Logo
image

হু ইজ জুবিন? গৰজি উঠিল কোঁচ-ৰাজবংশী

আমাৰ অসম, ১৮ জানুৱাৰী: হু ইজ জুবিন? কোনো কাৰণতেই অসম বিভাজন হ’বলৈ নিদিওঁ বুলি কৰা জুবিন গাৰ্গৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা বিটিআৰৰ কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা কেশৱ ৰাজবংশীৰ৷ তামুলপুৰৰ দৰঙাপাৰ শিমলুবাৰীত আজি সন্মিলনীৰ উপদেষ্টা কেশৱ ৰাজবংশীয়ে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মন্তব্যৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এনেদৰে কয়৷  লগতে তেওঁ কোচ ৰাজবংশীৰ কোনো অনুষ্ঠানত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক আমন্ত্ৰণ নকৰিবলৈ আহ্বান কোচ ৰাজবংশী জনগোষ্ঠীয় ৰাইজক৷ ভৱিষ্যতে এনেধৰণৰ মন্তব্য নকৰিবলৈ সকিয়াই দিয়াৰ লগতে তেওঁ ‘হু ইজ জুবিন’ বুলিও প্ৰশ্ন উত্থাপন কৰে৷

বিটিআৰৰ কোচ ৰাজবংশী সন্মিলনৰ নেতাজনে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি এটা দাবী পৃথক কমতাপুৰ গঠন কৰাৰ বাবে এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন চলাই আহিছে ৷ আনকি ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত একাংশ যুৱকে সশস্ত্ৰ পন্থাও অৱলম্বন কৰি এক বিপ্লৱ আৰম্ভ কৰি এখন সংগ্ৰাম চলাই আহিছিল৷ আমি এই বিপ্লৱৰ পৰিসমাপ্তি বিচাৰিছো৷ আমি আশা কৰা ধৰণে আমাৰ দীৰ্ঘদনীয়া দাবী পৃথক কমতাপুৰ গঠন কৰাৰ দাবী সম্পূৰ্ণ হোৱা বাট মুকলি হ’বলৈ ধৰিছে৷ তেওঁ পুনৰ কয় যে কোচৰাজবংশী জনগোষ্ঠীৰ বাবে ১৯৪৯ চনৰ ২৮ আগষ্টত মাৰ্জাৰ চুক্তিৰ জৰিয়তে তেতিয়াৰ কোচবেহাৰ বা কমতাপুৰ ভাৰত চৰকাৰৰ সৈতে চামিলকৰণ কৰা হৈছিল৷ কমতাপুৰক ‘চি’ কেটেগুৰীৰ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ কথা আছিল৷ কিন্তু সেয়া সময়ত হৈ নুঠিল৷ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ৰাজনৈতিক, ভাষিক, আৰ্থিক আৰু শৈক্ষিক ক্ষেত্ৰত পাছপৰি থকাত কমতাপুৰৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ল’বলগা হৈছিলে৷ 

সম্প্ৰতি ভাৰত চৰকাৰৰ উদ্যোগত আমাৰ জাতিটোক উদ্ধাৰৰ বাবে গঠন হোৱা সশস্ত্ৰ সংগঠন কে এল অ’নামৰ আমাৰ জনগোষ্ঠীৰ সশস্ত্ৰ সংগঠনৰ সৈতে এক শান্তি চুক্তি কৰিবলৈ আগবাঢ়ি আহিছে৷ আমি হেৰুওৱা এই শান্তি চুক্তিৰ জৰিয়তেই কোচ ৰাজবংশীসকলে এসময়ত হেৰুওৱা কমতাপুৰ ৰাজ্য পাবলৈ নিশ্চয় সক্ষম হ’বলৈ গৈ আছো৷ এই সময়তে ৰাজ্যৰ একাংশ লোকে বিৰূপ মন্তব্য প্ৰকাশ কৰাত আমি দুখ পাইছো৷ আনকি  শিল্পী জুবান গাৰ্গে  কমতাপুৰ সম্পৰ্কত যি মন্তব্য প্ৰকাশ কৰিছে তাত আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো৷ তেওঁ কয় যে জুবান গাৰ্গ এজন শিল্পী তেওঁ শিল্পী হৈয়ে থাকক৷ শিল্পী হিচাপে আমি তেওঁক যথেষ্টখিনি শ্ৰদ্ধা কৰি আহিছো৷ কিন্ত তেওঁ যি দৰে আমাৰ অধিকাৰৰ ওপৰত মাত মাতি কমতাপুৰক লৈ ভেঙুচালি কৰিব তাক আমি কেতিয়াও সহ্য কৰিব নোৱাৰো আৰু শিল্পীজনক ধিক্কাৰ দিছো৷ তেওঁ আমাৰ সাংবিধানিক অধিকাৰৰ ওপৰত মাত নমতাই ভাল৷ আনহাতে কোচৰাজবংশী আৰু বড়োসকলৰ মাজতো ইয়াক লৈ কিছুদিন ধৰি কিছুমান কথাবাৰ্তা চলি আছে৷ তাক লৈ মই সকলো পক্ষকে আহ্বান জনাও যে ভাৰত চৰকাৰে সংবিধানৰ গণ্ডীত থাকি আমাৰ পিছপৰা জাতিটোৰ উন্নয়নৰ কাৰণে কিবা দিব ওলাইছে৷ ভাৰত চৰকাৰে যদি নিশ্চিতহভাৱে কিবা কৰিব লগা আছে শান্তি চুক্তিৰ দ্বাৰা জাতিটোক আগবাঢ়ি যাবলৈ এক সাংবিধানিক উপায় দিব৷ আমি তাত সংঘাত সৃষ্টি কৰিবৰ একো নাই৷ আমাৰ পাছপৰা জাতিটোৰ উন্নয়নৰ কাৰণে যদি কিবা কৰিব লগা আছে সেয়া নিশ্চিতভাৱে ভাৰত চৰকাৰে কৰিব৷  ভাৰত চৰকাৰে এখন শান্তি চুক্তিৰ দ্বাৰা আমাৰ প্ৰাপ্য অধিকাৰ দিবলৈ গৈ আছে৷ সেই অধিকাৰ চৰকাৰেহে দিব৷ এই ক্ষেত্ৰত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকো নেতাজনে ধন্যবাদ জনাই পুনৰ কয় যে পৃথিৱীৰ ভিতৰত ভাৰতক এখন শ্ৰেষ্ঠ দেশ হিচাপে  আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দেশৰ পাঁচ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ নিৰন্তৰ কাম কৰি আছে৷ আমি তেওঁকো ধন্যবাদ জনাইছো৷