Logo
image

অৰ্ণমাই বৰাৰ হত্যাকাৰীৰ মৃত্যুদণ্ড খাৰিজ, প্ৰায় মুক্ত

আমাৰ অসম, ১৮ জানুৱাৰী: সমগ্ৰ ৰাজ্য কঁপাই যোৱা শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷ সেই ৰায় অনুসৰি উক্ত ঘটনাৰ মূল অভিযুক্তদ্বয়ে অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰা নাছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে চূড়ান্ত ৰায়ত স্পষ্ট কৰিলে যে অৰ্ণমাই বৰাক ধৰ্ষণ কৰাৰ কোনো তথ্য পোৱা নগ’ল৷ সেয়েহে গুৱাহাটী উচ্ছ ন্যায়ালয়ে মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই দিলে মূল অভিযুক্ত মইনুল হকক৷ মূল অভিযুক্ত মইনুল হকক মাত্ৰ তিনি বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিলে উচ্ছ ন্যায়ালয়ে৷  

উল্লেখ্য যে হোজাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি দিছিল মইনুলক৷ কিন্তু সেই ৰায় কাৰ্যত নাকচ কৰিলে গুৱাহাটী উচ্ছ ন্যয়ালয়ে৷ মূলতঃ সাক্ষীৰ অভাৱৰ বাবেই ৰেহাই পালে মাইনুলে৷ কেৱল ভাৰতীয় দণ্ডবিধিৰ ২০১ ধাৰাত সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ বাবে মইনুল হকক ৩ বছৰৰ কাৰাদণ্ড বিহিলে উচ্ছ ন্যায়ালয়ে৷ ইতিমধ্যে তিনিবছৰ কাৰাবাস খাটিছে মূল অভিযুক্ত মইনুলে৷ ইপিনে, উচ্ছ ন্যায়ালয়ে আন এজন অভিযুক্ত চেলিম উদ্দিনক আজীৱন কাৰাবাসৰ শাস্তিৰ ৰায় দিয়ে৷ মূলতঃ আৰক্ষীয়ে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সাক্ষ্য প্ৰমাণ যোগান ধৰিব নোৱাৰাৰ বাবেই আদালতে এই ৰায় দান দিব লগীয়া হয়৷ উল্লেখ্য যে, যোৱা বিধান সভাৰ নিৰ্বাচনৰ সময়ত মুখ্যমুন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা ৰাজনৈতিক হট ট্ৰপিক আছিল৷ অৰ্ণমাই বৰাৰ হত্যাৰ ঘটনাক লৈ ৰাজনৈতিক উত্তাল কৰিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু আৰক্ষীয়ে আদালতত অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাত আদালতে মূল অভিযুক্তক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াত বিষয়টোৱে অন্য এক গতি লাভ কৰিছে৷ 

উল্লেখ্য যে হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ২০১৭ চনৰ ৩১ মে’ত বিদ্যালয় ছুটী হোৱাৰ পাছত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু মৃতদেহ কপিলী নৈত উটুৱাই দিছিল৷ এই ঘটনাই হোজাই জিলাতে নহয় সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ অৰ্ণমাই বৰাৰ হত্যাকাৰীক শাস্তি দিয়াৰ দাবীত উত্তাল হৈছিল সমগ্ৰ ৰাজ্য৷ হাতত মমবাতি লৈ ৰাজপথলৈ ওলাই আহিছিল নাৰী সমাজ৷ তাৰ পিছতে সষ্টম হৈ পৰিছিল যমুনামুখ আৰক্ষী৷ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল প্ৰথমে মইনুল হক নামৰ এজন লোকক৷ মইনুলৰ পিছতেই আৰক্ষীৰ জালত পৰিছিল আন এক সংগী চেলিম উদ্দিন৷ এই দুই অভিযুক্তৰ বিৰুদ্ধে হোজাইৰ সত্ৰ ন্যায়াধীশৰ আদালত দীৰ্ঘদিন ধৰি গোচৰটো বিচৰাধীন হৈ আছিল৷ অৱশেষত হোজাই নিম্ন আদালতে ২০১৮ চনৰ ১ ছেপ্টেম্বৰত দুই অভিযুক্তক দোষী সাব্যস্ত কৰি মইনুলক মৃত্যুদণ্ড আৰু চেৰিমুদ্দিনক তিনিবছৰ কাৰাদণ্ড ৰায়দান কৰিছিল৷ উচ্ছ ন্যায়ালয়ে মইনুলক মৃত্যুদণ্ডৰ পৰিৱৰ্তে তিনি বছৰৰ কাৰাদণ্ড বিহিছে৷ ইতিমধ্যে মইনুলে প্ৰায় তিনি বছৰ কাৰাবাস ঘাটিছে৷ সেইসূত্ৰে মইনুলৰ মুক্তিৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে৷

