Logo
image

সপোন পূৰণ নহ'ল ৰঞ্জনৰ : কইনা নিবলৈ আহি আলহী হ'ল আৰক্ষী থানাৰ

ডিজিটেল সংবাদ, গোৰেশ্বৰ : কইনা নিবলৈ আহি আৰক্ষী থানাৰহে আলহী হ'ব লগা হ'ল দৰা৷ এই ঘটনা সংঘটিত হৈছে গোৰেশ্বৰত৷ নাবালিকাক বিয়া পাতিবলৈ আহি আৰক্ষী থানাৰ আলহী হ'ল তেজপুৰ ৰঙাপাৰাৰ ৰঞ্জন দেৱনাথ।

দৰাৰ বয়স ৩২ বছৰ আৰু কইনাৰ বয়স ১৬ বছৰ। তাতেই লাগিল কেণা। সপোন পূৰণ নহ'ল ৰঞ্জন দেৱনাথৰ। যাৰ বাবে বিয়া পাতিবলৈ আহি আৰক্ষী থানাৰ আলহী হ'ল তেজপুৰ ৰঙাপাৰাৰ পৰা বৰযাত্ৰী হৈ অহা ৰঞ্জন দেৱনাথসহ পৰিয়ালৰ লোক।

তেজপুৰৰ ৰঙাপাৰাৰ পৰা বাক্সাৰ গোৰেশ্বৰলৈ আহিছিল দৰাসহ বৰযাত্ৰীৰ এটি দল। পুৰুষ-মহিলাৰ লগতে শিশু আহিছিল বৰযাত্ৰীহৈ। কিন্তু কইনাৰ বয়স বিবাহৰ উপযুক্ত নোহোৱাকৈ বিবাহ সম্পন্ন হোৱাত গোৰেশ্বৰ আৰক্ষীয়ে দৰা-কইনাৰ লগতে বৰযাত্ৰীসকলক নিশা আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীয়ে অনুসন্ধান কৰি বৰযাত্ৰীসকলক অৱশেষত আজি সন্ধিয়া মুকলি কৰি দিয়ে যদিও দৰা ৰঞ্জন দেৱনাথসহ দৰা-কইনা দুয়োটা পক্ষৰ ছজন লোকক আটক কৰে।