Logo
image

কমতাপুৰ নহয়, মমতাৰ বিৰুদ্ধে দিল্লীৰ ট্ৰাম্পকাৰ্ড জীৱন সিংহ

আমাৰ অসম, ১৮ জানুৱাৰী : কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বন (কে এল অ)ৰ মুৰব্বী জীবন সিংহক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰচনা কৰিছে এক নতুন ৰাজনৈতিক খেল৷ এই ৰাজনৈতিক খেলৰ এতিয়া ট্ৰাম্প কাৰ্ড জীবন সিংহ৷ জীৱন সিংহক সন্মুখত ৰাখিয়ে বিজেপি দল আৰু চৰকাৰে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগত এঘৰি যুঁজ দিয়াৰ ৰণকৌশল ৰচনা কৰিছে৷  এই সমগ্ৰ ৰণকৌশলক চূড়ান্ত ৰূপ দিয়াৰ স্বাৰ্থতে আসাম ৰাইফলছৰ পৰা জীবন সিংহক নিজৰ জিম্মাত দিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই৷ নাগালেণ্ডৰ মন জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ নয়াবস্তি এলেকাত আত্মসম্পৰ্ন কৰাৰ পিছতে জীবন সিংহৰ দায়িত্ব আসাম ৰাইফলছে গ্ৰহণ কৰে আৰু পাছত তেওঁক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই নিজৰ জিম্মালৈ নিয়ে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত চলি আছে জীবন সিংহ কেন্দ্ৰীক সমগ্ৰ ঘটনা-পৰিঘটনাৰ৷ যাৰ ফলত জীবন সিংহক অসমলৈ অনা হ’ব নে পোনে পোনে দিল্লীলৈ লৈ যোৱা হ’ব সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো কথাই স্পষ্ট হোৱা নাই৷ আনকি অসম আৰক্ষীক এই পৰ্যন্ত এই কাৰ্যৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰা হোৱা নাই৷ 

উল্লেখ্য যে বিগত সময়ছোৱাত জীবন সিংহ আৰু তেওঁৰ সতীৰ্থসকল নাগালেণ্ডৰ মন জিলাৰ সিপাৰে ম্যানমাৰত শিবিৰ পাতি ৰৈ আছিল৷ তেওঁলোক ভাৰতলৈ আহিবলৈ সাজু বুলি বাৰ্তা প্ৰেৰণ কৰাৰ পাছতে অসম ৰাইফলছৰ এটা দল মন জিলাত উপস্থিত হয়৷ ভাৰত ম্যানমাৰ সীমান্ত চুক্তি অনুসৰি দুই দেশৰ নাগৰিক সীমান্তৰ দুই পাৰে ১৬ কিলোমিটাৰ পৰ্যন্ত যাতায়ত কৰিব পাৰে৷ এই স্থানতে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জীবন সিংহক আত্মসমৰ্পন কৰোৱায়৷ উল্লেখ্য যে অসম, বিহাৰ আৰু পশ্চিমবংগৰ বৃহৎ অংশক সামৰি কমতাপুৰ ৰাজ্য গঠনৰ দাবী জনাই আহিছে কে এল অই৷ কিন্তু এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কে এল অৰ দাবী সন্দৰ্ভত কোনোধৰণৰ আনুষ্ঠানিক মত প্ৰকাশ কৰা নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে এক বিশেষ ৰণকৌশল৷ সন্মুখত লোকসভাৰ নিৰ্বাচনত৷ সকলোধৰণৰ চেষ্টা কৰিও এই পৰ্যন্ত পশ্চিমবংগত খোপতি পুতিব পৰা নাই বিজেপি দলে৷ সেয়ে এইবাৰ কমতাপুৰৰ আবেগক ব্যৱহাৰ কৰি উত্তৰ বংগত খোপনি পুতিব বিচাৰিছে বিজেপি দেল৷ কমতাপুৰৰ এই আবেগে অসমতো কিছু প্ৰভাৱ বিস্তাৰ কৰিব বিশেষকৈ পশ্চিম অসমৰ জিলাসমূহত৷ ইয়াৰে ভিতৰত ধুবুৰী, কোক্‌ৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টি অন্যতম৷ আগন্তুক ২৬ জানুৱাৰীৰ আগে পিছে জীবন সিংহৰ সৈতে আনুষ্ঠানিকতাৰ খাতিৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন শান্তি চুক্তি স্বাক্ষৰিত কৰিব পাৰে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ৷ 

অৱশ্যে এই চুক্তিৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু জীবন সিংহৰ মাজত আলোচনা অনুষ্ঠিত হ’ব য’ত কমতাপুৰৰ ভৱিষ্যত নিৰ্ধাৰণ হ’ব৷ কিন্তু লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ আশা যথেষ্ট ক্ষীন৷ এই শান্তি চুক্তিৰ আলমলৈ বিজেপি দলে উত্তৰ বংগৰ কোচ-ৰাজবংশী অধ্যুষিত অঞ্চলসমূহত আবেগৰ ঢৌ সৃষ্টি কৰি নিৰ্বাচনত মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনাব বিচাৰিছে৷ যাৰ বাবে কমতাপুৰৰ দাবী  বিজেপি দল আৰু চৰকাৰ বিশেষকৈ অমিত শ্বাহ  গৌণ হৈ আছে৷ আৰু জীবন সিংহৰ প্ৰত্যাবৰ্তনৰ প্ৰতি মুখ্য বিষয় হৈছে৷ লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপি দলে যে জীবন সিংহক কোচ ৰাজবংশী ভোটাৰৰ সন্মুখত ট্ৰাম্প কাৰ্ড ৰূপে ব্যৱহাৰ কৰিব সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে কে এল অৰ দাবী মাত্ৰ অসমক দ্বিখন্দ্বিত কৰি কমতাপুৰৰ সৃষ্টি নকৰাটো প্ৰায় চূড়ান্ত৷ জীৱন সিংহক সন্মুখত ৰাখি মমতা বেনাৰ্জীৰ ওচৰত ৰাজনৈতিক হেঁচা সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে৷