Logo
image

নগাঁৱৰ বাৰপূজীয়াত ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো ম'হ যুঁজ

ডিজিটেল সংবাদ, বাৰপূজীয়া : ৪২ৰ শ্বহীদ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাৰ জন্মস্থান ঐতিহাসিক বাৰপূজীয়াত বুধবাৰে অনুষ্ঠিত হয় আহোম ৰজা দিনীয়া পৰম্পৰাৰে ৩৫৭ সংখ্যক ম'হ যুঁজ। নগাঁও জিলাৰ ৰহাৰ সমীপৰ ৰহা-বাৰপূজীয়া পথৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা ম'হ যুঁজ উপভোগৰ বাবে আজি পুৱাৰে পৰা হেজাৰ হেজাৰ ৰাইজৰ আগমন ঘটে। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে মৰিগাঁও জিলাৰ আঁহতগুৰি, ৰহাৰ বাৰপূজীয়াকে ধৰি বিভিন্ন প্ৰান্তত ২০১৫ চনৰ পৰাই আনুষ্ঠানিকভাৱে ম'হ যুঁজ অনুষ্ঠিত হোৱা নাই যদিও ম'হৰ গোৱাল আৰু মালিকসকলে স্থানীয় ৰাইজৰ সৈতে মিলি প্ৰাকৃতিক কাৰণতেই অনানুষ্ঠিক ম'হ যুঁজ অনুষ্ঠিত কৰি ভোগালীৰ বতৰত ৰাইজক আমোদ প্ৰমোদ যোগাই আহিছে।

অসমৰ বিভিন্ন প্ৰান্তত ভোগালী বিহুৰ সময়ত ম'হ যুঁজ অনুষ্ঠিত হৈ আহিছে যদিও বাৰপূজীয়াত অনুষ্ঠিত ম'হ যুঁজেই অতি প্ৰাচীন বুলি জনা যায়। আহোম ৰাজত্ব কালত নগঞা সাতোৰজা পাচোৰজাসকলে ক্ষুদ্ৰ ক্ষুদ্র ৰাজ্যবোৰত ৰাজত্ব কৰিছিল। বুৰঞ্জীত পোৱালি ৰজা বুলি অভিহিত এই পোৱালি ৰজাসকল আহোম ৰজাৰ তলতীয়া হোৱা বাবে প্ৰতি বছৰে আহোম ৰজাক কৰ পৰিশোধ কৰিবলগীয়া হৈছিল। কৰ সংগ্ৰহ কৰিবলৈ অহা ৰাজ বিষয়া সকলৰ মনোৰঞ্জনৰ বাবে নৃত্য গীত, কুকুৰা যুঁজ,ম'হ যুঁজৰ লগতে সেইসময়ত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰি ৰাজবিষয়াসকলৰ আমোদ প্ৰমোদৰ ব্যৱস্থা কৰা হৈছিল। ৰাজআপ্যায়নৰ বাবে অনুষ্ঠিত কৰা এই ম'হ যুঁজ পাচোৰজাৰ সময়ত বাৰপূজীয়া ৰাজ্যত ১৬৬৬ খৃষ্টাব্দত আৰম্ভ কৰা হৈছিল বুলি জনা যায়।'

১৯৪৮ চনলৈকে ৰাজকীয় পৰম্পৰাৰে বাৰপূজীয়াত অনুষ্ঠিত ম'হ যুঁজ অনুষ্ঠিত হোৱাৰ পিছত ৰজা দধি সিঙৰ মৃত্যুৰ পিছৰে পৰা অঞ্চলৰ ৰাইজে এই ম'হ যুঁজ অনুষ্ঠিত কৰিবলৈ লয়। পূৰ্বতে বাৰপূজীয়াৰ ম'হ যুঁজ গণৰাজ্য দিৱসৰ দিনা অনুষ্ঠিত কৰা হৈছিল যদিও ১৯৮৪ চনৰ পৰা এই ম'হ যুঁজ প্ৰতি বছৰে ৩ মাঘৰ দিনা অনুষ্ঠিত কৰি অহা হৈছে। মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩২ হাল ম'হে আজিৰ ম'হ যুঁজত অংশগ্ৰহণ কৰি আকৰ্ষণীয় যুঁজ দি ৰাইজক আপ্লুত কৰে। গোনা ম'হৰ শিঙৰ খিট  খিটনিৰ শব্দ, গোৱালসকলৰ ম'হক উত্তেজিত কৰি মৰা চিঞৰৰ লগতে গদাল বৰীয়া সুৰৰ বিহুগীতৰ মাজত আজি মাঘৰ শীতৰ মাজতো বাৰপূজীয়াৰ ম'হ যুঁজথলী ৰজনজনাই উঠে।