Logo
image

বৰঝাৰ বিমানবন্দৰত মাঘ বিহুৰ উখল-মাখল : বিমানকোঠত সাজি উলিওৱা হৈছে মেজিঘৰ

ডিজিটেল সংবাদ, গুৱাহাটী : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰা আৰু ঐতিহ্যক সদায় আগস্থান দি অহা হৈছে। যোৱা বছৰৰ দৰে এইবাৰো মাঘ বিহুৰ উপলক্ষ্যে দুটাকৈ মেজিঘৰ সাজি উলিওৱা হৈছে। মেজিঘৰ দুটা ক্ৰমান্বয়ে যাত্ৰীৰ আগমন কক্ষ আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি প্ৰদৰ্শন কৰা হৈছে।

দেশ-বিদেশৰ পৰা অহা বহু যাত্ৰীয়ে মেজিঘৰৰ কাষত ৰৈ চেল্ফি লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে মেজিঘৰ দুটা সম্পূৰ্ণ পাৰম্পৰিক পদ্ধতিৰে, বাঁহ, ধানখেৰৰে প্ৰস্তুত কৰা হৈছে। মেজিৰ কাষতে ডলা-চালনীৰে আটক ধুনীয়াকৈ এখন শৰাইত তিলপিঠা, তিলৰ লাডু, নাৰিকলৰ লাডু, বৰপিঠা ইত্যাদিও প্ৰদৰ্শন কৰা হৈছে।