Logo
image

অসমীয়াৰ পদূলিমুখত হেঁপাহৰ ভোগালী

আমাৰ অসম, ১১ জানুৱাৰী: অসমীয়াৰ পদূলি মুখ আহি পাইছে হেঁপাহৰ ভোগালী বিহু৷ ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁঁ কেইটামান দিন বাকী৷ ৰাজ্যজুৰি ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত উজিছে৷    অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত অন্যতম ভোগালী বিহু বা মাঘ বিহু উপলক্ষে পুহ মহীয়া মহৰ শিঙ কপা জাৰকো নেওচি উদং পথাৰ সমূহত ভেলাঘৰ, মেজি সাজি থকা হৈছে৷ আঘোণৰ সোণালী পথাৰখনৰ পৰা লখিমী ভঁৰালত সযতনে থোৱা চহা অসমীয়াই মাঘ বিহুৰ উৰুকাৰ দিনা লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে৷ উৰুকাৰ নিশা এসাঁজ লগে ভাগে খোৱাৰ বাবে এতিয়া সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ভোগৰ উৎসৱ ভোগালী উপলক্ষে অসমীয়া যুৱতী, মহিলা সকলে লাড়ু, পিঠা, নানা জলপান প্ৰস্তুতৰ বাবে আখলত ব্যস্ত হৈ পৰিছে৷ সেইদৰে ঢেঁকীত খুন্দিছে চিৰা, বৰা চাউল আদি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুদিনীয়া, তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহুৰ আয়োজন কৰা হৈছে৷ সেইদৰে বিগত বছৰবোৰ দৰে এইবেলিও খৰামখাবাসীয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উদ্‌যাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে৷ সেই উপলক্ষে নিৰঞ্জন শৰ্মাক সভাপতি আৰু হেৰম্বৰ মহন্তক সম্পাদক হিচাপে মনোনীত কৰি এখন অভ্যৰ্থনা সমিতি গঠন কৰে গাঁওবাসীয়ে৷ খৰামথা ৰঙ্গ মঞ্চৰ শিৱ মন্দিৰ বাকৰিত অনুষ্ঠিত হ’বলগীয়া ভোগালী বিহুৰ ১৪ জানুৱাৰীত নিজ নিজ গৃহত উৰুকা পালন, ১৫ জানুৱাৰী দোমাহীৰ পুৱা ৮ বজাত মেজিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ধূপ ধূনা, নৈবেদ্য আগবঢ়াই ৰাইজৰ উপস্থিতি গাঁৱৰ বয়োজ্যেষ্ঠ সকলে ৮. ১০ বজাত লেজি জ্বলাই সূৰ্য দেৱতাক প্ৰণাম কৰিব৷ ৯ বজাত সমূহীয়া চাহ-জলপান, ১০ বজাত খেল -ধেমালী প্ৰতিযোগিতা, ৩ বজাত খৰামখা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপক বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব বঁটা বিতৰণী সভা৷ ১৬ জানুৱাৰীত পুৱা ৯ বজাত শিৱ মন্দিৰত স্থানীয় আয়তী সকলৰ দ্বাৰা নাম -প্ৰসংগ, দুপৰীয়া ১ বজাত থলুৱা বিভিন্ন ব্যঞ্জনেৰেসমূহীয়া ভোজ ভাতৰ আয়োজন কৰিছে৷ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিত সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সকলে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কংক্ৰিটৰ মহানগৰীতো ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী গণেশমন্দিৰ ন্যাস সমিতিৰ উদ্যোগত ভোগালী বিহুৰ আয়োজন কৰা হৈছে৷ ইতিমধ্যে তাত এটা সুন্দৰ মেজি সাজি উলিওৱা হৈছে৷ ভেলাঘৰ এটা নিৰ্মাণৰ কামো পূৰ্ণগতিত চলি আছে৷ ইফালে গুৱাহাটীৰ সিদ্ধিনাথ শৰ্মা ভৱনত মঙলবাৰৰ পৰা ১৪ জানুৱাৰীলৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে বুলি বৰ অসমৰ হৈ বিনীতা দত্ত চৌধুৰীয়ে জনায়৷ ইফালে লক্ষীধৰ বৰা ক্ষেত্ৰত চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰত মঙলবাৰৰ পৰা ১৪ জানুৱৰীলৈ আয়োজন কৰা ভোগালী মেলাত শিৱসাগৰ, সাপেখাতি, চৰাইদেউ, নলবাৰী, হাজো, ৰামদিয়া, তেজপুৰ আদি বহু কেইখন ঠাইৰ থলুৱা জা-জলপান, পিঠালাড়ু, হাজো, সৰভোগৰ দৈ, ক্ৰীম, শিৱসাগৰৰ হুৰুম, মালভোগ চিৰা, কোমল চাউল আদি বিক্ৰী কৰা হৈছে বুলি চিৰ সেউজ কলা কৃষ্টি কেন্দ্ৰৰ সভাপতি লীনা ৰাজকুমাৰী বৰুৱাই জনায়৷ ইফালে বৰনৈৰ বিপনীত ইলোৰা তামুলী, মৃদুস্মিতা বৰা আৰু পৰিমিতা বৰুৱাই ভোগালী বিহু উপলক্ষে উজনি অসমৰ থলুৱা জলপানৰ সম্ভাৰ হৈ আহিছে৷ এই সম্পৰ্কে মৃদুস্মিতা বৰাই কয়- ভোগালী বিহু উপলক্ষে ঘৰতে প্ৰস্তুত কৰি অনা পিঠা প্ৰতি পেকেট-৭০, ৮০টকা, নাৰিকলৰ লাড়ু ৭০ টকা, তিলৰ লাড়ু ৬০ টকা, তেল পিঠা প্ৰতিপেকেটত ৫০ টকা, জেং পিঠা প্ৰতি পেকেট-৫০ টকা, ঢেঁকীৰ চিৰা, বকুল বৰা চিৰা-১০০ টকা, জহা চাউল-১০০ টকা, ডেৰগাঁৱৰ গুৰ-১২০-টকা, হুৰুম ২০০ গ্ৰাম-১০০ টকা, ৰঙা বৰা চাউল-৭০ টকা, কোমল চাউল-১৫০ টকা, বৰা চাউল-ভজা চাউল-১২০ টকা আদিৰ লগতে পানী টেঙা ২০ টকা, জুলীয়া গুৰ ১৪০ টকাত উপলদ্ধ হৈছে৷ অসমীয়াই হেঁপাহেৰে আৰু লগে ভাগে এসাঁজ খোৱাৰ বাবে এতিয়া পদূলি মুখত থকা ভোগালীক আদৰিবলৈ সাজু হৈছে৷ চৌদিশে এতিয়া ভোগালী বিহুক আদৰিবলৈ এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ [ওৰাঙৰ প্ৰতিবেদকৰ সহযোগত]