Logo
image

ন্যায়ালয়ৰ বাধা নেওচি যুঁজি আছে গোনা ম’হে

আমাৰ অসম, ১৭ জানুৱাৰী:  ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্তেও পহিলা মাঘ সোমবাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰা হয় ম’হ যুঁজ৷ নগাঁও, মৰিগাঁও, শিৱসাগৰ আদি বিভিন্ন জিলাত স্থানীয় ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় গোনা ম’হৰ যুঁজ৷ উচ্ছ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো পৰম্পৰা ৰক্ষা কৰাৰ নামত স্থানীয় ৰাইজে পহিলা মাঘৰ দিনা অনুষ্ঠিত কৰে ম’হ যুঁজ৷ ম’হ যুঁজ উপভোগ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল উৎসাহী ডেকাসকল৷ গৌৰীসাগৰৰ কেন্দুগুৰি পথাৰলৈ পুৱাৰ পৰাই লানি নিচিগাকৈ ওলাই আহিল ডেকা-ডেকেৰীৰ পৰা বৃদ্ধ-বৃদ্ধালৈ৷ শিৱসাগৰৰ ঐতিহাসিক ৰূপহী পথাৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ৷ ৰহাৰ দেওবালিতো অনুষ্ঠিত হ’ল গোনা ম’হৰ যুঁজ৷ আহতগুৰিৰ পথাৰত গোৱালে অনুষ্ঠিত কৰে ম’হ যুঁজ৷ উক্ত ম’হ যুঁজ চাবলৈ ওলাই আহিল সৰ্বস্তৰৰ লোক৷ স্মৰ্তব্য, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা পৰম্পৰাগৰতভাৱে ম’হ যুঁজ অনুষ্ঠিত কৰি আহিছে৷ উচ্ছতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ উপৰি বিভিন্ন জিলা প্ৰশাসনেও ম’হ যুঁজ অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছিল৷ উল্লেখ্য, ২০১৪ চনত উচ্ছতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল জীৱ-জন্তুৰ যুঁজত৷ এনিমেল ৱেলফেয়াৰ বোৰ্ড অৱ ইণ্ডিয়াৰ আবেদনৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ে জীৱ-জন্তুৰ যুঁজত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ন্যায়ালয়ৰ বাধা সত্ত্বেও ৰাজ্যৰ বিভিন্ন অঞ্চলত ম’হ যুঁজ অনুষ্ঠিত   কৰাত পহিলা মাঘৰ দিনা যুঁজি আছে গোনা ম’হে৷ 

