Logo
image

এনকাউণ্টাৰ চলিবই, আমাক গুলীয়ালে আমিও গুলীয়াম

আমাৰ অসম, ১৭ জানুৱাৰী:  এনকাউণ্টাৰ চলিবই, আমাক গুলীয়ালে আমিও গুলীয়াম৷ এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই৷ মহানগৰীৰ উলুবাৰিস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ   আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে কোনোবাই আমাক গুলী মাৰিলে, আমিও গুলী মাৰিম, এইটোৱেই এনকাউণ্টাৰ৷ ২০২২ ত কিমান এনকাউণ্টাৰ হ’ল তাৰ উত্তৰ সংবাদমেলত দিয়াৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানজনে বিৰত থাকে৷ পৰৱৰ্তী সময়ত এনকাউণ্টাৰৰ সঠিক নম্বৰ দিয়াৰ আশ্বাস দি ডিজিপি জনে কয় যে আৰক্ষীয়ে ভুল কৰিলে আৰক্ষীয়ে নৰম নহয়৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ২০২২ চনৰ অপৰাধ সন্দৰ্ভত আজি ডিজিপিয়ে সাংবাদমেলৰ আয়োজন কৰে৷ সাংবাদমেলত ডিজিপিয়ে উল্লেখ কৰা অনুসৰি প্ৰতি লাখ জনসংখ্যা অনুপাতে ৩৬৬টা গোচৰ পঞ্জীয়ন হয়৷ ২০২১ চনত ৯৪, ০০০ গোচৰ অমিমাংসিত হৈ আছিল৷ ২০২২ চনত ৫৮৯০৮টা গোচৰ অমিমাংসিত হৈ আছে৷  ২০২১ চনৰ তুলনাত অপৰাধ কমিছে৷’ ২০২২ চনত ৬৯৪৩৯টা অপৰাধজনীত ঘটনা সংঘটিত হয়৷ ইতিমধ্যে ৪৮ শতাংশ চাৰ্জশ্বিট দিয়া হৈছে৷ পূৰ্বতে ৩৫ শতাংশ চাৰ্জশ্বিট দিয়া হৈছিল৷ ২০২২ চনত মহিলাৰ বিৰুদ্ধে ১২০৩৪টা গোচৰ ৰজু হৈছে৷ ২০২১চনৰ তুলনাত ৫০ শতাংশ গোচৰ কমিছে মহিলাৰ বিৰুদ্ধে৷ মহিলাৰ ওপৰত অপৰাধ হ’লে কি কৰা হ’ব তাকে লৈ কাম কৰা হৈছে৷ ২০২২ চনত মানৱ সৰবৰাহৰ ৯৬টা গোচৰ ৰজু হৈছে৷ ইয়াৰ মাজতে Anti human trafficking cell খুলি এছ পি নিয়োগ কৰা হৈছে৷ Social media watch cell strong কৰা হৈছে৷ Cyber crimeত ২০২২ বৰ্ষত ১৭৮১টা গোচৰ ৰুজু হৈছে আৰু ২০২১ চনত ৪৮৪৬ গোচৰ ৰজু হৈছিল৷ Financial cyber fraudৰ বাবে ১৯৩০ toll free নম্বৰ ২৪ ঘণ্টাই খোলা থাকে অসম আৰক্ষীৰ৷ Property crime ২০২২৬নত ১৪৩৮১টা আৰু ২০২১ চনত property crime ইয়াৰ দুগুণ আছিল৷ ৬৬ কোটি ডকাইতি সম্পত্তি উদ্ধাৰ কৰা হৈছে৷ উদ্ধাৰ কৰা হাৰ ৬৮ শতাংশ লৈ উন্নত হৈছে৷ ২০২২ চনত ডকাইতি গোচৰ সংখ্যা ৮৫ টা৷ ২২৭৫টা এন ডি পি এছ গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰে ৪৭ শতাংশ সফলতা অৰ্জন কৰা হৈছে৷ ২০১৯ বৰ্ষৰ তুলনাত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা চাৰি গুণ বাঢ়িছে৷  গৰু ছিণ্ডিকেট কৰা বহু লোকৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে৷ গৰু ছিণ্ডিকেট সন্দৰ্ভত ১১৮১টা গোচৰ পঞ্জীয়ন কৰা হৈছে৷ ২০২২ চনত ৭২০০ কেজি বাৰ্মাৰ চুপাৰি জব্দ জব্দ কৰা হৈছে৷ ৰাজ্যত ৫টা নতুন ফৰেনসিক পৰীক্ষাগাৰ হ’ব৷ ১১খন জিলাত বিশেষ কোষ খোলা আছে৷ যত পুলিচৰ লগত সমাজকৰ্মী মিলিত হৈছে৷ অপৰাধ হ’লে মহিলা সকলে কি কৰিব তাক লৈ হেণ্ডবুক উলিওৱা হৈছে, এছ অ পি বনোৱা