Logo
image

ৰাণীয়ে জন্ম দিলে দুটা পোৱালি : অসম ৰাজ্যিক চিৰিয়াখানাত সিংহৰ সংখ্যা ৭ টা লৈ বৃদ্ধি

ডিজিটেল সংবাদ, গুৱাহাটী : যি সময়ত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ পৰা জীৱ-জন্তু মুকেশ আম্বানীৰ চিৰিয়াখানালৈ নিয়া, চিৰিয়াখানাখন আম্বানীক লিজত দিয়া হ'ব নেকি আদি বিষয় লৈ আন্দোলন অব্যাহত আছে ঠিক সেই সময়তে অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিছে এটা সু-খবৰ।মঙলবাৰে পুৱাই ৰাণী নামৰ সিংহজনীয়ে দুটাকৈ পোৱালি জন্ম দিয়ে। বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাত ৭ টালৈ বৃদ্ধি পালে সিংহৰ সংখ্যা।

ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ' অশ্বিনী কুমাৰে জানিবলৈ দিয়া অনুসৰি সম্প্ৰতি দুয়োটা পোৱালি সুস্থ হৈ আছে। উল্লেখযোগ্য যে পূৰ্বে চিৰিয়াখানাখনত পাঁচটা সিংহ আছিল। উল্লেখ‍্য, চলিত বছৰৰ ১৫ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  চিৰিয়াখানা ভ্ৰমণ কৰি চিৰিয়াখানাখন আকৰ্ষণীয় ৰূপত সজাই তুলিব বুলি কৈছিল। এই সন্দৰ্ভত চিৰিয়াখানা সুৰক্ষা মঞ্চই এক বৈঠক অনুষ্ঠিত কৰে। বৈঠকৰ জড়িয়তে মঞ্চৰ সভাপতি দীপক কুমাৰ পাঠক আৰু সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই অভিযোগ উত্থাপন কৰি কয়- চিৰিয়াখানাখন আকর্ষণীয় ৰূপত সজাই তোলা কাৰ্য চৰকাৰীভাৱে কৰা হ'ব নে আম্বানীক হস্তান্তৰকৰা হ'ব এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰা নাই।

মুখ্যমন্ত্ৰীয়ে চিৰিয়াখানাত পদাৰ্পণ কৰাৰ কিছুদিন পূৰ্বে চিৰিয়াখানাত দিনে-নিশাই কিছুমান বিস্ফোৰক অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ আন্দোলন চলিছিল। উক্ত অভিযোগবোৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সম্পূর্ণ মৌনতা অৱলম্বন কৰিছিল। এই অভিযোগবোৰ ৰাইজৰ পৰা অন্ধকাৰত ৰখা হ'ব নে উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব মুখ্যমন্ত্ৰীয়ে সেই কথা স্পষ্ট কৰক। চিৰিয়াখানাত মুক্ত বিচৰণত থকা শ শ হৰিণ অন্তৰ্ধান হোৱা আৰু বহু আপুৰুগীয়া জন্তু আন্ত:ৰাষ্ট্ৰীয় চোৰাং চিকাৰীক হস্তান্তৰ কৰি ব্যৱসায় চলাই থকা, বিগত ৫ বছৰত চিৰিয়াখানাৰ গড়ালৰ ভিতৰত মৃত্যু হোৱা হাজাৰ হাজাৰ বন্যপ্ৰাণীৰ কোনো তদন্ত কৰা নহ'ল। প্ৰতি বছৰে চিৰিয়াখানাত বন্যপ্ৰাণীৰ বাবে আমদানি কৰা খাদ্যৰ পৰিমাণ কিয় কমি গৈ আছে তাৰ ওপৰতো কোনো তদন্ত কৰা নহ'ল।  আন এক গুৰুত্বপূৰ্ণ অভিযোগ হ'ল- চিৰিয়াখানাৰ সৰ্পগৃহৰ দায়িত্বত থকা ড° জয়াদিত্য পুৰকায়স্থ গুৱাহাটীৰ লাচিত নগৰত থকা বাসগৃহত এনিমেল ক্রাইম ব্রাঞ্চে উদ্ধাৰ কৰা লক্ষ লক্ষ সাপ, জেঠি আৰু ভেকুলিৰ মৃতদেহৰ লগতে অসংখ্য টিউবত সংগৃহীত সাপৰ বিষৰ ওপৰত চলা তদন্ত আধাতে কিয় বন্ধ কৰা হৈছিল? চিৰিয়াখানা আম্বানিক লীজত দিয়া হৈছে নেকি ? স্পষ্ট কৰক। এইবোৰ গুৰুত্বপূৰ্ণ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নীৰৱ ভূমিকা অতি ৰহস্যজনক বুলি মঞ্চই ক্ষোভ প্রকাশ কৰে। ১৬ জানুৱাৰীত অনুষ্ঠিত মঞ্চৰ জৰুৰী বৈঠকে স্পষ্ট কৰি কয় যে- উক্ত তদন্তবোৰ ন'হলেচিৰিয়াখানাখন আকৰ্ষণীয় ৰূপত সজাই তোলা কার্য সম্ভৱ নহ'ব। আনহাতে বৃহৎ চিৰিয়াখানাখনত এজন মাত্র পশু ডাক্তৰ থকা বুলি মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰি চিৰিয়াখানাৰ একমাত্ৰ পশু চিকিৎসালয়খনৰ প্ৰকৃত অৱস্থা দাঙি ধৰিছে ।