Logo
image

পাভ বনাঞ্চলত উচ্ছেদ

আমাৰ অসম, ১১ জানুৱাৰী:  ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলত আজি চলিল উচ্ছেদ অভিযান৷ আজি পুৱাৰ ভাগতে লখিমপুৰ জিলা প্ৰশাসনৰ ৬শতাধিক নিৰাপত্তাৰক্ষীৰ সহযোগত জিলা প্ৰশাসনে ৪০খন বুলড’জাৰ লৈ পাভ সংৰক্ষিত বনাঞ্চলৰ মহঘূলি অঞ্চলত উচ্ছেদ অভিযান চলায়৷  লক্ষ্যণীয় যে, আজি যিটো অঞ্চলত উচ্ছেদ চলোৱা হৈছিল উক্ত অঞ্চলৰ বাসিন্দাসকলে পূৰ্বেই ঘৰ-দুৱাৰ ভাঙি   নিৰাপদ স্থানলৈ আঁতৰি যায়৷ ফলত আজি প্ৰশাসনে ম’হ ঘুলি অঞ্চলৰ শতাধিক হেক্টৰ ফুলি থকা সৰিয়হ খেতিত হালবায় উচ্ছেদ চলায়৷ প্ৰায় অৰ্ধশতাধিক টেক্টৰে বিশাল হালধীয়া সৰিয়হতলীল হালবায় এফালৰ পৰা উচ্ছেদ চলোৱাৰ লগতে বহুসংখ্যক ফিচাৰী, ৰাস্তা-ঘাত, ঘৰৰ ভেটী, বাৰীৰ গছ-গছনি আদি উচ্ছেদ চলায়৷ আজি উচ্ছেদ বেদখলমুক্ত কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু বন সংমণ্ডলৰ উদ্যোগত লোৱা হৈছিল বিশাল আয়োজন৷ লখিমপুৰ সংমণ্ডলৰ সহকাৰী বন-সংৰক্ষকজনে জানিবলৈ দিয়া অনুসৰি, আজি প্ৰায় ২০০হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়৷ পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৫০ হেক্টৰ ভূমি বৰ্তমানলৈকে কিছুলোকৰ দ্বাৰা বেদখলৰ কৱলত আছে৷ উল্লেখ্য যে, ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল ৪৬২৮.৮৭ হেক্টৰ৷ বনাঞ্চলখনত বাস কৰি থকা লোকসকলে বন অধিকাৰ আইন, ২০০৬ৰ অধীনত আবেদন জনাইছিল যদিও সংশ্লিষ্ট কতৃৰ্পক্ষই তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে৷ ইয়াৰ পাছৰ পৰ্যায়ত চৰকাৰে এই বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই উচ্ছেদ অভিযান দুটা পৰ্যায়ত চলিব৷ দ্বিতীয় পৰ্যায়ত আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২৯৯টা ঘৰ উচ্ছেদ কৰা হ’ব৷  ইফালে আজি উচ্ছেদ চলোৱা পাভ সংৰক্ষিত অঞ্চলত সংবাদ মাধ্যমৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাত সচেতন মহলৰ লগতে আমছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আমছুৱে বৰ্তমানৰ বিজেপি চৰকাৰখনে গণতন্ত্ৰ হত্যা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰিছে৷ আমছুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে দিছপুৰৰ পৰা দিল্লীলৈকে তীব্ৰ প্ৰতিবাদী আন্দোলনৰো হুংকাৰ দিছে৷  ইফালে আজি পাভত জিলা বন সংমণ্ডল প্ৰাধিকাৰী এ কে দেৱ চৌধুৰীয়ে কয় যে, পাভ সংৰক্ষিত বনাঞ্চলখনক পূৰ্বৰ দৰে বনৰীয়া ম’হৰ বিচৰণথলী কৰিব বিচাৰি এনেদৰে বেদখল উচ্ছেদ চলোৱা হৈছে৷