হৈছে৷ ১৯৩০ এই হেল্পলাইন নম্বৰটো অসমত ২৪ ঘণ্টাই খোলা থাকে, অন্য দেশত ১২ ঘণ্টা থাকে এই হেল্পলাইন নম্ৱৰটো৷ ২০২১ চনত ৯৪০০০টা গোচৰ অমিমাংসিত হৈ আছিল৷ ২০২২ চনত ৫৮৯০৮টা গোচৰ অমিমাংসিত হৈ আছে৷  ‘‘২০২১ চনৰ তুলনাত অপৰাধ হ্ৰাস পাইছে৷ ‘‘৪৮ শতাংশ চাৰ্জশ্বিট দিয়া হৈছে৷ আগতে ৩৫ শতাংশ আছিল৷ ৫৮৯০৮টা গোচৰ বৰ্তমান অমিমাংসিত হৈ আছে৷  ২০২২ লৈ অমিমাংসিত গোচৰ আছিল ৯৫৯৯৪ টা৷ ২০২০ ত ৰলাখতকৈ বেছি অমিমাংসিত গোচৰ আছিল৷ পূৰ্বে এজন তদন্তকাৰী বিষয়াৰ হাতত বহু গোচৰ আছিল৷ সেয়ে সময় লাগিছিল গোচৰ নিষ্পত্তি কৰিবলৈ৷  এজন ইনভেষ্টিগেটিভ অফিচাৰৰ বিপৰীতে পূৰ্বে ৫২টাকৈ গোচৰ আছিল৷ এতিয়া সেই সংখ্যা কমি ২৫ লৈ হ্ৰাস পাইছে৷ ২০২২ চনত ৬৯৪৩৯টা অপৰাধমূলক গোচৰ ৰজু হৈছে৷ ‘‘মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ হাৰ যথেষ্ট কমিছে৷ আমি ভূক্তভোগী মহিলাক কাউন্সিলিঙৰো ব্যৱস্থা কৰিছো শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ ২০২২ ত: - ৪৩০৬টা গোচৰ৷ পূৰ্বে ৫২৮২টা আছিল৷ ২০২২ ত হ্ৰাস হৈছে চাইবাৰ অপৰাধৰ ঘটনাও৷ ২০২২ ত ৰজু হোৱা চাইবাৰ অপৰাধৰ ঘটনাত ১৭৮১টা গোচৰ পঞ্জীয়ন হৈছে৷ হত্যাকাণ্ডৰ গোচৰো যথেষ্ট হ্ৰাস পাইছে৷ ২০২১ ত property crime আছিল ২৯১১৩টা আৰু ২০২২ত property crime- ১৪৩০১টা আছিল৷ ২০২৩ চনত অসমত ৮৫টা ডকাইতি কাণ্ডৰ গোচৰ ৰুজু হৈছে৷  এন ডি পি এছ এ”ত ২৮৭৮টা গোচৰ ৰজু হৈছে৷  ২০২২ চনত ৪৬৯৪ ড্ৰাগছ পেদলাৰ গ্ৰেপ্তাৰ হৈছে আৰু ৪৯ কেজি হেৰ’ইন জব্দ হৈছে লগতে ২০২২ চনত ৫২ লাখ টেবেলেত জব্দ কৰা হৈছে৷ ২০২২ ত ১২৪০২টা গৰু জব্দ কৰা হৈছে৷  ৰ লাখ জ্জ হাজাৰ বাৰ্মিজ চুপাৰি জব্দ আৰু, ২.১৮ লাখ মূল্যৰ লিকাৰ জব্দ কৰা হৈছে৷ ২০২২ত যান-বাহন আইন ভঙ্গৰ দোষত ৭৪ কোটিতকৈও অধিক টকা জৰিমনা বিহা হৈছে৷ এপবেচ নীতিৰে আগবাঢ়িছে অসম পুলিচ৷ বিভিন্ন এপৰ জৰিয়তে সাধাৰণ লোকে অসম আৰক্ষীক কাষত পাব ভবিষ্যতৰ দিনত৷ কনিষ্টবল চাকৰিৰ ভুৱা চাৰ্টিফিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিজিপি য়ে কয়– ‘যোগ্যসকলে চাকৰি পাব৷ যিসকলৰ চাৰ্টিফিকেট ভুৱা নহয় বুলি প্ৰমাণিত হৈছে তেওঁলোকে চাকৰি পাব৷ ৪, ৫০০টা পদত নতুন নিযুক্তি হ’ব আৰক্ষীত৷ আৰক্ষী থানাত মানুহ কেতিয়াওঁ পৰ্য্যাপ্ত নাথাকে৷ কিন্তু পূৰ্বতকৈ ভাল স্থিতিত আছে অসম আৰক্ষী৷ আমি যদি ৯৫টা গোচৰ নিষ্পত্তিত সফল হৈছো তেন্তে প্ত টাত বিফলো হৈছো৷ কিন্তু ৰঞ্জিত বৰা হত্যাকাণ্ডৰ তদন্ত এতিয়াও চলিয়েই আছে৷ ‘কেইটামান ল’ৰাই মাদ্ৰাছা বোৰত সোমাই সন্ত্ৰাসবাদী কাৰ্য্যকলাপ আৰম্ভ কৰি দিয়ে৷’ মাদ্ৰাছা সমূহক সজাগ-সাৱধান হ’বলৈ আহ৩ান জনাই ডিজিপিয়ে৷ অদৰকাৰী মাদ্ৰাছা সমূহ বন্ধ কৰা হ’ব৷ ১০০খনতকৈ অধিক মাদ্ৰাছা বন্ধ হৈছে৷ আৰবী শিক্ষাদানৰ উপৰিও skill education দিবলৈ আহ৩ান মাদ্ৰাছা কতৃৰ্পক্ষক৷ এইদৰে কয় ডিজিপিয়ে৷