Logo
image

নগাঁৱৰ হোটেলত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত : ভৰিৰে আলু মোহাৰি তৈয়াৰ কৰা হয় আপুনি খাই ভালপোৱা চিঙৰা

ডিজিটেল সংবাদ, নগাঁও : চৰম অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰাক কেন্দ্ৰ কৰি সোমবাৰে নিশা নগাঁৱৰ ফৌজদাৰীপট্টিৰ দক্ষিণপাট বাছ আস্থানৰ সমীপৰ 'গুণগুণ মিঠাই ঘৰ' নামৰ দোকানখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, সোমবাৰে নিশা দোকানখনৰ কাৰখানাৰ কাৰিকৰে চিঙৰাৰ বাবে আলু ভৰিৰে মোহাৰি ধোৱাৰ দৃশ্য এজন যুৱকে প্ৰত্যক্ষ কৰি বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলক খবৰ দিয়ে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত সাংবাদিকৰ দল 'গুণগুণ মিঠাই ঘৰ'ত উপস্থিত হৈ সকলো দৃশ্য কেমেৰাত বন্দী কৰে। 


স্থানীয় ৰাইজে অনতিপলমে মিঠাইৰ দোকানখন বন্ধ কৰাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় যদিও প্ৰশাসন তথা খাদ্য সুৰক্ষা বিভাগে এইক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে নগাঁৱৰ বহু হোটেল আৰু মিঠাইৰ দোকানত চৰম অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই, চিঙৰা আদি প্ৰস্তুত কৰি গ্ৰাহকক বিক্ৰী কৰা হয় যদিও এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও জুৰি আহিছে খাদ্য সুৰক্ষা বিভাগে। চৰম অস্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা মিঠাই, চিঙৰা আদি খাই বহু লোক অসুস্থ হোৱাৰো অভিযোগ উঠিছে। 

নগাওঁ পৌৰসভাত এজন নগৰীয়া স্বাস্থ্য বিষয়া নিযুক্ত হৈ আছে যদিও বিষয়াজন কাৰ্যতঃ নিস্ক্ৰিয় হৈ থাকে। ডাঃ ৰঞ্জিত শইকীয়া নামৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চিকিৎসকজন বিগত দহ-বাৰ বছৰ ধৰি একেটা পদতে কাৰ্যনিবাহ কৰি আছে। বিষয়াজনৰ লগত একাংশ হোটেল কৰ্তৃপক্ষৰ ভিতৰুৱা বুজাবুজি থকাৰ অভিযোগ আছে। এইক্ষেত্ৰত জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা লোৱাৰ দাবী তুলিছে নগাঁৱৰ ৰাইজে।