‘ম’হৰ শিঙ একুৰা, ম’হৰ শিঙ বেকুৰা, ম’হৰ শিঙ ভাঙিলে যুঁজত: ম’হ ৰখা গোৱালক, জোকাই তই নলবি, নাকটি চিঙিব কোবত’– অসমীয়া পৰম্পৰাগত ভোগালীৰ ঐতিহ্যবহনকাৰী গীত গাই উৎফুল্ল ম’হগোৱালৰ প্ৰচেষ্টাত আজি মাঘৰ পহিলা দিনটোত ৰহাৰ নিকটৱৰ্তী দেওবালি কলংপাৰ পথাৰত অনুষ্ঠিত হ’ল ম’হযুঁজ৷ স্থানীয় গোৱাল সকলৰ নেৰা নেপেৰা প্ৰচেষ্টাত প্ৰায় কুৰি হাল গোনা-দমৰা ম’হৰ খোজত কপি উঠিল দেওবালি কলংপৰা পথাৰ৷ দুই ম’হৰ শিঙৰ খট্‌ খটনিত, দৰ্শকৰ কিৰিলিত যেন বল পাই ফেপেৰি পাতি নিজকে জয় কৰিবলৈ প্ৰতিদন্দ্বীৰ সৈতে যুঁজত নামিল গোনা-দমৰা৷ প্ৰায় ১৭ মিনিট সময় যুঁজ দি ৰাইজক আমোদ দিলে প্ৰথম স্থানো দখল কৰিলে দুটি ম’হে৷ কি জীয়ৰী-কি বোৱাৰী, ডেকা-বুঢ়া সকলোৱে ঢাপলি মেলিছে ম’হ যুঁজলৈ৷ আনহাতে, অনানুস্থানিক ভাৱে গোৱালসকলে ম’হযুঁজ অনুষ্ঠিত কৰিলে ঐতিহাসিক আঁহতগুৰিত৷ আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰাত জিলা প্ৰশাসনৰ বাধা সত্বেও গোৱাল সকলে মিলি ম’হৰ যুঁজ দেখুৱালে সহস্ৰাধিক ৰাইজক৷ পুৱাৰে পৰা ম’হৰ গোৱাল সকলে পথাৰৰ দল ঘাঁহ খুৱাই নোদোকা কৰি গৰল উঠোৱা ম’হটোক নৈ,  বিলত গাধোৱাই শিঙত মিঠাতেল খানি, ডিঙিত ফুলৰ মালা, শিঙত গামোচা বান্ধি, চকু, গা, আদিত সেন্দূৰ সানি যুঁজলৈ ঢোলে ঢগৰে ৰাওনা হয়৷ পাতি ঢোলৰ চেৱে চেৱে এখন হাতত ম’হটোৰ নাকীডাল, আনখন হাতত ভলুকা বাঁহৰ জ্ঝটা গাঁঠি থকা, বেতেৰে মাজে মাজে বিশেষ বান্ধ দি নিপুণ লোকে নিৰ্মাণ কৰা লাখুটি ডাল লৈ এখন ভৰি মাজে মাজে ডাঙি বিশেষ ভঙ্গীত নাচি নাচি যুঁজলৈ আগবাঢ়ে৷ যুঁজখনত সমবেত সকলৰ আগত ম’হ সহ গোৱালে আঁঠু লৈ মূল যুঁজলৈ আগবাঢ়ে৷ পাকৈত গোৱালে ম’হৰ উচ্ছতা, ডিঙিৰ জোখ,  শিঙৰ আকাৰ চাই জোৰ মিলাই যুঁজৰ বাবে সাজু কৰে৷ ম’হৰ গোৱালে পথাৰৰ এফালৰ পৰা ম’হটোৰ নাকীত ধৰি খেলপথাৰৰ মাজলৈ আনে৷ প্ৰতিপক্ষ ম’হটোকো গিৰিহঁত গোৱালে একে প্ৰদ্ধতিৰে পথাৰৰ মাজত কান ঠিয় কৰি মূৰ ওপৰলৈ তুলি ৰৈ থকা ম’হটোক দেখুৱাই ওচৰলৈ আনে৷ দুয়োটা ম’হেই ইটোৱে সিটোৰ শক্তিৰ উমান লৈ থকা অৱস্থাতে গোৱালে ম’হৰ লাখুটি ডালেৰে প্ৰতিপক্ষ ম’হটোৰ কাষলৈ আনি ধৰ বুলি কোৱাৰ লগে লগে দুয়োটা মহেই প্ৰচণ্ড জোৰে মূৰ আগলৈ কৰি ইটোৱে সিটোক থেলি আক্ৰমণ কৰে৷ শিঙৰ খটক খটক শব্দ অহাৰ লগে লগে ম’হৰ গোৱালে হাতত সামৰি ৰখা ম’হটোৰ নাকী আৰু লাখুটি ডাল লৈ বিশেষ ভঙ্গীত এখন ভৰি ডাঙি নাচি উঠে৷ হাতৰ লাখুটিৰে মাটিত খুচি ধৰ ধৰ শব্দৰ গোৱালে কোৱাৰ বাবে শিঙত শিং লগাই থৰ হৈ ক্ষন্তেক ৰৈ থকা ম’হদুটাই পুনৰ ‘‘লৰাখুণ্ডা’’ মাৰি শিঙেৰে ইটোৱে সিটোত খুচিবলৈ চেষ্টা কৰাৰ লগে লগে যুঁজখন দীঘলীয়া হৈ পৰে৷ গোৱাল আত্মহাৰা হৈ পৰে, উপস্থিত দৰ্শকে চিঞৰি ম’হ দুটাক উদ্‌গনি যোগায়৷ আহত হৈ শৰীৰৰ পৰা শিঙৰ খুচত তেজ ওলোৱা ম’হ দুটাই কোনে কাক কিমান খুচিব পাৰে, কোনে কাক পিছলৈ থেলি নিব পাৰে তাতেই ব্যস্ত হৈ পৰাৰ সময়তে এটা ম’হে যুঁজ এৰি হঠাতে পলাবলৈ ধৰে৷ যুঁজাৰু ম’হটোৱে পলাবলৈ ধৰা ম’হটোক পিছে পিছে খেদি নিয়ে৷ এই ভয়াবহ আৰু ৰোমাঞ্চকৰ যুঁজৰ পাছত ম’হ শান্ত হয় আৰু গোৱালে বশ কৰি কৃষি কামত ম’হক লগায়৷