Logo
image

জি-২০ৰ বাবে গুৱাহাটীত উচ্ছেদ, কাজিৰঙাও বন্ধ

আমাৰ অসম, ১৯ জানুৱাৰী: গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনক কেন্দ্ৰ কৰি গুৱাহাটী পৌৰ নিগমে চমুকৈ জিএমচিয়ে ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ জি-২০ সন্মিলনক লৈ জিএমচিয়ে গুৱাহাটীত পুনৰ ভঙা-পতাৰ নাটক ৰচনা কৰিছে৷ মহানগৰীৰ হাতীগাঁৱত জিএমচিয়ে প্ৰথমখন নাট মঞ্চস্থ কৰিছে৷ আজি পুৱাৰ ভাগত হাতীগাঁও চাৰিআলিৰ পৰা ভেটাপাৰালৈকে থকা পথৰ দুয়োকাষৰ পদপথৰ অবৈধ দোকান-পোহাৰসমূহ উচ্ছেদ কৰে জিএমচিয়ে৷ জিএমচিয়ে জেচিবিৰে অবৈধ দোকান-পোহাৰসমূহ এফালৰ পৰা উচ্ছেদ কৰে৷ উচ্ছেদৰ সময়ত জিএমচিৰ বিষয়াসকলে দোকানৰ পৰা সামগ্ৰী    উলিয়াই নিবলৈ সময় দিয়া নাই বুলি ব্যৱসায়ীসকলে অভিযোগ কৰে৷ আজিৰ দিনটোত জিএমচিয়ে শতাধিক দোকান-পোহাৰ উচ্ছেদ কৰে৷ ৰাজ্য চৰকাৰৰ যুটীয়া আয়ুক্তৰ নিৰ্দেশমৰ্মে আজি হাতীগাঁও চাৰিআলিৰ পৰা ভেটাপাৰা হৈ খানকালৈকে  উচ্ছেদ অভিযান চলোৱা হয় বুলি জিএমচি বিষয়াই কয় যে আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হৈছে৷ ইতিমধ্যে জিএমচিয়ে অবৈধ বজাৰৰ তালিকা প্ৰস্তুত কৰিছে বুলি জিএমচিৰ বিষয়াজনে জাবিলৈ দিয়ে৷ এই উচ্ছেদ অভিযান জিএমচিৰ নিয়মীয়া উচ্ছেদ অভিযান বুলি উল্লেখ কৰি গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে আজি হাতীগাঁৱত উচ্ছেদ অভিযান চলিছে, কালি গণেশগুৰিত উচ্ছেদ অভিযান চলিব৷ পদপথ আৰু নলা-নৰ্দমা মুকলি কৰিবলৈ এই উচ্ছেদ অভিযান ধাৰাবাহিকভাৱে চলি থাকিব বুলি মেয়ৰ শৰণীয়াই ঘোষণা কৰে৷ অবৈধভাৱে ব্যৱসায় চলাই অহা ব্যৱসায়ীসকলক জিএমচিৰ বিষয়া-কৰ্মচাৰীক ধন আদায় নিদিবলৈ মেয়ৰ মৃগেন শৰণীয়াই আহ৩ান জনাইছে৷ ইপিনে, জিএমচিয়ে উচ্ছেদ কৰাৰ পাছতেই একেটা স্থানত পুনৰ অবৈধভাৱে দোকান-পোহাৰ গঢ় লৈ উঠা পৰিলক্ষিত হয়৷ মূলতঃ মহানগৰবাসীয়ে দেখা পাব গুৱাহাটী পৌৰ নিগমে মঞ্চস্থ কৰা একো একোখন উচ্ছেদৰ নাটক৷ জি-২০১ সন্মিলনৰ অতিথিক আদৰিবলৈ গুৱাহাটী মহানগৰীত উচ্ছেদ অভিযান ধাৰাবাহিকভাৱে চলি থাকিব সেই কথা মেয়ৰৰ ভাষ্যৰ পৰা স্পষ্ট হৈ পৰিছে৷ ইপিনে, জি-২০ সন্মিলন চলি থকাৰ সময়ত কাজিৰঙাত জীপ ছাফাৰি বন্ধ থাকিব বুলি বন বিভাগৰ এটা উচ্ছস্তৰীয় সূত্ৰই সদৰী কৰে৷ উল্লেখ্য, জি-২০ সন্মিলনৰ বাবে অলপতে গুৱাহাটী উন্নয়ন দ৫১১ মন্ত্ৰী অশোক সিংঘালে বাছত উঠি গুৱাহাটী পৰিভ্ৰমণ কৰি অৱস্থাৰ বুজ লৈছিল৷ এই ভ্ৰমণকালত মন্ত্ৰী অশোক সিংঘালে মহানগৰীৰ ৪৮টা ঠাইত অবৈধ বজাৰ আৰু ৯৫৮টা পথত অবৈধ দোকান-পোহাৰ থকাৰ তথ্য লাভ কৰিছিল৷ জি-২০ সন্মিলনৰ পূৰ্বে এই অবৈধ দোকান-পোহাৰ উচ্ছেদ কৰা