Logo
image

আচুৰ্য বৰপাত্ৰৰ 'বিদুৰভাই' গীতত ভগ্নীৰ সৈতে নাচিলে কিলি প'লে

ডিজিটেল ডেস্ক : ইনষ্টাগ্ৰাম নাইবা আন ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক হয়তো ৰীলষ্টাৰ কিলি প'লক চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই৷ বলীউডৰ গীতত ৰীল বনোৱা এই তাঞ্জানিয়াৰ যুৱকজনে ভাৰততো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে৷ কিলি প'লে তেওঁৰ ভগ্নীৰ স'তে বনোৱা ৰীল ভিডিঅ' মুহূৰ্ততে ভাইৰেল হয় ছ'চিয়েল মিডিয়াত৷ 

এইবাৰ অসমীয়া গীতত ৰীল ভিডিঅ' বনালে কিলি পলে৷ আচুৰ্য বৰপাত্ৰৰ জনপ্ৰিয় গীত 'বিদুৰভাই' গীতত ভগ্নীৰ সৈতে ৰীল ভিডিঅ' বনালে আফ্ৰিকাৰ যুৱকজনে। 'বিদুৰভাই' গীতত কিলি পলে বনোৱা ৰীল ভিডিঅ' শ্বেয়াৰ কৰিছে আচুৰ্য বৰপাত্ৰই৷

https://www.instagram.com/reel/Cng-dgTPCyS/?utm_source=ig_web_copy_link

নিজৰ প্ৰতিভাৰ বলত এই যুৱকজনে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ কোটি কোটি অনুৰাগীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। কিলিয়ে ৰীল বনোৱা অথবা অভিনয় কৰা ডায়লগসমূহ মুহূৰ্ততে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। ইনষ্টাগ্ৰাম ৪.৭ মিলিয়ন লোকে অনুসৰণ কৰে ৰীলষ্টাৰ কিলি প'লক৷