Logo
image

কোহলিয়ে স্পৰ্শ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ

আমাৰ অসম, ১১ জানুৱাৰী: ক্ৰিকেট ভগৱান শচীন তেণ্ডুলকাৰ আছিল ৰোল মডেল৷ গুৱাহাটীত শীতৰ উমাল বিয়লিত বিৰাট কোহলিয়ে তেওঁৰ ৰোল মডেলক দেশত কৰা এদিনীয়া চেঞ্চুৰীৰ সংখ্যাৰে স্পৰ্শ কৰিলে৷ চট্টগ্ৰামত ১১৩ ৰান কৰি শচীনৰ কাষ চপা কোহলিয়ে তাৰ পাছৰখন মেচতেই নিজৰ আদৰ্শ ক্ৰিকেটাৰজনক স্পৰ্শ কৰিব পাৰিবনে–এনে এটা প্ৰশ্নই ক্ৰিকেটপ্ৰেমীক আমনি দিয়াৰ সময়তে গুৱাহাটীৰ বৰ্ষাপাৰাত মঙলবাৰৰ ৰৌদ্ৰোজ্বল বিয়লি দেশৰ মাটিত ২০ টা এদিনীয়া শতৰাণ কৰাৰ সেই অভিলেখ স্পৰ্শ কৰি টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কজনে প্ৰতীয়মান কৰিলে বগা বল  আৰু ক্ৰিকেটৰ মজলীয়া সংস্কৰণত তেওঁ এতিয়াও ‘কিং কোহলি৷’ পূৰ্ণ ফৰ্মত, হাত খুলি খেলা নিখুঁত কাভাৰ ড্ৰাইভ, মনিবন্ধৰ মোচৰেৰে লোৱা ফ্লিক আৰু প্ৰবাদ প্ৰতিম সুনীল গাভাস্কাৰৰ দৰে ফ্ৰণ্টফুটলৈ আহি খেলা ষ্ট্ৰেইট ড্ৰাইভৰ বিৰাট কোহলিক স্বচক্ষে দেখিবলৈ পোৱাতো আছিল স্বৰূপাৰ্থতে গুৱাহাটীৰ দৰ্শকৰ বাবে পৰম প্ৰাপ্তি আৰু অৱশ্যেই সৌভাগ্য৷ কোৱা বাহুল্য মাথোঁ, অধিক বিপদৰ মাজলৈ নোসোমাই ক্ৰিকেটৰ আদিপাঠক আকোঁৱালি লোৱা বিৰাট কোহলিয়ে ঘাইকৈ নিৰ্ভৰ কৰিছিল গ্ৰাউণ্ড ষ্ট্ৰোকত আৰু তেওঁক সেই ক্ষেত্ৰত সহায় কৰিছিল বৰ্ষাপাৰা ষ্টেডিয়ামৰ অসামান্য দ্ৰুতবেগী আউটফিল্ডে৷ জানুৱাৰীৰ বিয়লি যিখন আউটফিল্ড সামান্য সেমেকি থকাৰ আশংকা আছিল, বৰ্ষাপাৰাৰ এচিএৰ ক্ৰিকেট গ্ৰাউণ্ডৰ আউটফিল্ড ইয়াৰ বিপৰীতে পৰিষ্কাৰ ৰ’দত তীব্ৰবেগী হৈ পৰিছিল৷ য’ত কোহলিৰ নিখুঁত টাইমিঙৰ শ্বটত আগবঢ়া বলে ফিল্ডাৰে আয়ত্ব কৰাৰ পূৰ্বেই অনুমান কৰাতকৈ বেগত বাউণ্ডেৰী ৰ’প বাৰে বাৰে অতিক্ৰম কৰি গৈছিল৷ সন্দেহ নাই, শ্ৰীলংকাৰ বলাৰৰ প্ৰতি বিৰাট কোহলি আছিল আগ্ৰাসী, কিন্তু তেওঁৰ প্ৰতিটো শ্বটতে আছিল নিয়ন্ত্ৰণ, ক্ৰিকেটৰ ভাষাত তেওঁৰ খেল আছিল–কণ্ট্ৰলড এগ্ৰেছন৷ ৮৭ টা বলত ১১৩ ৰান কৰা কোহলিৰ ইনিংছটোত চকু দিলেই পৰিষ্কাৰ হৈ পৰে কোহলিৰ নিয়ন্ত্ৰিত আগ্ৰাসী খেলৰ ৰূপ৷ কিয়নো ১১৩ ৰানৰ ইনিংছটোত কোহলিৰ বেটৰ পৰা ওলাইছিল মাথোঁ এটা অভাৰ বাউণ্ডেৰী, ইয়াৰ বিপৰীতে তেওঁ প্ৰহাৰ কৰিছিল ১২ টা মসৃন বাউণ্ডেৰী৷ এই শতৰানৰ ৰাজকীয় ইনিংছটোত বহু সময়ত কোহলিৰ খেলত তেওঁৰ পূৰ্বসূৰী ৰাহুল দ্ৰাবিড়ৰ প্ৰতিফলন ঘটিছিল, শচীনৰ শিহৰণ উদ্ৰেককাৰী বেটিঙৰ প্ৰচ্ছায়া নাছিল তেওঁৰ বেটিঙত৷

বিৰাট কোহলিৰ এই শতক আছিল এদিনীয়াৰ তেওঁৰ ৪৫ সংখ্যক শতক৷ এই ৰাজসিক শতকেৰে তেওঁ শচীন তেণ্ডুলকাৰক এদিনীয়া শতকৰ সংখ্যাৰে স্পৰ্শ কৰিবলৈ মাথোঁ চাৰিটা শতক বাকী থাকিল৷  সামগ্ৰিকভাৱে এয়া আছিল কোহলিৰ ৭৩ সংখ্যক শতৰান, য’ৰ এটা টি-২০ ৰ আৰু ২৭ টা টেষ্ট শতৰান৷ কোহলিৰ বাবে এয়া আছিল দেশৰ মাটিৰ ২০ সংখ্যক এদিনীয়া শতৰান, যিটো শচীনৰ সৈতে সমসংখ্যক৷ শচীন তেণ্ডুলকাৰে দেশৰ মাটিত ২০ টা শতক কৰিবলৈ ১৬০ ইনিংছ খেলিছিল৷ অথচ কোহলিয়ে ৯৯টা ইনিংছতে সেই কৃতিত্ব অৰ্জন কৰিলে৷ একেদিনাই কোহলিয়ে কম ইনিংছত এদিনীয়াৰ ১২,৫০০ ৰান স্ক’ৰ কৰা ক্ৰিকেটাৰৰ অভিলেখো অৰ্জন কৰিলে৷ দ্ৰুতবেগী ১২,৫০০ ৰান সংগ্ৰহ কৰিবলৈ কোহলিক প্ৰয়োজন হ’ল ২৫৭ টা ইনিংছ৷ উল্লেখ্য এয়া আছিল কোহলিৰ গুৱাহাটীত তৃতীয়টো শতক৷