Logo
image

বকোৰ গিজাং বনাঞ্চলত চলিল বন বিভাগৰ উচ্ছেদ অভিযান

ডিজিটেল সংবাদ, বকো : ৰাজ্যত চৰকাৰী ভূমি ও বনাঞ্চল বেদখলৰ বিৰুদ্ধে প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ ৷ বুধবাৰে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত গিজাং সংৰক্ষিত বনাঞ্চলত বকোৰ বন বিভাগে চলায় উচ্ছেদ অভিযান ৷ 

বকোৰ গিজাং সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবৰ বাবে বন বিভাগে আৰম্ভ কৰিছে এই উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানকালত বনৰক্ষী বাহিনীয়ে পুৱাৰে পৰা গিজাং বনাঞ্চলত অবৈধভাৱে একাংশ লোকে মাটি দখল কৰি ৰোপণ কৰা তামোলবাৰী কাটি তহিলং কৰে। বন বিভাগৰ দলে পুৱাই গিজাং বনাঞ্চলৰ আপাৰ বামুণীগাঁৱৰ পাহাৰত উপস্থিত হৈ চলায় এই উচ্ছেদ অভিযান। 

ইফালে এই উচ্ছেদক কেন্দ্ৰ কৰি বৃহত্তৰ জনজাতীয় অঞ্চলটোত তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় ৷ কোনো আগতীয়া জাননী অবিহনেই এই উচ্ছেদ চলোৱা হৈছে বুলি বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