Logo
image

অভিযুক্তৰ মুক্তিত ধিক্কাৰৰ ঢৌ, বিজেপিও অস্বস্তিত

আমাৰ অসম, ১৯ জানুৱাৰী: অৰ্ণমাই বৰা হত্যাকাণ্ডৰ অভিযুক্তৰ মুক্তিত সৰ্বত্ৰ উঠিছে ধিক্কাৰৰ ঢৌ৷ কি ৰাজনৈতিক দল, কি ৰাজনৈতিক-অৰাজনৈতিক সংগঠন সকলো স্তম্ভিত৷ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে খোদ অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াই৷ অস্বস্তিত পৰিছে শাসকীয় দল বিজেপিও৷ কিয়নো বিগত বিধানসভা নিৰ্বাচনৰ অন্যতম নিৰ্বাচনী ইচ্ছুৱেই আছিল অৰ্ণমাই বৰা হত্যাকাণ্ড৷ তাৰ পাছতো দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অৰ্ণমাই বৰা হত্যাকাণ্ডৰ দোষী সাব্যস্ত হোৱা লোকৰ শাস্তি লাঘৱ হোৱাত স্বাভাৱিকতেই সৰ্বস্তৰৰ লোকে তদন্তকাৰী আৰক্ষীক ধিক্কাৰ দিছে৷ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ দোষীয়ে শাস্তি লাঘৱ হোৱাৰ পাছত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তদন্তত ভুল হোৱাৰ কথা স্বীকাৰ কৰিছে৷ 

তেওঁ সংবাদ মাধ্যমৰ আগত কয়–অৰ্ণমাই বৰা হত্যাকাণ্ড ঘটনাটো ২০১৭ চনত সংঘটিত হোৱা এটা ঘটনা৷ উক্ত ঘটনাৰ দোষীৰ শাস্তি লাঘৱ হোৱাত মই দুখ পাইছো৷ আমি লক্ষ্য কৰিছোঁ যে ১২০ (বি)/৩৪ ধাৰাটো উক্ত গোচৰটোত যোগ কৰা হোৱা নাছিল৷ ২০১৭ চনত ঘটা উক্ত ঘটনা সন্দৰ্ভত আমি অধ্যয়ন কৰিছোঁ৷ এনে ভুল আৰু কেতিয়াও নকৰোঁ৷ আদালতে কৈছে যে এইটো ‘কমন ইনটেনছন’ আৰু ‘ষড়যন্ত্ৰ’ বুলি বিচাৰি পোৱা নাই৷ উক্ত গোচৰটোৰ ৰায় সন্দৰ্ভত আমি প্ৰত্যাহ্বান জনাম৷ যিটো যুক্তিত দোষীৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা কমাই দিব৷ তদন্তকাৰী বিষয়াই ১২০ (বি) ধাৰাটো লগোৱা উচিত আছিল৷ আমি যাতে এনে ভুল আৰু নকৰোঁ সকলোকে সাৱধান কৰি দিছোঁ৷ 

অৰ্ণমাই বৰা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াটো সন্দেহৰ আঙুলি টোৱাই অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়–অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ৰায়ত আৰক্ষীৰ ব্যৰ্থতা স্পষ্ট হৈ পৰিল৷ আৰক্ষীৰ ব্যৰ্থতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে৷ আৰক্ষীক মাথোঁ সন্ত্ৰাস চলোৱাৰ বাবে ব্যৱহাৰ কৰাৰ ফলত এনে হৈছে৷ মুখ্যমন্ত্ৰীৰ কামৰ হেঁচা বৃদ্ধি হোৱা বুলি তেওঁ কটাক্ষ কৰি গৃহ বিভাগৰ দায়িত্ব এজন দায়িত্বশীল মন্ত্ৰীক দিবলৈ পৰামৰ্শ দিয়ে৷ অৰ্ণমাই বৰাৰ হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়–আইনী ব্যৱস্থাৰ ওপৰত চৰকাৰৰ কোনো কতৃৰ্ত্ব নাই৷ আৰক্ষীয়ে যিখিনি তথ্য দিছে সেইখিনি হয়তো আদালতৰ বাবে পৰ্যাপ্ত নহয়৷ আৰক্ষীয়ে যিখিনি তথ্য দিছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আদালতে ৰায় দিছে৷ অৰ্ণমাই বৰা হত্যাকাণ্ডৰ ৰায়দানক লৈ ইউডিএফ বিধায়ক ৰফিকুল ইছলামে কয়–মুখ্যমন্ত্ৰীসহ বিজেপিৰ বহু নেতাই বহুবাৰ অৰ্ণমাই বৰাৰ নাম লৈছিল৷ কেৱল ঝুমলাবাজি কৰিলে কোনেও ন্যায় নাপায়৷ টকা নিদিলে আৰক্ষীৰ গাড়ীৰ চকা নুঘূৰে৷ আৰক্ষীয়ে সময়মতে আৰু সঠিকভাৱে তদন্ত নকৰিলে অসমৰ জনতাই ন্যায় নাপায়৷ আজিৰ তাৰিখত আৰক্ষীক ঘোচ দিহে এফআইআৰ দাখিল কৰিব লাগে৷ ভুক্তভোগীয়ে আৰক্ষীক টকা নিদিলে গোচৰ ৰুজু নহয়৷