Logo
image

শোকাৱহ : নিচাসক্ত অৱসৰপ্ৰাপ্ত চিকিৎসকৰ বাহনৰ খুন্দাত নিহত ভাতৃ-ভগ্নী

ডিজিটেল সংবাদ, কমলপুৰ : কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত মঙলবাৰে সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয় দুই ভাতৃ-ভগ্নীৰ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই ভাতৃ-ভগ্নীয়ে চিকিৎসাধীন অৱস্থাত আজি মৃত্যুক আকোৱালি লয়৷ এই ঘটনাই বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। 

উল্লেখ্য যে কেন্দুকোণাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰাসক্ত এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে তীব্ৰবেগী বাহনেৰে মহটিয়াই নিয়ে দুই ভাতৃ-ভগ্নীসহ চাৰিজনক। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল নৰেন চন্দ্ৰ নাৰ্জাৰীয়ে  AS01 DH 2052 নম্বৰৰ হুণ্ডাই আই টেন বাহনখনেৰে নলবাৰী অভিমুখে গৈ থকা অৱস্থাত দুই ভাতৃ-ভগ্নীসহ এগৰাকী লগৰীয়াক মহটিয়াই নিয়াৰ লগতে পথৰ দাঁতিত ৰৈ থকা আন এজন লোককো মহটিয়াই নিয়ে। তীব্ৰবেগী বাহনখনৰ খুন্দাত গায়ত্ৰী দাস (১৪) আৰু ভাতৃ অবিনাশ দাস (৮) গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে চুমী দাস (১৮ ) নামৰ কিশোৰীগৰাকী আৰু আইনাল হক (৪৮) নামৰ ফেৰীৱালাজন আঘাতপ্ৰাপ্ত হয়। 

পাছত স্থানীয় ৰাইজে ততাতৈয়াকৈ চাৰিওগৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও গায়ত্ৰী দাস (১৪) আৰু ভাতৃ অবিনাশ দাসে (৮) চিকিৎসাধীন অৱস্থাতে কৰুন মৃত্যুক আকোৱালি লয়। কেন্দুকোণাৰ ধৰ্মেশ্বৰ দাস আৰু মনিকা দাসৰ দুই পুত্ৰ কন্যাৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিবেশে বিৰাজ কৰে। উল্লেখ্য যে অবিনাশ দাস মোহন  কলিতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আৰু গায়ত্ৰী দাস জৱহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়ন কৰি আছিল। সুৰাসক্ত চালক নৰেন চন্দ্ৰ নাৰ্জাৰী বাৰাংহাটী নিবাসী আৰু অৱসৰপ্ৰাপ্ত চিকিৎসক বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। ৰাইজে সুৰাসক্ত চালকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।