Logo
image

পূব মণ্ডল যুৱ মহোৎসৱত উজলিল কটন বিশ্ববিদ্যালয়

আমাৰ অসম, ১১ জানুৱাৰী:   ছায়েন্স এণ্ড টেকনল’জি বিশ্ববিদ্যালয় মেঘালয় [ইউএছটিএম]ত অনুষ্ঠিত শেহতীয়াকৈ সমাপ্ত হোৱা ৩৬ সংখ্যক পূব মণ্ডল যুৱ মহোৎসৱত কেইবাটাও পদক অৰ্জন কৰি কটন বিশ্ববিদ্যালয়ৰ ৪৯ জনীয়া দলটোৱে অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ দেওবাৰে সমাপ্ত হোৱা যুৱ উৎসৱ ৪ জানুৱাৰীত আৰম্ভ হৈছিল আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ পৰা ১৫খন বিশ্ববিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰিছিল৷ কটন বিশ্ববিদ্যালয়ে প্ৰথম স্থান লাভ কৰা প্ৰতিযোগিতাসমূহ হ’ল– সাংস্কৃতিক শোভাযাত্ৰা, শাস্ত্ৰীয় সংগীত [একক], শাস্ত্ৰীয় বাদ্যযন্ত্ৰ একক [পাৰকাচন], শাস্ত্ৰীয় বাদ্যযন্ত্ৰ একক, পশ্চিমীয় বাদ্যযন্ত্ৰ [একক] আৰু লোক নৃত্য৷ ভাৰতীয় দলীয় সংগীত[ইণ্ডিয়ান গ্ৰূপ চং], পশ্চিমীয় সংগীত [একক], স্কিট আৰু কুইজ প্ৰতিযোগিতাতো দ্বিতীয় স্থান লাভ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়ে মিমিক্ৰি আৰু ফ’ক অৰ্কেষ্ট্ৰাত তৃতীয় স্থান লাভ কৰে৷ বিভিন্ন শ্ৰেণীত পুৰস্কাৰ লাভ কৰাৰ উপৰিও কটন বিশ্ববিদ্যালয়ে সংগীত শাখাত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ, নৃত্য শাখাত দ্বিতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ, থিয়েটাৰ আৰু সাহিত্য শাখাত তৃতীয় শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আৰু সামগ্ৰিক শ্ৰেণীত ৰানাৰ-আপ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰে৷ মণিপুৰ সংস্কৃতি বিশ্ববিদ্যালয়ে সামগ্ৰিক শ্ৰেণীত প্ৰথম স্থান লাভ কৰে আৰু মণিপুৰ বিশ্ববিদ্যালয় সামগ্ৰিক দ্বিতীয় ৰানাৰ-আপ দল হিচাপে পৰিগণিত হয়৷ উল্লেখযোগ্য যে সামগ্ৰিক শ্ৰেণীৰ শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা কটন বিশ্ববিদ্যালয় হৈছে অসমৰ একমাত্ৰ বিশ্ববিদ্যালয়৷ যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ সফলতা সন্দৰ্ভত মন্তব্য কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মন্তব্য কৰে, ‘যুৱ মহোৎসৱৰ ফলাফল আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত৷ এইয়া কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ভিতৰত অপৰিসীম সম্ভাৱনা আৰু অসাধাৰণ প্ৰতিভা থকাৰ এটা প্ৰমাণ৷ উপাচাৰ্য হিচাবে মই গৌৰৱান্বিত অনুভৱ কৰোঁ যে বিশ্ববিদ্যালয়খনে শীৰ্ষ তিনিখন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান পাইছে আৰু যুৱ মহোৎসৱত সামগ্ৰিক শ্ৰেণীৰ তালিকাত স্থান পোৱা অসমৰ একমাত্ৰ বিশ্ববিদ্যালয়৷ মই আমাৰ বিশ্ববিদ্যালয় তথা আন বিশ্ববিদ্যালয়ৰ পৰা এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো৷ ‘কটন বিশ্ববিদ্যালয়ৰ দলটোৰ নেতৃত্ব দিছিল ফেকাল্টি -ইন-চাৰ্জ- কটন বিশ্ববিদ্যালয়ৰ গণ-সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড॰ মুক্তিকাম হাজৰিকা আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ স্বপ্নালী দাসে৷ অন্যান্য অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহ আছিল- গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, নৰ্থ-ইষ্ট হিল বিশ্ববিদ্যালয়, আইচিএফএআই বিশ্ববিদ্যালয়, ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, ইউএছটিএম, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় আৰু ধনমাঞ্জুৰী বিশ্ববিদ্যালয়৷ কটন বিশ্ববিদ্যালয়ৰ দলটোৱে এতিয়া জৈন বিশ্ববিদ্যালয় বাংগালোৰত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৩ত ভাৰতৰ ছয়টা অঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব৷