Logo
image

ৰাজ্যত দুবছৰলৈ অনুষ্ঠিত নহয় টেট পৰীক্ষা : চৰকাৰক সিদ্ধান্ত বাতিলৰ দাবী আছুৰ

ডিজিটেল ডেস্ক : ৰাজ্যত আগন্তুক দুবছৰলৈ অনুষ্ঠিত কৰা নহয় নিম্ন প্ৰাথমিক আৰু মাধ্যমিকৰ টেট পৰীক্ষা। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ বাবে বাধ্যতামূলক নহয় টেট। এই কথা ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

আজি এক সংবাদমেলত ৰণোজ পেগুৱে কয় যে টেট পাছ কৰা বহু প্ৰাৰ্থী আছে, তেওঁলোকক আবেদন কৰাৰ সুবিধা দিয়া হ’ব। চি টেট উত্তীৰ্ণসকলেও ৰাজ্য চৰকাৰৰ পদৰ বাবে কৰিব পাৰিব আবেদন। পূৰ্বে শিক্ষা বিভাগে চি টেট উত্তীৰ্ণসকলক আবেদনৰ বাবে অনুমতি দিয়া নাছিল। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বছৰেকীয়া পৰীক্ষাৰ পিছতে হ’ব বদলিকৰণ প্ৰক্ৰিয়া।

ইফালে শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দুবছৰলৈ টেট অনুষ্ঠিত নকৰাৰ শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ তেওঁ কয় যে টেটৰ জৰিয়তে চৰকাৰী মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ ওপৰত ধনাত্মক প্ৰভাৱ পৰিছিল৷ কিন্তু চাকৰি দিব নোৱাৰিব বুলি ভাবি দুবছৰৰ বাবে চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে সেয়া যুক্তিকৰ কথা নহয়৷ চৰকাৰৰ দায়িত্ব হৈছে চাকৰীৰ সৃষ্টি কৰি শিক্ষিত নিবনুৱাক সংস্থাপিত কৰা৷ কিন্তু চাকৰি দিব নোৱাৰিব বুলি চলি থকা এটা ধনাত্মক প্ৰক্ৰিয়া বন্ধ কৰিব বিচৰাটো কেতিয়াও যোগাত্মক নহয়৷ লগতে চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ বাবে দাবী জনায় শংকৰজ্যোতি বৰুৱাই৷