Logo
image

অস্কাৰৰ দৌৰত ভাৰতৰ ৫খন ছবি

আমাৰ অসম, ১১ জানুৱাৰী:  ২০২৩ বৰ্ষৰ বাবে অস্কাৰৰ দৌৰত আছে দ্য কাশ্মীৰ ফাইলছসহ পাঁচখন ছবি৷ অস্কাৰৰ প্ৰাথমিক অনুমোদন তালিকাত স্থান লাভ কৰিছে দ্য কাশ্মীৰ ফাইলছ, আৰ আৰ আৰ, কাণ্টাৰা, গংগুবাই কোঠেৱালী আৰু ছেলো শ্ব’৷ ভিন্ন শিতানত মনোনয়ন লাভৰ বাবে ৩০০ ৰো অধিক ছবিৰ সৈতে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব উক্ত  ছবিকেইখনে৷ কেউখন ছবি অস্কাৰৰ প্ৰাথমিক অনুমোদন তালিকাত স্থান লাভ কৰিছে৷ দ্য কাশ্মীৰ ফাইলছ নামৰ ছবিখন পৰিচালনা কৰিছে বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে৷ আৰ আৰ আৰ  পৰিচালনা কৰিছে এছ এছ ৰাজামৌলীয়ে, কাণ্টাৰা নামৰ ছবিখন পৰিচালনা কৰিছে ঋষভ চেট্টীয়ে৷ ২০২২ চনত ৩০ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে ঋষভ চেট্টী পৰিচালিত ছবি কান্তাৰাই৷ সঞ্জয় লীলা ভাঞ্চালি পৰিচালিত গংগুৱাই কোঠেৱালী  মুক্তি লাভ কৰিছিল ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত৷ ইতিমধ্যে গংগুৱাই কোঠেৱালীয়ে সমালোচকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে৷ আনহাতে, শ্বেলো শ্ব’ পৰিচালনা কৰিছে প্ৰখ্যাত পৰিচালক পাণ নলিনে৷ উল্লেখ্য, দ্য কাশ্মীৰ ফাইলছ চাবলৈ অসম চৰকাৰে সকলো বিষয়া-কৰ্মচাৰীক এদিনৰ অৰ্ধ ছুটি দিছিল৷ বিদ্যালয়ো অৰ্ধ ছুটি দিয়া হৈছিল ছবিখন চাবৰ বাবে৷ ছবিখন মুক্তি লাভ কৰাৰ পাছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷ কাশ্মীৰী পণ্ডিতসকলৰ অৱনৰ্নীয় জীৱন গাঁথাক লৈ নিৰ্মাণ কৰা হৈছিল ছবিখন৷ দ্য একাডেমী অব মোচন পিকচাৰ আৰ্টচ এণ্ড চায়ন্সে মঙলবাৰে উক্ত তালিকাখন প্ৰকাশ কৰিছে৷ মূল অনুমোদনৰ তালিকা প্ৰকাশ পাব ২৪ জানুৱাৰীত৷ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানৰ বাবে পল্লৱী যোশী, মিঠুন চক্ৰৱৰ্তী, দৰ্শন কুমাৰ আৰু অনুপম খেৰৰ নাম বাছনি কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ অৱশ্যে উক্ত তালিকাও প্ৰাৰম্ভিক পৰ্যায়ত থকা বুলি উল্লেখ কৰা হৈছে৷