হ’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰিছিল৷ জি-২০ সন্মিলনৰ বাবেই উচ্ছেদ অভিযান চলাই গুৱাহাটীখনক সুন্দৰকৈ ৰাখিবলৈ জিএমচিয়ে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সম্মিলনক লৈ জি এম চিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ বিভিন্ন ৰাষ্ট্ৰৰ আঢ়ৈশ প্ৰতিনিধিয়ে অংশ ল’বলগীয়া জি-২০ সম্মিলনৰ প্ৰস্তুতি বুজ লোৱাৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ৷ জি-২০ সম্মিলনক কেন্দ্ৰ কৰি গুৱাহাটীৰ পদপথ আগন্তুক দুমাহ মুকলি কৰি ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে৷ আনকি বিদেশী অতিথিক আদৰণি জনোৱাৰ বাবে পদপথৰ ব্যৱসায়ীক উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে৷ শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা মহানগৰীত গুৱাহাটী পৌৰ নিগমে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল৷ পৌৰ নিগমৰ এনফৰ্চমেণ্ট বিষয়াই পদপথ দখল কৰি ব্যৱসায় কৰা ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহক উচ্ছেদ কৰা দেখা যায়৷ উলুবাৰীৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযান জি এছ ৰোড হৈ গণেশগুৰি পৰ্যন্ত চলোৱা হৈছিল৷ গুৱাহাটী পৌৰ নিগমে এবাৰ উচ্ছেদ কৰা ব্যবসায়ীয়ে একেই স্থানত পুনৰ বহিব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰে৷ নিগমে নিৰ্দেশনাটোত উল্লেখ কৰিছে যে যদি উচ্ছেদ কৰা ব্যৱসায়ীয়ে পুনৰ সেই ঠাইত বহে, তেন্তে ব্যবসায়ীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ লগতে তেনে ব্যবসায়ীয়ে জৰিমনাও ভৰিব লাগিব বুলি উল্লেখ আছে উক্ত নিৰ্দেশনাত৷ আনকি, ব্যৱসায়ীৰ দোকানত থকা সকলো সামগ্ৰী পৌৰ নিগমে উঠাই লৈ যাব বুলিও ব্যৱসায়ী সকলক গুৱাহাটী পৌৰ নিগমৰ এনফৰ্টমেণ্ট বিষয়াই সকীয়নি দিছে৷ ইয়াৰোপৰি, কোনো ব্যৱসায়ীয়ে যাতে পদপথত ব্যৱসায় বহোৱাব নোৱাৰে তাৰ বাবে পেট্ৰলিঙৰো ব্যৱস্থা কৰিছে পৌৰ নিগমে৷ সময়ে সময়ে মহানগৰীৰ মূল পথত চলিব পৌৰ নিগমৰ পেট্ৰলিং৷ আগন্তুক ৬ ফেব্ৰুৱাৰীৰ পৰা জ্জ্ব ফেব্ৰুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা জি-২০১ অন্তৰ্গত ৱাই-২০ সম্মিলনৰ বাবেই গুৱাহাটীখন মুকলি কৰি ৰাখিবলৈ গুৱাহাটী পৌৰ নিগমে এনে ব্যৱস্থা গ্ৰহণ কৰিছে৷ অন্ততঃ আগন্তুক দুটা মাহ জি এছ ৰোডৰ পদপথ সম্পূৰ্ণৰূপে মুকলি কৰি ৰাখিবলৈ সকলো পদপথ ব্যৱসায়ীক নিৰ্দেশ দিছে পৌৰ নিগমে৷

কাজিৰঙালৈ আহিব জি২০ৰ ৭৫ প্ৰতিনিধি

