Logo
image

সেনাৰ বিমানেৰে গোপনে জীৱন সিংহক দিল্লীলৈ

আমাৰ অসম, ১৯ জানুৱাৰী: শান্তি চুক্তি কৰাৰ উদ্দেশ্য আজি কেএলঅ’ৰ প্ৰধান জীৱন সিংহকে ধৰি ৯জন সদস্যক দিল্লীলৈ নিয়া হয়৷ ম্যানমাৰ সীমান্তৰ পৰা চৰাইদেউত উপস্থিত হয় দলটো৷ চৰাইদেউৰ পৰা আৰক্ষীৰ বিশেষ ৯ খনকৈ বাহনৰ কনভয়ৰ জৰিয়তে সোণাৰীলৈ আনে আৰু তাৰ পিছত গুৱাহাটীলৈ নিয়া হয়৷ গুৱাহাটীৰ পৰা শান্তি চুক্তিৰ বাবে দলটোক সেনাৰ বিমানেৰে গোপনে নতুন দিল্লীলৈ নিয়া হয়৷ কেএলঅ’ৰ মুৰব্বী জীৱন সিংহ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত দুদিন পুৰ্বে ম্যানমাৰৰ পৰা আহি মন জিলাৰ সীমান্তৱৰ্তী ২৭ নম্বৰ আছাম ৰাইফল শিবিৰত থাকে৷ তাৰ পিছত অসমত প্ৰৱেশ কৰাৰ পিছত আজি  দিল্লীলৈ উৰা মাৰে৷ ২০২১ চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেএলঅ’ৰ এক গোপন আলোচনা চলি আছিল৷ ১৯৯৫ চনত গঠন হোৱা কমতাপুৰ লিবাৰেচন অৰ্গনাইজেচন চমুকৈ কে এল অ তিনিটা দশক ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ আদায়ৰ দাবীত হাতত বন্দুক লৈ যুঁজ দি আহিছে৷ শেহতীয়াকৈ কেন্দ্ৰই শান্তি আলোচনাৰ প্ৰস্তাৱ দিয়াৰ পিছত সেই প্ৰস্তাৱক আদৰণি জনাই ম্যানমাৰ শিবিৰৰ পৰা ওলাই আহে জীৱন সিংহ৷ অতি গুৰুত্বপূৰ্ণ কথা যে, বিগত কিছুদিন ধৰি পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কেএলঅ’ৰ সৈতে কেন্দ্ৰৰ শান্তি চুক্তিৰ বাতৰি প্ৰকাশ পাইছিল আৰু তেনে বাতৰি ব্যাপক চৰ্চা লাভ কৰিছিল যদিও বহুজনৰ বাবে সেয়া বিশ্বাসযোগ্য নাছিল৷ কিন্তু মঙলবাৰে যেতিয়া জীৱন সিংহ আন ৯জন সতীৰ্থৰ সৈতে গহীন হাবিৰ পৰা ওলাই আহি শান্তি আলোচনাৰ বাবে অগ্ৰসৰ হোৱাৰ খবৰে সকলো স্তৰতে চৰ্চাৰ সৃষ্টি কৰিছে৷ কমতাপুৰ ৰাজ্য গঠনৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ অধিকাৰ আদায়ৰ লক্ষ্যৰে শান্তি চুক্তি লৈ অহা জীৱন সিংহক কোচ ৰাজবংশী জনগোষ্ঠীৰ দল-সংগঠনে আদৰণি জনাইছে৷ বংগৰ আলিপুৰদুৱাৰ জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰাক্তন কেএলঅ’ৰ নেতা-সদস্যসকলে আজি শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে মত বিনিময় কৰা বুলিও জানিব পৰা গৈছে৷ শান্তি আলোচনালৈ জীৱন সিংহ অহা খবৰ পাই তেওঁৰ পৰিয়ালৰ জ্যেষ্ঠ ককাই, ভাই, ভগ্নী আৰু অন্যান্যসকলে আৱেগিক হৈ পৰে আৰু তেওঁৰ পদক্ষেপক প্ৰশংসা কৰে৷ তিনিটা দশক কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলন কৰা জীৱন সিংহ জীৱনৰ অন্তিম সময়ত মাতৃভূমিলৈ ঘূৰি অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, জীৱন সিংহৰ পত্নী জটিল ৰোগত আক্ৰান্ত হৈ কেইবাবছৰ পূৰ্বে নেপালত মৃত্যু ঘটে৷ তেওঁৰ দুই কন্যা বংগত আত্মীয়ৰ ঘৰত থাকি অধ্যয়ন কৰা বুলিও জানিব পৰা গৈছে৷ প্ৰত্যাৱৰ্তন কৰা দলটোত জীৱন সিংহৰ সৈতে বৈদেশিক সচিব জন কোচ, উপ-মুখ্য সেনাধ্যক্ষ পৰভেল কোচ, সূৰ্য কোচ আৰু সাংস্কৃতিক সম্পাদক বিশ্বজিত কোচো আছে৷

কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱাৰ মুৰব্বীৰে মুখ্যমন্ত্ৰী শৰ্মাৰ বৈঠক

বুধবাৰে পুৱাৰে পৰা নতুন দিল্লীৰ অসম হাউছত পৰিলক্ষিত হয় অভাৱনীয় ব্যস্ততা৷ বিগত দুদিন নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আজি দিনৰ প্ৰায় ১১ বজাত সাক্ষাৎ কৰিবলৈ অসম হাউছত উপস্থিত হয় কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ সেই স্থানত উপস্থিত হয় কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকা৷ তিনিওৰে মাজত প্ৰায় এঘণ্টা ধৰি ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷ অৱশ্যে বৈঠকৰ পাছত কোনেও সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰৰ মতে এই উচ্ছস্তৰীয় বৈঠকৰ মূল বিষয় আছিল জীৱন সিংহ আৰু কেএলঅ’ৰ সৈতে সম্পাদিত হ’বলগীয়া শান্তি চুক্তি তথা প্ৰস্তাৱিত কমতাপুৰ৷ আনহাতে, গৃহমন্ত্ৰণালয়ৰ সূত্ৰৰ মতে ২০ বা ২১ জানুৱাৰীত জীৱন সিংহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত প্ৰথমলানি শান্তি আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে শান্তি চুক্তি কেতিয়া স্বাক্ষৰিত হ’ব সেই বিষয়ে এইপৰ্যন্ত কোনো দিন-বাৰ চূড়ান্ত হোৱা নাই৷ সূত্ৰটোৰ মতে জীৱন সিংহ আৰু তেওঁৰ সৈতে অহা কেএলঅ’ৰ ১১জন কেডাৰক বুধবাৰে গৃহ মন্ত্ৰণালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত নতুন দিল্লীলৈ লৈ অনা হয় আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ আতিথ্যত তেওঁলোকক এক গোপন স্থানত সুৰক্ষা বেষ্টনীৰ মাজত ৰখা হৈছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে৷ ইয়াৰ উপৰি নেডাৰ অধ্যক্ষ হিচাপে ড॰ শৰ্মাক আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই আছাম হাউছত সাক্ষাৎ কৰি ৰাজ্যখনত হ’বলগীয়া বিধানসভাৰ আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিস্তৃত আলোচনা কৰে৷ এই বৈঠকতে বিজেপিয়ে ২০খন আৰু নেইফিঅ’ ৰিঅ’ৰ দল এনডিপিপিয়ে ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত চূড়ান্ত হয়৷