Logo
image

আৰক্ষীৰ ওচৰত নাই বাহন! : নিয়ম নমনা বাইক আৰোহীক ধৰিবলৈ চাইকেলেৰে পিছে পিছে খেদিলে আৰক্ষীয়ে

ডিজিটেল ডেস্ক : যান-বাহন নিয়ম উলংঘা কৰা বাইক আৰোহীক ধৰিবলৈ আৰক্ষীৰ ওচৰত নাই পৰ্যাপ্ত সুবিধা৷ উদণ্ড বাইকাৰ্ছৰ পিছা কৰিবলৈ আৰক্ষীৰ ওচৰত নাই বাহন৷ যাৰ বাবে হেলমেট পৰিধান নকৰা বাইক আৰোহীক ধৰিবলৈ চাইকেলেৰে পিছে পিছে খেদিলে আৰক্ষীয়ে৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত৷ ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ' দেখিবলৈ পোৱা গৈছে যে যান-বাহন নিয়ম উলংঘা কৰা বাইক আৰোহীক চাইকেল চলাই পিছে পিছে খেদিছে আৰক্ষীয়ে৷ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত সমালোচনাৰো সন্মুখীন হৈছে উত্তৰ প্ৰদেশ আৰক্ষী৷ Decode Trend নামৰ এটা ইউটিউব চেনেলে শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইক আৰোহীক ধৰিবলৈ লোৱা স্মাৰ্ট পদক্ষেপৰ ভিডিঅ'৷

ঘটনাটো উত্তৰ প্ৰদেশৰ কোন ঠাইৰ জানিব পৰা হোৱা নাই যদিও ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে নিশা আৰক্ষীৰ তলাচীৰ সময়ত চালকে হেলমেট পৰিধান নকৰা এখন বাইকক ৰাখিবলৈ আদেশ দিছিল আৰক্ষীয়ে৷ চালকৰ লগত এজন আৰোহীও আছিল বাইকখনত৷ কিন্তু আৰক্ষীয়ে চালকজনক বাইকখন ৰখাবলৈ কোৱাৰ পিছতো তালাচী স্থানৰ পৰা দ্ৰুত গতিত উধাও হয় বাইকখন৷ ইয়াৰ পাছতে  নিয়ম উলংঘা কৰা বাইক আৰোহীক ধৰিবলৈ পিছে পিছে খেদিলে আৰক্ষীয়ে৷ এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া নেটিজেনৰ প্ৰশ্ন - চাইকেল চলাই যোৱা আৰক্ষীজনক কিমান দিন বা কিমান বছৰ লাগিব বাইক আৰোহীক ধৰিবলৈ৷