Logo
image

ন্যায়াধীশ এন কটিশ্বৰ সিঙক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ নিযুক্ত

আমাৰ অসম, ১১ জানুৱাৰী:  ন্যায়াধীশ এন কটিশ্বৰ সিঙক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰণালয়ে মঙলবাৰে সিঙক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিছে৷ বিগত বৰ্ষত উচ্ছতম ন্যায়ালয়ৰ কলেজীয়ামে সিঙৰ নামটো গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিবলৈ অনুমোদন কৰিছিল৷ কলেজীয়ামৰ অনুমোদনৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰণালয়ে সিঙক গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে৷ উল্লেখ্য, ১২ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰশ্মিন এম ছায়াই৷ পূৰ্বে সিঙৰ নামটো জম্মু আৰু কাশ্মীৰৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাইছিল কলেজীয়ামে৷