Logo
image

জিএমচিএইচত সক্ৰিয় তেজৰ দালাল : ব্লাড বেংকৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

আমাৰ অসম, ১৮ জানুৱাৰী: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চমুকৈ জি এম চি এইচত সক্ৰিয় হৈ আছে এটা তেজৰ দালাল চক্ৰ৷ এই চক্ৰটোৱে তেজ যোগানৰ নামত বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ কিছুদিন পূৰ্বে ভঙাগড় আৰক্ষীয়ে নিতুল বৰ্মন নামৰ দালালটোক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে তেজৰ দালাল চক্ৰটোৰ লগত জি এম চি এইচৰ একাংশ অসাধু কৰ্মচাৰী জড়িত হৈ থকাৰ ভয়াৱহ তথ্য৷

দালাল নিতুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ভাঙাগড় আৰক্ষীয়ে শনিবাৰে প্ৰসন্ন বৈশ্য নামৰ এটা দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত প্ৰসন্ন ব্লাড বেংকৰ লেবৰেটৰীৰ টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল৷ লেবৰেটৰী টেকনিচিয়ান প্ৰসন্নই ৰোগীক তেজ যোগানৰ নামত ৰোগীৰ পৰা ১১ হাজাৰ টকাকৈ দালালৰ জৰিয়তে সংগ্ৰহ কৰি আহিছিল৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই দালালক সম্প্ৰতি ভঙাগড় আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