Logo
image

‘নাক’ৰ পৰা বহু দূৰত ৰাজ্যৰ ১১৪খন কলেজ

আমাৰ অসম, ১২ জানুৱাৰী:  ‘নাক’ৰ পৰা বহু দূৰত আছে অসমৰ শ শ মহাবিদ্যালয়৷ ৰাজ্যৰ উচ্ছ শিক্ষা সঞ্চালকালয়ৰ বাৰম্বাৰ জাননীৰ পাছতো ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ ‘নাক’ৰ পৰিদৰ্শন-মূল্যায়ণ কৰোৱা নাই ৰাজ্যৰ শ শ প্ৰাদেশিকীকৃত কলেজে৷ উচ্ছ শিক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে, ৰাজ্যৰ মুঠ ৩২৬খন প্ৰাদেশিকীকৃত মহাবিদ্যালয় ভিতৰত ১১৪খনে আজিকোপতি এবাৰো কৰোৱা নাই ‘নাক’ৰ মূল্যায়ন৷ আনহাতে, ৩২৬খন মহাবিদ্যালয়ৰ ভিতৰৰ ২১২খনে পূৰ্বে নাকৰ মূল্যায়ন কৰাইছে যদিও ১৫২খনৰে পাঁচবছৰীয়া মূল্যায়নৰ বৈধতা শেষ হৈছে৷ এই ১৫২খন কলেজৰ ভিতৰৰ ৬০খনেহে নাকৰ পুনৰ মূল্যায়ন কৰাইছে৷ ৯২খনে এতিয়াও নাকৰ দ্বাৰা পুনৰ মূল্যায়ন কৰোৱা নাই৷ আমাৰ হাতত থকা তথ্য অনুসৰি ৰাজ্যৰ নাকৰ মূল্যায়ন আপডেট থকা ৬০খন কলেজৰ কেইখনমানৰ  প্ৰাপ্ত গ্ৰেড এনেধৰণৰ– বি বি কৃষাণ কলেজ [চি], লালুক কলেজ [বি], তেজপুৰ কলেজ [চি+], জেডিএছজি কলেজ [বি], পাণ্ডু কলেজ [বি], ডিচিবি গাৰ্লছ কলেজ [বি+], নলবাৰী কলেজ [বি], বঙাইগাঁও কলেজ [বি], দৰং কলেজ [বি+], মাজুলী কলেজ [বি], মঙলদৈ কলেজ [চি], বি বি কে বি কলেজ [এ], সন্দিকৈ ছোৱালী মহাবিদ্যালয় [বি], মায়ং আঞ্চলিক মহাবিদ্যালয় [এ+]৷ আনহাতে, নাকৰ এবাৰো মূল্যায়ন নকৰা ১১৪খন মহাবিদ্যালয়ৰ ভিতৰত আছে বিহালী ডিগ্ৰী কলেজ, শিলচৰ কলেজ, সাপেখাটী কলেজ, সোণাৰি কমাৰ্চ কলেজ, দুলীয়াজান গাৰ্লছ কলেজ, জলেশ্বৰ কলেজ, নকছাৰী কলেজ, পাথাৰকান্দি কলেজ, দমদমা কলেজ, চিনামৰা কলেজ আদি কলেজৰ নাম৷ ইফালে, অলপতে অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত দিয়া বিবৃতি অনুসৰি নাকৰ মূল্যায়নৰ কোনো ধৰণৰ কাম নকৰা ৮৮খন কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে৷ এই কলেজসমূহৰ অধ্যক্ষসকলৰ উত্তৰ সন্তোষজনক নহ’লে, এনে কলেজৰ প্ৰাদেশিকীকৰণ কৰ্তন, শিক্ষকৰ দৰমহা কৰ্তন আদি হ’ব পাৰে বুলিও শিক্ষামন্ত্ৰীয়ে সকীয়নি দিছে৷ লক্ষণীয় যে কেৱল মহাবিদ্যালয়েই নহয়, ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ে এতিয়ালৈ এবাৰো কৰোৱা নাই নাকৰ মূল্যায়ন৷