অভিযুক্ত মইনুলৰ শাস্তি লাঘৱ উচ্ছ ন্যায়ালয়ৰ, উচ্ছতম ন্যায়ালয়ত আপিলৰ সম্ভাৱনা
ৰাজ্য কঁপোৱা শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ গোচৰৰ মূল অভিযুক্ত মইনুল হকৰ শাস্তি লাঘব কৰাক লৈ আৰম্ভ হৈছে চৰ্চা৷ মৃত্যুদণ্ডৰ পৰিৱৰ্তে গুৱাহাটী উচ্ছ ন্যায়ালয়ে মইনুল হকক তিনি বছৰৰ কাৰাদণ্ড বিহে৷ হোজাইৰ শংকৰদেৱ নগৰ ফাষ্ট ট্ৰেক আদালতে অৰ্ণমাই বৰাৰ গোচৰ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মইনুল হকক মৃত্যুদণ্ড আৰু চেলিম উদ্দিনক আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল৷ উচ্ছ ন্যায়ালয়ৰ এই ৰায়দানক লৈ অৰ্ণাই বৰাৰ হৈ হোজাইৰ আদালতত যুক্তি দিয়া চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য৷ তেওঁলোকে পুনৰ উচ্ছতম ন্যায়ালয়ত আপীল কৰিব বুলি জানিবলৈ দিয়ে৷ যমুনামুখৰ এলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ ৫৮ বছৰীয়া প্ৰধান শিক্ষয়েত্ৰী আছিল অৰ্ণমাই বৰা৷ যোৱা ২০১৭ বৰ্ষৰ ৩১ মে’ৰ দিনা বিদ্যালয়ৰ পৰা ঘৰমুৱা হওঁতে চাংজুৰাই গাঁৱৰ কাষত দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি কপিলী নৈত পেলাই দিছিল বুলি অভিযোগ উত্থাপিত হৈছিল৷ পাছত যমুনামুখ আৰক্ষী থানাত এটি গোচৰ পঞ্জীয়ন কৰি মইনুল হক আৰু চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল৷ হোজাইৰ ফাষ্টট্ৰেক আদালতত চলা গোচৰটোত ২০১৮ বৰ্ষৰ ৰ আগষ্টত জিলা সত্ৰ ন্যায়াধীশ আাদালতে দুয়োকে দোষী¸ সাব্যস্ত কৰি মইনুল হকক মত্যুদণ্ডৰে দণ্ডিত কৰিছিল৷ তাৰ পিছতেই তেতিয়াৰ তদানীন্তন তদন্তকাৰী যমুনামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিশেষ বড়ো আৰু তদানীন্তন আৰক্ষী  অধীক্ষক তথা বৰ্তমান আই জি পি দেৱজিত মুখাৰ্জীক অৰ্ণমাই বৰাৰ গোচৰটো নিয়াৰিকৈ তদন্ত কৰাৰ বাবে চৰকাৰে এৱাৰ্ড প্ৰদান কৰিছিল৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সভা সমিতিত অৰ্ণমাই বৰা প্ৰসংগত উদাত্ত ভাষণ প্ৰদান কৰিছিল৷