Logo
image

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ মাজতে দিল্লীত মোদীৰ ৰোড শ্ব’

আমাৰ অসম, ১৭ জানুৱাৰী: গুজৰাট বিধানসভাৰ নিৰ্বাচনত বিপুল বিজয় অৰ্জন কৰাৰ সমস্ত কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কান্ধত অৰ্পণ কৰি দেশৰ শাসনাধিষ্ঠিত দল বিজেপিয়ে মোদীক অভিনন্দন জনোৱাৰ বাবে দিল্লীত আয়োজন কৰা ৰোড শ্ব’ত প্ৰবল জনসমৰ্থন লাভ কৰে গেৰুৱা দলটোৱে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পেটেল চ’কৰ পৰা এনডিএমচি মুখ্য কাৰ্যালয়লৈ এক কিলোমিটাৰ পথ ৰোড শ্ব’ত ভাগ লৈ সোমবাৰে দলৰ সমৰ্থকৰ পৰা অকুণ্ঠ সমৰ্থন লাভ কৰে৷ সোমবাৰে বিয়লি বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয়  কাৰ্যনিৰ্বাহকত যোগদানৰ বাবে যোৱা পথত ৰোড শ্ব’ত ভাগ লৈ মোদীয়ে দলীয় কৰ্মকৰ্তাৰ পৰা অভিনন্দন  লাভ কৰে৷ দলৰ নেতা বিনোদ তাগুৰেই জনায়, গুজৰাটৰ বিপুল বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিবলৈ দলৰ সকলোৱেই উৎসূক হৈ আছিল৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, স্বয়ং নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বিপুল বিজয়ৰ কৃতিত্ব প্ৰদান কৰিছিল গুজৰাটৰ প্ৰদেশ বিজেপি সভাপতি চি আৰ পাটিলক৷ মোদীয়ে চি আৰ পাটিলক কৃতিত্ব প্ৰদান কৰাৰ আঁৰতো এটা উদ্দেশ্য আছে বুলি দলৰ ঘনিষ্ঠ সূত্ৰৰ দাবী৷ নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰিকল্পনা হৈছে, চি আৰ পাটিলক দলৰ ৰাষ্ট্ৰীয়  সভাপতিৰ দায়িত্ব অৰ্পণ কৰা৷ তেতিয়া দেশৰ চৰকাৰ আৰু চৰকাৰৰ নেতৃস্থানীয় দলৰ তিনিজন মূল নেতাই হ’ব গুজৰাটৰ৷ অৱশ্যে সোমবাৰ আৰু মঙলবাৰে হ’বলগীয়া দুদিনীয়া ৰাষ্ট্ৰীয়  কাৰ্যনিৰ্বাহকত ৰাষ্ট্ৰীয়  সভাপতি হিচাপে জে পি নড্ডাই দায়িত্বত থাকিব৷ তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন পৰ্যন্ত সভাপতিৰ দায়িত্বত থাকিব আৰু তাৰ পাছতে দলৰ মুৰব্বী হ’ব গুজৰাটৰ নেতা চি আৰ পাটিল৷ প্ৰসংগতঃ চৰকাৰৰ দুই মুৰব্বী প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপিৰ মুৰব্বীও তেতিয়া গুজৰাট হ’ব৷ সোমবাৰে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক আৰম্ভ হোৱাৰ পূৰ্বে জে পি নড্ডাই সকলো ৰাজ্যৰ দায়িত্বপ্ৰাপ্ত মুৰব্বী আৰু সহ-মুৰব্বীৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ 

