰ মোবাইল ফোনটো বাইকত অহা দুজনীয়া দুর্বৃত্তই থপিয়াই নি ঘটনাস্থলীৰ পৰা তীব্ৰ বেগেৰে পলায়ন কৰে। মুহুৰ্তৰ ভিতৰত আৰক্ষী বিষয়া হিমত সিং সৰকাৰৰ লগত কি ঘটনা সংঘটিত হ'ল সেয়া সতীৰ্থ স্মাৰ্ট আৰক্ষীয়ে তদাৰকে কৰিব নোৱাৰিলে। 

এজন আৰক্ষী বিষয়াৰ হাতৰ পৰা দুস্কৃতিকাৰীয়ে মোবাইল ফোন কাঢ়ি নিয়া ঘটনা ৰাইজে সহজ ভাৱে লব পৰা নাই। যিজন আৰক্ষী বিষয়াই নিজকে সুৰক্ষা দিব পৰা নাই তেওঁ ৰাইজক কি সুৰক্ষা দিব বুলি প্ৰশ্ন উত্থাপন হৈছে। কৰ্তব্যৰত আৰক্ষী বিষয়াৰ মোবাইল ফোন থপিয়াই নিয়া ঘটনাই মহানগৰ আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ পুনৰবাৰ উদঙালে। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া হিমত সিং সৰকাৰে ফটাশিল আমবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষী বিষয়াগৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে মোবাইল ফোন চোৰৰ কোনো শুংসূত্ৰ এইপৰ্যন্ত  উলিয়াব পৰা নাই।