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি২০ৰ ২০২২-২৩ বৰ্ষৰ বাবে অধ্যক্ষতাৰ দ্বায়িত্ব লোৱাৰ পিছত আগন্তুক ৪ ফেব্ৰুৱাৰীত জি২০ৰ প্ৰতিনিধি দল কাজিৰঙাত উপস্থিত হ’ব৷ জি২০ৰ প্ৰতিনিধি দল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহাক লৈ বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত গোলাঘাট জিলা প্ৰশাসন তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষ প্ৰস্তুতিত নামি পৰা দেখা গৈছে৷ জি২০ ৰ প্ৰতিনিধি দলটোৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি অভ্যৰ্থনা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন আদি সকলো ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ ওপৰত আলোচনা হয়৷ বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদব, গোলাঘাটৰ উপায়ুক্ত পি উদয় প্ৰবীণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, বন সংমণ্ডল বিষয়া ৰমেশ গগৈ, আৰক্ষী অধীক্ষক ৰমণদীপ কৌৰ আদি উপস্থিতি থাকি জি২০ৰ দলটোক আদৰণি জনোৱা স্থান, অভ্যৰ্থনা কক্ষ, প্ৰদৰ্শনী কক্ষ আদি পৰিদৰ্শন কৰি বুজ লয়৷ মন্ত্ৰীৰ লগতে প্ৰশাসনৰ উক্ত বিষয়ৰ উপস্থিতিত কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত এদিন পূৰ্বে এই উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ ইফালে ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবে জানিবলৈ দিয়া মতে জি২০ৰ ৭৫ জনীয়া প্ৰতিনিধি দলটো আগন্তুক ৪ ফেব্ৰুৱাৰীৰ পুৱা ৯-৩০ বজাত কাজিৰঙাত উপস্থিত হ’ব৷ দিনটো কাজিৰঙাত কটাই আবেলি ৪-৩০ বজাত পুনৰ গুৱাহাটীলৈ উভতি যাব৷ প্ৰতিনিধি দলটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চলত জীপ ছাফাৰী কৰোৱাৰ লগতে কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ তথা হাতীখুলি চাহ বাগিচা দৰ্শন কৰোৱা হ’ব৷ ইয়াৰ উপৰিও কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহত ভাৰতৰ ৰাষ্ট্ৰপতিক দৰ্শন কৰোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা সংৰক্ষণৰ দিশত সফলতাৰে শতবৰ্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস, জৈৱবৈচিত্ৰ্য আদি সমলেৰে নিৰ্মাণ কৰা প্ৰদৰ্শনী জি২০ ৰ দলটোক দৰ্শন কৰোৱাৰো প্ৰস্তুতি চলাই আছে৷ অন্যহাতে ১৯৯৯ চনৰ ২৬ ছেপ্টেম্বৰত ভাৰত, ফ্ৰাঞ্চ, স্পেইন, দক্ষিণ আফ্ৰিকা, ইউৰোপীয় ইউনিয়নকে আদি কৰি বিশ্বৰ ১৯খন দেশৰ প্ৰতিনিধিৰে গঠিত হোৱা জি২০ দলটোক কাজিৰঙাত যাতে কোনোধৰণৰ আতিথ্যত ত্ৰুটি নহয় তাৰ প্ৰতি চৰকাৰে সকলো ব্যৱস্থা নিখুটভাৱে কৰাৰ প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য জি২০ৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব স্থান লাভ কৰিব বুলিও প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবে মত প্ৰকাশ কৰে৷