ইপিনে কংগ্ৰেছৰ দাবী, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই দিল্লীত বিপুল সমৰ্থন লাভ কৰা দেখিয়েই দৌৰাদৌৰিকৈ বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীক লৈ দিল্লীত ৰোড শ্ব’ আয়োজন কৰিছে৷ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয়–‘গুজৰাটত নিৰ্বাচন হৈ যোৱা এমাহ পাৰ হ’ল৷ এতিয়া হঠাতে বিজেপিয়ে দিল্লীত গুজৰাটৰ বিজয়ক লৈ ৰোড শ্ব’ কৰাটো হাস্যকৰ ঘটনা৷ অচলতে ভাৰত জোড়ো যাত্ৰাৰ সাফল্য দেখি বিজেপিয়ে নিৰাপত্তাহীনতাত ভূগিছে৷ সেয়ে বিজেপিয়ে ৰ কিলোমিটাৰৰ ৰোড শ্ব’ৰ নামত ৰসিকতা কৰিছে৷ উপায় নোহোৱাত তেওঁলোকে প্ৰধানমন্ত্ৰীক অৰ্থহীনভাৱে পথত জনাইছে আৰু ইয়াৰ কাৰণ ক’বলৈ একো নোহোৱাত গুজৰাটৰ বিজয়ৰ নামকে লগাই দিছে৷ বিজেপিৰ এই কাৰ্যকলাপ প্ৰকৃততে হাস্যস্পদ৷’ উল্লেখ্য, বুলেটপ্ৰুফ এছ ইউ ভি গাড়ীত দুৱাৰ খুলি থিয় হৈ মোদীয়ে এই ৰোড শ্ব’ত ভাগ লয়৷ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ খাতিৰত নতুন দিল্লীৰ প্ৰাণকেন্দ্ৰ অশোক ৰোড, জয়সিংহ ৰোড, সংসদ মাৰ্গ, টলষ্টয় ৰোড, ৰফি মাৰ্গ, যন্তৰ মন্তৰ ৰোড ইত্যাদি সোমবাৰে বন্ধ কৰি দিয়াত নিশালৈকে দিল্লীত প্ৰবল যান-জঁটৰ সৃষ্টি হয়৷ 

সামগ্ৰিকভাৱে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ৰূপৰেখা তৈয়াৰ কৰাই বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহকৰ উদ্দেশ্য৷ এই কাৰ্যনিৰ্বাহকত ৩৫জন কেন্দ্ৰীয় মন্ত্ৰী, ১২জন মুখ্যমন্ত্ৰী আৰু ৩৭জন ৰাজ্যিক মুৰব্বীৰ লগতে ৩৫০জন দলীয় নেতাই ভাগ লৈছে৷ কাৰ্যনিৰ্বাহকৰ লগত সংগতি ৰাখি ৩খন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে৷ প্ৰদৰ্শনীৰ মূল থিম ৩টা হৈছে–সেৱা-সংগঠন-সমৰ্পন, বিশ্বগুৰু ভাৰত আৰু সুশাসন প্ৰথম৷ এই প্ৰদৰ্শনী চাই সকলো নেতাই নিজ নিজ ৰাজ্যত বিজেপিৰ সাফল্যৰ বিষয়ে বতৰা দিব৷ কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনটোত শীৰ্ষ নেতৃত্বই ২০২৩ চনত হ’বলগীয়া ৯খন ৰাজ্যৰ নিৰ্বাচনত বিজয়ৰ লক্ষ্য স্থিৰ কৰিছে আৰু এই বিধানসভাৰ নিৰ্বাচন লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেল হিচাপে গণ্য কৰিবলৈ সকলোকে নিৰ্দেশ দিছে৷

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহকত মুখ্যমন্ত্ৰী ড॰ শৰ্মা

দেওবাৰে দিল্লী আহি পোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি দলৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত অংশ গ্ৰহণ কৰে৷ লক্ষণীয়ভাৱে বৈঠকৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দলৰ ৰাষ্ট্ৰীয় বিষয়বৱীয়াসকলক সম্বোধন কৰে৷ বৈঠকৰ পূৰ্বে বিজেপিৰ গুজৰাট বিধানসভাৰ বিজয় উৎসৱ পালন কৰি প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লী এলেকাত এক বিশাল ৰড শ্বতো অংশ গ্ৰহণ কৰে৷ এই ৰড শ্বতো ভাগ লয় মুখ্যমন্ত্ৰীয়ে৷ ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি পুৱাৰ ভাগত গণৰাজ্য দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰিব লগীয়া এন চি চিৰ দল এটাৰ সৈতে সময় কটোৱা পৰিলক্ষিত হয়৷ দেশৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত কৰা এন চি চিৰ সাংস্কৃতিক অনুষ্ঠানতো মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰে৷ বাস্তৱত গণৰাজ্য দিৱসৰ পেৰেডত উপস্থাপন কৰিব লগীয়া সাংস্কৃতিক অনুষ্ঠানৰ খচৰাহে মুখ্যমন্ত্ৰীয়ে আজি উপভোগ কৰে৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে৷ সাক্ষাতকালত ডঃ শৰ্মাই মন্ত্ৰী ৰেড্ডীৰ সৈতে উত্তৰপূৰ্বাঞ্চলত বিশেষকৈ অসমত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহকলৈ আলোচনাত মিলিত হয়৷ পাছত টুইটাৰত মুখ্যমন্ত্ৰীজনে উক্ত বৈঠক সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে ডোনাৰ মন্ত্ৰালয়ে উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে৷