Logo
image

পাৱাৰলুমৰ গামোচা নিষিদ্ধ

ডিজিটেল সংবাদ, ১৪ জানুৱাৰী: ‘ৰাজ্যত পাৱাৰলুমৰ গামোচা নিষিদ্ধ৷ ফেব্ৰুৱাৰীৰ পৰা মেচিনৰ গামোচা, মেখেলা-চাদৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিব৷ এপ্ৰিল মাহলৈ মেচিনত প্ৰস্তুত কৰা গামোচাৰ বিৰুদ্ধে চলিব অভিযান৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ 

ভোগালী বিহুৰ প্ৰাকক্ষণত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে কঠোৰস্থিতি ঘোষণা কৰি আজি মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত এনেদৰে কয়–‘ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈকে মদ খাই গাড়ী চলোৱা আমি বন্ধ কৰি দিছিলো৷ ঠিক সেইদৰে এইবাৰ আমি এটা অভিযান চলাব লাগিব৷ এই অভিযান ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈকে চলিব৷

এই অভিযানটো হ’ব পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে৷ পাৱাৰলুমৰ গামোচা আমি কেতিয়াও বিক্ৰী কৰিবলৈ দিব নোৱাৰো৷ কিন্তু পাৱাৰলুমৰ গামোচা বিক্ৰী হৈ আছে৷ অথচ আমাৰ হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টে আজিলৈকে এখন চাৰ্কুলৰো উলিওৱা নাই যে পাৱাৰ পাৱাৰলুমৰ গামোচা নিকিনিব, আইন বিৰুদ্ধ৷ এই কথাখিনি মই এই কাৰণেই কৈছো যে আমি  যেতিয়ালৈকে সক্ৰিয় নহও, মন-মগজুৱে আমাৰ যেতিয়ালৈকে সক্ৰিয়ভাৱে কাম কৰিব নোৱাৰে, অসমৰ শিপিনীক আমি আৰ্থিক অভাৱৰ পৰা উলিয়াই আনিব নোৱাৰো৷ আজি প্ৰথমবাৰৰ বাবে হস্ততাত বস্ত্ৰশিল্প বিভাগে অসমত এই ধৰণৰ এক ঐতিহাসিক কামত হাত দিছে৷ গামোচা কিনা আমি কল্পনাও কৰিব পৰা নাছিলো৷ প্ৰশ্ন আছিল কিনিলে ক’ত বিক্ৰী কৰিম৷ মই এটাই কৈছিলো যে ক’ত বিক্ৰী কৰিম পাছত চিন্তা কৰি থাকিম, প্ৰথম কিনি লওঁ৷ কাৰণ আমি শিপীনীসকলক কিছু হ’লেও সকাহ দিব লাগিব৷’ লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ নিজা সমষ্টি শুৱালকুছিৰ থলুৱা পাটকাপোৰ শিল্পৰ সৈতে জড়িত একাংশ শিপিনীয়ে বাৰম্বাৰ বহিঃৰাজ্যৰ  চিল্ককাপোৰ শুৱালকুছিৰ বস্ত্ৰৰ নামত বিক্ৰী হৈ থকা বুলি অভিযোগ কৰি ইয়াক বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে৷